ম্যানমাৰৰ সামৰিক অভ্যুত্থানে অমানিশা নমাই আনিছে ম’ৰে চহৰৰ এইসকল ভাৰতীয় ব্যৱসায়ীৰ জীৱনলৈ

Moreh-2

কেইবামাহ জোৰা লকডাউনৰ অন্তত তেওঁলোকে  স্বস্তিৰ নিঃশ্বাস পেলাইছিলহে মাত্ৰ।

কিন্তু চুবুৰীয়া ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানে পুনৰ তেওঁলোকৰ জীৱনলৈ নমাই আনিছে দুৰ্ঘোৰ অমানিশা।

তেওঁলোক হৈছে ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ম’ৰে চহৰত ব্যৱসায় কৰা ব্যৱসায়ী।

ক’ৰ’ণাৰ সংক্ৰমণক পৰিপ্ৰেক্ষিতত মাহৰ পিছত মাহ ধৰি তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ তেওঁলোকে পুনৰ ব্যৱসায় আৰম্ভ কৰিছিলহে।

ম’ৰে চহৰৰ এই ব্যৱসায়ীসকলৰ পৰা ম্যানমাৰৰ টামু চহৰত বাস কৰা লোকসকলে চাউল দাইলকে ধৰি অন্যান্য সামগ্ৰী ক্ৰয় কৰি আহিছিল।কিন্তু লক ডাউনৰ পিছতে বন্ধ কৰি দিয়া হৈছিল ম’ৰেত থকা ভাৰত-ম্যানমাৰৰ সীমান্ত গেট।

 

১ ফেব্ৰুৱাৰীৰ দিনা সেই গেট খোলাৰ কথা আছিল যদিও সেই দিনটোতে ম্যানমাৰৰ সেনাই দেশ খনৰ নেত্ৰী ন’ৱেল জয়ী আং চান ছ্যুকীকে ধৰি বহু কেইগৰাকী ৰাজনীতিকক আটক কৰি শাসন ভাৰ নিজৰ হাতলৈ নিছিল।

ফলত ম’ৰেৰ সীমান্ত গেট খোলাৰ প্ৰক্ৰিয়াও বন্ধ হৈ পৰিল।লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ম’ৰেৰ ব্যৱসায়ীসকলৰ মূৰতো লগে লগে সৰগ ভাগি পৰিল।

ম’ৰেত এখন সাধাৰণ গোোলামালৰ দোকান দি থকা ব্যৱসায়ী মহ্ম্মদ ফাইজালে লকডাউনৰ পূৰ্বে দোকানৰ পৰা দিনটোত প্ৰায় ৬০০ টকা অৰ্জন কৰিছিল। কিন্তু লকডাউনৰ ফলত সেই আৰ্জন বন্ধ হৈ পৰে।

ম’ৰেৰ সীমান্ত গেট খুলিলে কিবাকৈ দুপইচা হাতলৈ আহিব বুলি ভাবি থকা ফাইজালৰ সকলো আশাত চেঁচাপানী ঢালিলে ম্যানমাৰৰ সামৰিক অভুত্থানে।

ধনৰ অভাৱত এতিয়া ফাইজালে তেওঁৰ কণমানি সন্তান কেইটিক দাইলৰ পানীহে খুৱাবলগীয়া হৈছে। ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ ফলত ম’ৰেত ব্যৱসায় কৰা প্ৰায় ২০০ ভাৰতীয় ব্যৱসায়ী একে সমস্যাৰে মুখামুখি হ’বলগীয়া হৈছে।

ম’ৰেৰ সীমান্তৰে সৌসিদিনালৈ প্ৰায় ৫০ নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় হৈ আহিছিল। ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত বাণিজ্য সম্পৰ্কীয় এখন চুক্তি ২০১০ চনতে স্বাক্ষৰিত হৈছিল। ২০১২ চনত চুক্তিখন পুনৰ বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল।

উক্ত চুক্তি মৰ্মে ৬২ বিধ সামগ্ৰী দুয়ো খন দেশৰ মাজত ক্ৰয়-বিক্ৰয়ৰ বাট মুকলি হৈছিল।ম’ৰে সীমান্তৰে আনকি উক্ত ৬২ বিধ সামগ্ৰীৰ বাহিৰেও আন সামগ্ৰীৰো ক্ৰয়-বিক্ৰয় হৈ আহিছে।

তেনেস্থলত সীমান্তৰ ব্যৱসায় বন্ধ হৈ পৰাত এতিয়া ম’ৰেৰ স্থানীয় ভাৰতীয় ব্যৱসায়ীসকলৰ অৱস্থা পানীত হাঁহ নচৰা যেন হৈ পৰিছে।

তেওঁলোকে আশা কৰিছে ম্যানমাৰলৈ শান্তি উভতি আহিব আৰু তেওঁলোকেও পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব।