NORTHEAST NOW (Assamese)

শৰতৰ ৰাতি অতি বিতোপন… বিশ্বনাথ ঘাটৰ নতুন গাঁৱত চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

November 13, 2021 4:07 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ

শৰতৰ আগমনৰ লগে লগে মন প্ৰাণ উদ্ভাষিত হৈ উঠে সকলোৰে৷কিয়নো, শৰতৰ লগে লগে আহে ৰাস পূৰ্ণিমা!

ভগৱান শ্ৰীকৃষ্ণৰ কেলি-গোপাল তথা ৰাসক্ৰীড়াক ৰাস পূৰ্ণিমা হিচাপে উদযাপন কৰি আহিছে ৰাজ্যবাসীয়ে ৷

ৰাস পূৰ্ণিমা অহাৰ লগে লগে ৰাস মহোৎসৱ উদযাপন কৰিবলৈ সমগ্ৰ ৰাজ্যবাসী সাজু হৈ পৰিছে ৷

ৰাইজ পিছ পৰি ৰোৱা নাই বিশ্বনাথতো ৷

বিশ্বনাথতো চলিছে কেইবাখনো ৰাসৰ আয়োজনৰ প্ৰস্তুতি ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটতো ৰাসৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে স্থানীয় ৰাইজ ৷

বিশ্বনাথ ঘাটৰ নতুন গাঁৱত চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি ৷

শিশুৰ পৰা আৱাল-বৃদ্ধ বনিতালৈকে সকলো ওলাই আহিছে ৰাসৰ আখৰা থলীলৈ ৷পূৰ্ণোদ্যমে চলিছে ৰাসৰ আখৰা ৷

ক’ভিড প্ৰটকল প্ৰতি লক্ষ্য ৰাখি অহা ২০-২১ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সীমিত নৃত্য-নাটিকাৰে অনুষ্ঠিত হ’ব এই ৰাস ভাগ ৷

উক্ত ৰাসভাগত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে আয়োজক কমিটিয়ে ৷

Related News