উদ্যোগপতি ৰতন টাটা, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু লোকসভাৰ প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডাক পিএম-কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে মনোনীত কৰা হৈছে। বুধবাৰে এক চৰকাৰী জাননীত এই কথা প্ৰকাশ কৰা হৈছে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ ফাণ্ডৰ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল।
প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন সদস্যসকলক আদৰণি জনায়। প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ এক বিবৃতিত কোৱা হয়, “প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডৰ নতুন সদস্যসকলক আদৰণি জনায়। “দেশৰ প্ৰাক্তন চিএজি ৰাজীৱ মেহৰিশী, ইনফোচিছৰ প্ৰাক্তন অধ্যক্ষ সুধামূৰ্তি আৰু টিচ ফৰ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক আনন্দ শ্বাহক পুঁজিৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য হিচাবে বাছনি কৰা হৈছে।
প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডে এক বিবৃতিত কয় যে নৱনিযুক্ত সদস্য আৰু উপদেষ্টা মণ্ডলীৰ সদস্যসকলে তেওঁলোকৰ পৰামৰ্শ আৰু সহযোগিতাৰ জৰিয়তে বৃহত্তৰ দৃষ্টিকোণৰ পৰা পুঁজিৰ কাম-কাজ আগবঢ়াই নিব। প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডে এক বিবৃতিত লগতে কয় যে সংকটৰ সময়ত এই বিশেষ পুঁজিৰ জৰিয়তে ৪,৩৪৫ জন লোকক সহায় কৰা হৈছে। দাবী কৰা হৈছে যে ‘পিএম কেয়াৰ্ছ’ কেৱল জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈয়েই নহয়, আন সময়তো সেৱা প্ৰদান কৰিবলৈ প্ৰস্তুত থাকিব।
উল্লেখ্য দেশত কোভিড মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক বিভিন্ন ধৰণে সহায় কৰিবলৈ ২০২০ চনত এই পুঁজি গঠন কৰা হৈছিল। প্ৰধানমন্ত্ৰী ‘পিএম কেয়াৰ্ছ ফাণ্ড’ৰ অধ্যক্ষ। কেন্দ্ৰীয় চৰকাৰে এইটোও কৈছে যে যিসকলে এই পুঁজিলৈ বৃহৎ পৰিমাণৰ দান কৰে তেওঁলোকে ইয়াৰ বাবে আয়কৰ পৰিশোধ কৰিব নালাগে।