• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোঁৱৰক আই এম ডি টি অধ্যায়: সোণোৱালৰ প্ৰতি আছু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2019 10:18 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

956
VIEWS
Share on FacebookShare on Twitter

একালৰ সতীৰ্থ, বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শুকুৰবাৰে আই এম ডি টিৰ কাহিনী সোঁৱৰাই দিছে আছুৱে।

বিতৰ্কিত আইনখন বাতিলৰ বাবে কিয় যুঁজিছিল সেই প্ৰশ্ন নিজৰ বিৱেকক সুধিবলৈ সোণোৱালক আহ্বান জনাইছে এসময়ত তেওঁক “জাতীয় নায়ক” মুকুট পিন্ধোৱা আছুৱে।

বিদেশীৰ বাবে অনুকূলৰূপে পৰিচিত আইনখন বাতিলৰ বাবে যুঁজি এতিয়া নাগৰিকত্ব বিধেয়কৰ পক্ষ লোৱা বাবেই সোণোৱালক এই প্ৰশ্ন তেঁৱেই এৰি অহা সংগঠনটোৰ।

“কালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মুখ্য মন্ত্ৰীয়ে যিখিনি বক্তব্য আগবঢ়াইছে তেওঁ নিজৰ বিৱেকক এবাৰ প্ৰশ্ন কৰি চাওক যে কিয় আই এম ডি টি আইন বাতিলৰ ক্ষেত্ৰত এসময়ত তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল?” আহ্বান আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ।

ছাত্ৰ সমাজৰ পৰা যোৱা মুখ্য মন্ত্ৰীয়ে তেওঁৰ নিজস্বতা হেৰুৱাই তথা অসম চুক্তিক নস্যাৎ কৰি এই বিলখন জাপি দিবলৈ উঠি-পৰি লাগিছে বুলিও লুৰিনে সোণোৱালক কটাক্ষ কৰে।

গগৈয়ে লগতে কয়, ‘শ্বহীদ সকলৰ ত্যাগৰ প্ৰতি যি শ্ৰদ্ধা দেখাব লাগিছিল সেয়া কৰা নাই। নাগৰিকত্ব সংশোধনী বিলখন জাপি দিবহে বিচাৰিছে।‘

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই সোণোৱালক বুৰঞ্জী বিকৃত কৰা বুলি কৈ লগতে কয় ‘বুৰঞ্জী বিকৃত কৰাটো সহজ, সৃষ্টি কৰাটোহে টান।‘

‘১৯৫০ চনৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহ মন্ত্ৰী বল্লভ ভাই পেটেলে সেইসময়ৰ শৰণাৰ্থী সকলক অসমত সংস্থাপন কৰা কথা মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ওপৰত হেঁচা দিছিল কিন্তু গোপীনাথ বৰদলৈয়ে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে শৰণাৰ্থীৰ বোজা অসমে নলয় বুলি স্পষ্টকৈ কৈ দিছিল।‘ সোণোৱালক এই কথা পুনৰবাৰ উনুকিয়াই দিয়ে সোণোৱালৰ একালৰ সতীৰ্থ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

ইপিনে, এতিয়াও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অবৈধ বাংলাদেশী জাপি দিব বিচাৰিছে কিন্তু তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো বিৰোধিতা কৰা নাই  বুলি স্পষ্টকৈ মত পোষণ কৰি ভট্টাচাৰ্য্যই লগতে কয় ‘সোণোৱালে দিল্লীৰ সুৰেৰে কথা কবলৈ আৰম্ভ কৰিছে।‘

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd