• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কুম্বলে, হৰভজনক অতিক্ৰমি অন্য এক কৃতিত্ব গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2021 4:31 pm
Ravichandran Ashwin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত আজি সামৰণি পৰা ভাৰত বনাম নিউজিলেণ্ডৰ অন্তিম টেষ্টত ভাৰতৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এক অনন্য কৃতিত্ব অৰ্জন কৰিছে।

নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত ৪ টাকৈ উইকেট দখল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অশ্বিনে নিউজিলেণ্ডৰ অপেনাৰ উইল ইয়ঙৰ উইকেট দখল কৰি এক ঐতিহাসিক মাইলষ্টনত উপনীত হয়।

Apply Now

৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে সৰ্বাধিক বাৰ কেলেণ্ডাৰ বৰ্ষত ৫০ বা ততোধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত অনিল কুম্বলে আৰু হৰভজন সিঙৰ দৰে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰক অতিক্ৰম কৰে।

এই বৰ্ষৰ সৈতে ৪ বাৰ এটা কেলেণ্ডাৰ বৰ্ষত ৫০ বা ততোধিক টেষ্ট উইকেট দখল কৰি অশ্বিনে নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে। অশ্বিনে ২০১৫, ২০১৬, ২০১৭ আৰু ২০২১ বৰ্ষত ৫০ টা টেষ্ট উইকেট দখল কৰে।

পূৰ্বে এই ক্ষেত্ৰত ভাৰতীয় ৰেক’ৰ্ডৰ গৰাকী আছিল অনিল কুম্বলে আৰু হৰভজন সিঙ। দুয়ো তিনিবাৰকৈ এটা কেলেণ্ডাৰ বৰ্ষত ৫০ বা ততোধিক উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছিল। আন এজন প্ৰাক্তন ভাৰতীয় তাৰকা কিংবদন্তী কপিল দেৱে দুবাৰ এই কৃতিত্ব অৰ্জন কৰিছিল।

টেষ্টখনত অশ্বিনে আন দুটা সফলতাও অৰ্জন কৰে। ভাৰতৰ মাটিত ৩০০ টেষ্ট উইকেট সম্পূৰ্ণ কৰে অশ্বিনে। লগতে অনিল কুম্বলে, শ্বেন ৱাৰ্ন, জেমচ এণ্ডাৰচনৰ দৰে তাৰকা বলাৰক অতিক্ৰম কৰি ঘৰুৱা টেষ্ট শৃংখলাত দ্বিতীয় দ্ৰুততম ৩০০ উইকেট (৪৯ টেষ্ট) দখলকাৰীৰ কৃতিত্ব অৰ্জন কৰে অশ্বিনে। এই ক্ষেত্ৰত তেওঁতকৈ আগত আছে কেৱল শ্ৰীলঙ্কাৰ কিংবদন্তী স্পিনাৰ মুৰুলীধৰণ।

কানপুৰত অনুষ্ঠিত শৃংখলাৰ প্ৰথম টেষ্টত অশ্বিনে হৰভজনক অতিক্ৰম কৰি টেষ্ট ক্ৰিকেটত ভাৰতৰ তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

৪২৬ টা উইকেট লাভ কৰা অশ্বিনে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে কপিল দেৱক অতিক্ৰম কৰাৰ পৰা মাত্ৰ ৯ টা উইকেটৰ দূৰত আছে।

উল্লেখ্য যে দুখন টেষ্টৰ শৃংখলাটোত ভাৰতে আজি দ্বিতীয় টেষ্টত নিউজিলেণ্ডক ৩৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি শৃংখলা দখল কৰে। শৃংখলাটোত ১৪ টা উইকেট দখল কৰাৰ লগতে ৭০ ৰান সংগ্ৰহ কৰা অশ্বিন শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd