• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

আদানীৰ বিৰুদ্ধে অনুসন্ধান নকৰাৰ কাৰণ ফাদিল!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 12, 2024 9:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ হিণ্ডেনবাৰ্গ প্ৰতিবেদন ওলাইছে। এই প্ৰতিবেদনে নতুন বিতৰ্কৰ জন্ম দিছে।আমাৰ সকলোৰে মনত আছে ২০২৩ চনৰ জানুৱাৰী মাহত Hindenburg Researchৰ প্ৰতিবেদনে দেশত কেনে খলকনিৰ সৃষ্টি কৰিছিল। সেই প্ৰতিবেদনত আদানীৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। তাকলৈ সেই সময়ত সংসদৰ উভয় সদন উত্তাল হৈ পৰিছিল।

তেতিয়াই ঘটনা গৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল।কিন্তু নানা ধৰণৰ যুক্তি-তৰ্কৰ মূৰকত উচ্চতম ন্যায়ালয়ে মত দিছিল যে Hindenburg Researchএটা বিদেশী সংস্থা। তাৰ কথাত আমি ইমান গুৰুত্ব দিয়া উচিত নহয়। চেবী এটা দেশীয় সংস্থা। চেবীৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। গতিকে চেবীকে তেওঁলোকে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি তাৰ এটা হেস্ত নেস্ত কৰিবলৈ নিৰ্দ্দেশ দিছিল। তাৰপিছত চেবীয়ে আজি ইটো কালি সিটো কৰি তেওঁলোকৰ অনুসন্ধান পিছুৱাই আছিল।

শেষত চেবীয়ে কৈছিল যে তেওঁলোকে আদানীৰ বিত্তীয় জালিয়াতিৰ কোনো শুংসূত্ৰ বিচাৰি নাপালে। উচ্চতম ন্যায়ালয়েও বাৰু বুলি সিমানতে সকলো সামৰি থ’লে।তেতিয়া কথা তাতেই শেষ হৈছিল। যদিও চেবী আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত পক্ষপাতদুষ্ট আছিল বুলি বহুতেই মন্তব্য কৰিছিল। কিন্তু এতিয়া Hindenburg Researchএ আকৌ নতুন তথ্যপাতি সদৰি কৰিছে।

Apply Now

এইবাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে চেবীৰ অধ্যক্ষ মাধবী পুৰী ব্যাস আৰু তেওঁৰ স্বামী ধোভাল ব্যাস দুয়ো বেনামী কম্পেনীৰ যোগেদি আদানীয়ে বিদেশত ধন সৰবৰাহ কৰা কাৰ্যত জড়িত।এই ভূৱা কম্পেনীবোৰৰ যোগেদি গৌতম আদানীৰ ককায়েক বিনোদ আদানীয়ে বিদেশত টকাৰ লেনদেন কৰিছিল। চেবীৰ মুৰব্বী নিজেই যদি আদানীৰ টকা পইছাৰ লেনদেনত জড়িত তেওঁ কেনেকৈ নিৰপেক্ষভাবে আদানীৰ বিত্তীয় জালিয়াতীৰ অনুসন্ধান কৰিব পাৰে?

সেইকাৰণেই ইমানদিনে চেবীয়ে আদানীৰ বিত্তীয় কেলেংকাৰীৰ অনুসন্ধানত হোহোকাপিছলা কৰি আছে আৰু আদানীৰ প্ৰতি ইমানদিনে উদাৰ মনোভাব লৈ আহিছে।বিদেশত থকা বেনামী সংস্থা সমূহৰ বিত্তীয় লেনদেনৰ প্ৰক্ৰিয়াটো অতি জটিল। কিন্তু আদানীৰ বিত্তীয় লেনদেনত যে এই বেনামী সংস্থা সমূহৰ এক বিশেষ ভূমিকা আছে সেইটো নিশ্চিত। এতিয়া বিভিন্নজনে কোৱাকুই কৰিছে যে চেবীৰ মুৰব্বী হিচাপে শ্ৰীমতী ব্যাসে পালন কৰিবলগীয়া দায়িত্ব আৰু তেওঁৰ নিজৰ বিত্তীয় স্বাৰ্থৰ মাজত এটা সম্পৰ্ক আছে। Hindenburg Researchৰ প্ৰতিবেদনত কোৱা হৈছে যে এতিয়ালৈ আদানীৰ বিত্তীয় কেলেংকাৰীৰ বিষয়ে চেবীয়ে অনুসন্ধান কৰি কি পাইছে তাক পৰীক্ষা কৰাটো অতি জৰুৰী।

হিন্দেনবাৰ্গ প্ৰতিবেদনৰ অভিযোগবোৰ ব্যাস দম্পত্তিয়ে এটা বিবৃতি দি ভিত্তিহীন বুলি কৈছে আৰু লগতে কৈছে যে তেওঁলোকৰ সকলো বিত্তীয় লেনদেন সম্পূৰ্ণ স্বচ্চ আৰু নিকা।তেওঁলোকে কৈছে যে ব্যাস ২০১৭ চনত চেবীৰ পূৰ্ণ কালীন সদস্য হোৱাৰ আগতে আৰু পৰৱৰ্তী সময়ত ২০২২ চনত চেবীৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ আগতেই তেওঁলোকে বিদেশী কোম্পানীত ২০১৫ চনতে ধন বিনিয়োগ কৰিছিল। Hindenburg Researchএ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ব্যাস দম্পত্তীয়ে যে ধন বিনিয়োগ কৰিছিল সেইটো তেওঁলোকে অন্ততঃ এতিয়া মানি ল’বলৈ বাধ্য হৈছে।ইয়াৰ উপৰিও তেওঁলোকৰ বক্তব্যই আৰু বহু নতুন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ জন্ম দিছে।

প্ৰথম কথা, কোনোবাই কাৰোবাৰ বিৰুদ্ধে কিবা এটা অভিযোগ উত্থাপন কৰিলেই মোদী চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে এজেন্সি লগাই অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ বিৰোধী পক্ষৰ লোক হয়। কিন্তু অভিযুক্ত ব্যক্তি গৰাকী যদি চৰকাৰী পক্ষ বা চৰকাৰৰ সমৰ্থক হয় অভিযোগ যিমানেই গুৰুতৰ নহওক কিয় তাক যি কোনো প্ৰকাৰে ঢাকি ৰাখিবলে চেষ্টা কৰা হয়।এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকাও বৰ নিৰাশজনক।এতিয়া হিন্দেনবাৰ্গ ৰিচাৰ্চৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চেবীৰ ভূমিকা সম্পৰ্কে বিৰোধী পক্ষই চেবীৰ অধ্যক্ষৰ পদত্যাগৰ দাবী তুলিছে আৰু বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে।দেখা যাওক চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে এতিয়া কি ভূমিকা লয়।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd