ক’ৰণা মহামাৰীৰ ভয়াৱহতাৰ বাবে ক’ভিড প্ৰট’কল ৰক্ষা কৰি এইবছৰ ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ আয়োজন চলিছে পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ।
চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি নগাওঁ জিলাৰ পুৰণিগুদামৰ জলাহগাৱঁৰ ৰাইজ সাজু হৈছে পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ ভাগ উদযাপন কৰিবৰ বাবে।
ইতিমধ্যে শনিবাৰে পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা বিশেষ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দলে উদযাপন সমিতিৰ সকলো বিষয়ববীয়া-সদস্য, ৰাসৰ সকলো অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীকে ক’ভিড-১৯ৰ পৰীক্ষা কৰে।
উল্লেখযোগ্য যে, অহা ৩ আৰু ৪ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া শ্ৰীকৃষ্ণ ৰাস উৎসৱৰ অনুষ্ঠানটিত ৩ তাৰিখে পুৱাৰে পৰা আৰম্ভ হ’ব লগীয়া কাৰ্যসূচী সমূহৰ ভিতৰত ক্ৰমে উষা কীৰ্তন, ধৰ্মধব্বজা উত্তোলন, ভাগৱত ভ্ৰমণ, নাম প্ৰসংগ, গায়ন-বায়ন বাদন আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশা ৯বজাত স্থানীয় নাৰায়ন বৰাৰ পৰিচালনাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ মূল অনুষ্ঠান ভাগ অনুষ্ঠিত হ’ব বুলি ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে সুনীল শইকীয়া আৰু অসীম শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
আনহাতে এই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাত শ্ৰীকৃষ্ণ চৰিত্ৰত প্ৰিয়া শইকীয়া আৰু দিশা শইকীয়াই অভিনয় কৰাৰ লগতে ৰাধাৰ চৰিত্ৰত তৃষ্ণা হাতী বৰুৱা, শংখচূড়ৰ চৰিত্ৰত হিমাদ্ৰী শইকীয়াই অভিনয় কৰিব, লগতে বহু কেইগৰাকী কলা-কুশলীয়ে অন্যান্য চৰিত্ৰত অভিনয় কৰি ভক্তপ্ৰাণ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি সম্পূৰ্ণ আশাবাদী গাওঁ খনৰ সমূহ গঞা ৰাইজ।
ইয়াৰোপৰি ৪ডিচেম্বৰ তাৰিখে নিশা ৯বজাত সূত্ৰধাৰ অজিত শইকীয়া, গুণাৰাম শইকীয়া, বায়ন ধৰণী শইকীয়া, ভাস্কৰ শইকীয়া আৰু প্ৰসন্ন শইকীয়াৰ পৰিচালনাৰে “বঘাসুৰ বধ” নামৰ এখনি অংকীয়া ভাওনাও মঞ্চস্থ হ’ব বুলি জানিব পৰা গৈছে। যি খন অংকীয়া নাটকত প্ৰায় ৩৫গৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰিব জানিবলৈ দিছে পৰিচালক গৰাকীয়ে।
ইয়াকে কেন্দ্ৰ কৰি মহা উৎসৱটিৰ প্ৰাক্ ক্ষণত এতিয়া জলাহগাৱঁৰ নামঘৰত দিনে-নিশাই অব্যাহত থকা ৰাস আৰু ভাওনাৰ আখৰাত যুৱক-যুৱতী-মহিলা সকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
অৱশ্যে পূৰ্বৰ বছৰ সমূহত ঐতিহ্যমণ্ডিত ৰাসখনত ২০০ গৰাকী গোপীয়ে নৃত্য কৰাৰ পৰিবৰ্তে এইবাৰ ক’ভিডৰ ভয়াবহতাৰ বাবে মাথোঁ ৫০ গৰাকী যুৱতী-মহিলাকহে শ্ৰীকৃষ্ণ তথা গোপীৰ নৃত্য কৰিবলৈ চৰকাৰী নীতি-নিয়ম আধাৰত অনুমতি প্ৰদান কৰিছে উদযাপন সমিতিয়ে।
লক্ষণীয়ভাবে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা ভাগ চাবলৈ অহা প্ৰতিগৰাকী দৰ্শককে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰট’কল মতে নামঘৰ প্ৰাঙ্গণত প্ৰবেশৰ পূৰ্বে নিৰ্দিষ্ট ছেনীটাইজেশ্চন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হোৱাৰ লগতে প্ৰতিজন ভক্তপ্ৰাণ দৰ্শককে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।