• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ মহাবিদ্যালয় সপ্তাহসমূহত প্ৰতিযোগীৰ নিম্নগামী সংখ্যা কিহৰ ইংগিত?

শিৱজিত দত্ত by শিৱজিত দত্ত
January 23, 2019 2:35 pm
College Week

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

আমি মহাবিদ্যালয়ৰ ছাত্ৰ হৈ থাকোতে মহাবিদ্যালয় সপ্তাহ আছিল আমাৰ বছৰজোৰা প্ৰতীক্ষাৰ অন্তত অহা এক উত্তেজক উৎসৱ, এক শিহৰণৰ সমাহাৰ। প্ৰতিযোগিতাত অংশ ল’লেও-নল’লেও অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ চুকে-কোণে পিয়াপি দি ফুৰিছিল। প্ৰতিযোগিতাত অংশগ্ৰহণ আছিল পৰ্যাপ্ত আৰু দৰ্শকো আছিল যথেষ্ট। কোনো প্ৰতিযোগিতাত পুৰস্কৃত হ’ব পাৰিলে মন-প্ৰাণ ভৰি উঠিছিল, আত্মবিশ্বাস এঢাপ ওপৰলৈ উঠিছিল, জীৱনৰ মৌজোল এটোপা জিভাত পৰা যেন লাগিছিল।

শেহতীয়া কিছুবছৰ ধৰি অসমৰ মহাবিদ্যালয়সমূহে অনুষ্ঠিত কৰা বাৰ্ষিক ক্ৰীড়া সপ্তাহবোৰত আগৰ সেই উখল-মাখল পৰিৱেশ নাই, অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে হয় হামিয়াই-হিকটিয়াই, নহয় ফেইচবুক-হোৱাটচএপ্ কৰি, নিৰ্দিষ্ট দিনকেইটা পাৰ কৰি দিয়ে। অৰ্থাৎ সেই দিনকেইটা তেওঁলোকে ছূটীৰ দিন হিচাপে গ্ৰহণ কৰে। খুব কমসংখ্যক ছাত্ৰ-ছাত্ৰীৰ বাবেই যেন লাখ লাখ টকাৰ শৰাধ কৰা হয়। কেতিয়াবা কুইজ, তৰ্ক  আদিৰ লেখীয়া কোনো কোনো প্ৰতিযোগিতা প্ৰতিযোগীৰ অভাৱত বাতিলো কৰিব লগা হয়। মহাবিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষামূলকভাৱে নানান কলা-কৌশল অৱলম্বন কৰে ক্ৰীড়া সপ্তাহত উপস্থিতি বঢ়াবলৈ। পিছে, মূৰকত সকলো গালোঁ-বালোঁ খোলাকুটিৰ তাল হয়গৈ। এই পৰিস্থিতিৰ কাৰণ, তাৎপৰ্য আৰু পৰিণাম কি?

এটা কাৰণ নিশ্চয় এই যে গণ-মাধ্যমৰ ব্যাপক প্ৰসাৰ আৰু চেলুলাৰ ফোনৰ বিপুল পয়োভৰে মনোৰঞ্জনৰ ব্যাপক-বিচিত্ৰ উপায় আৰু ক্ষেত্ৰ প্ৰস্তুত কৰিছে আৰু তাৰ সমুখত আপেক্ষিকভাৱে মৃদু, নাতিশীতোষ্ণ, লেহেমীয়া আৰু চমক-বিৰল মনোৰঞ্জনৰ পুৰণা আহিলা আৰু উপায়সমূহে ঠাৱৰিবলৈ আহুকাল পাইছে। টিভি চেনেলৰ চিকমিকিয়া ৰিয়েলিটি শ্ব’ৰ সমুখত আমাৰ পুৰণা ভেশছন প্ৰতিযোগিতা বা কইনা প্ৰতিযোগিতা কেনেকৈ তিষ্ঠি থাকে?

আন এক কাৰণ এই যে বিশ্বায়নী পুঁজিবাদৰ ধাক্কা দেৰিকৈ লগা অসমৰ আজিৰ তৰুণ-তৰুণীচামৰ চকুৰ সমুখত জিলমিল কৰি থকা জগতখনে তেওঁলোকক অহৰহ সঁকীয়াই থাকে যে অজস্ৰ টকা ঘটিব নোৱাৰিলে জীৱন অসাৰ্থক। “টকাই সত্য, বাকী মিথ্যা!” গতিকে হাই জাম্প্-লং জাম্প্ আদিত লাভ কৰা  সাধাৰণ ট্ৰফী আজি আৰু আগৰদৰে অমলিন আনন্দৰ কাৰণ হ’ব নোৱাৰে। “মেই বনুংগা কৰোড়পতি”-ৰ স্বপ্নই নিদ্ৰা হৰণ কৰা যুৱকক এশ-ডেৰশটকীয়া ট্ৰফীয়ে কি প্ৰশান্তি দিব? “কৌন বনেগা কৰোড়পতি” অনুষ্ঠান চাই এঘণ্টাতে কেইটামান প্ৰশ্নোত্তৰৰ বিনিময়ত লক্ষ লক্ষ টকাৰ মালিক হৈ পৰা সপোনসম ঘটনা চকুৰ আগতে দেখা তৰুণ-তৰুণীয়ে কি স’তে এশটকীয়া কিতাপ এখনৰ বাবে কুইজ প্ৰতিযোগিতাত অংশ ল’ব আহিব?

তৃতীয় কাৰণ চাগৈ এই যে কষ্টেৰে, দক্ষতা আহৰণেৰে জীৱনত প্ৰতিষ্ঠা লভাৰ পৰিৱৰ্তে ইজি মানিৰ পিছত দৌৰাৰ এক সামাজিক বাতাৱৰণৰ প্ৰভাৱ। তৰুণ-তৰুণীয়ে চকুৰ সমুখত দেখি আহিছে যে বিশেষ প্ৰতিভাহীন মানুহেই কেনেবাকৈ অজস্ৰ টকা ঘটিছে আৰু টকাৰ বলত সমাজত প্ৰতিপত্তিও লাভ কৰিছে;  এনে যশস্বী প্ৰতিভাহীনক আৰ্থিকভাৱে টেটেৰা-মেমেৰা প্ৰতিভাশালী লোকেই ভয়ে-বিনয়ে গামোচা পিন্ধাইছে। এতেকে মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতাকে ধৰি আন তেনে প্ৰতিযোগিতাতো অংশগ্ৰহণেৰে তিল-তিলকৈ প্ৰতিভা গঢ়াৰ সকাম কি?

চতুৰ্থ কাৰণ হিচাপে এইটোকো ল’ব পাৰি যে বিগত দশকবোৰত অসমৰ সমাজ-আকাশ ক্ৰমশঃ পুঁজিবাদী সংস্কৃতিয়ে ছানি ধৰাত গাইগুটীয়া, আত্মকেন্দ্ৰিক মনোভাৱ দেদীপ্যমান হৈ উঠিছে আৰু সি আমাৰ নতুন প্ৰজন্মক সামাজিক চিন্তা, অনুশীলন আদিৰ পৰা ক্ৰমাৎ আঁতৰাই নিছে। মহাবিদ্যালয়ত বা গাঁৱৰ পথাৰত কাবাদী খেলিব যোৱাতকৈ হয় টিভিৰ নহয় ম’বাইলৰ পৰ্দাৰ সমুখত নিবিষ্ট হৈ থাকিলে অধিক বিনোদন সম্ভৱ বুলি তেওঁলোক পতিয়ন গৈছে।

অৰ্থাৎ বিশ্বায়নী-পুঁজিবাদী সংস্কৃতিৰ দিগ্বিজয়ৰ সমুখত আমাৰ থলুৱা সংস্কৃতিৰ আত্মসমৰ্পণেই হৈছে অসমৰ মহাবিদ্যালয় সপ্তাহসমূহত ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতিৰ এক অন্যতম ভিতৰুৱা কাৰণ। অথচ এনে ক্ৰীড়া সপ্তাহৰ লগতে সেইলেখীয়া প্ৰতিযোগিতাবোৰ আৰু তাক উপলক্ষ হিচাপে লৈ কৰা অনুশীলনবোৰ হৈছে মানৱ-সম্পদ গঢ়াৰ একো একোটা কমাৰশাল। এই সৰু সৰু কমাৰশালবোৰ অকামিলা হৈ পৰিলে বৃ্হত্তৰ জাতীয় ক্ষতি অনিবাৰ্য হৈ পৰে।

কোৱা বাহুল্য, এই বিফল ক্ৰীড়া সপ্তাহবোৰ আমাৰ জাতীয় শৌৰ্যহীনতাৰে সূচক। আমি এক শাৰীৰিক-মানসিক-বৌদ্ধিক-শৈল্পিকভাৱে দুৰ্বল-নিৰ্বল সদস্যৰে ভৰা জাতি এটাত পৰিণত হ’বলৈ আগ বাঢ়িছোঁ। বহু বহিৰাগত প্ৰত্যাহ্বানে কোবাই থকা জাতিটো ভিতৰৰ পৰাও ক্ষয় ৰোগত আক্ৰান্ত হ’ব ধৰিছে! শুভচেতনা গজিব কেতিয়া?

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

ইমেইল- [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd