• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰাৰ আসোঁৱাহ পৰীক্ষাৰ নিৰ্দেশ দি হাজেলালৈ মহাপঞ্জীয়কৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 8:58 am
Upamanyu-Hazarika-570x320

অধিবক্তা উপমন্যু হাজজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই দাখিল কৰা এখন বিতং স্মাৰক-পত্ৰৰ ভিত্তিত ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। হাজৰিকাই স্মাৰক-পত্ৰৰ জৰিয়তে দৃষ্টিগোচৰ কৰা এন আৰ চি সংক্ৰান্তীয় আসোঁৱাহ আৰু বিসংগতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোৰ পৰীক্ষাৰ বাবে ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে  হাজেলালৈ পত্ৰখন প্ৰেৰণ কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰাত বহু ঘোষিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাকে ধৰি বিভিন্ন বিসংগতি পোহৰলৈ অহাৰ পিছত ৰাজ্যৰ বহুকেইটা দল-সংগঠন সৰৱ হৈ থকাৰ সময়তে বিষয়বোৰ পৰীক্ষা কৰাৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ মহাপঞ্জীয়কে।

Apply Now

মহাপঞ্জীয়কৰ পত্ৰখনত হাজেলাক এই পৰীক্ষাৰ অন্তত অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। উক্ত পত্ৰখনৰ এটা প্ৰতিলিপি অধিবক্তা উপমন্যু হাজৰিকালৈয়ো প্ৰেৰণ কৰিছে। যোৱা ৭ ছেপ্টেম্বৰত মহাপঞ্জীয়কৰ কাৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰখন বৃহস্পতিবাৰে লাভ কৰাৰ পিছত হাজৰিকাই এই বিষয়ে সংবাদ মাধ্যমত সদৰী কৰে।

উল্লেখযোগ্য যে  এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত ৰৈ যোৱা বিভিন্ন বিসংগতি আৰু আসোঁৱাহৰ কথা আঙুলিয়াই দি অধিবক্তা হাজৰিকাই যোৱা ২৬ আগষ্টত ভাৰতৰ মহাপঞ্জীয়কলৈ ১৬০ পৃষ্ঠাৰ স্মাৰক-পত্ৰখন প্ৰেৰণ কৰিছিল। বিভিন্ন জিলাত ধৰা পৰা বিসংগতিৰ তথ্য সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰা স্মাৰক-পত্ৰখনৰ জৰিয়তে অধিবক্তা হাজৰিকাই ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ক এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ এটা নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল।

হাজৰিকাই তেওঁৰ স্মাৰক পত্ৰখনত উল্লেখ কৰিছিল যে ৰাজ্যখনৰ সীমান্তৱৰ্তী আৰু প্ৰব্ৰজনকাৰী অধ্যুষিত জিলাকেইখনত পুনৰ পৰীক্ষণ কৰা দৰকাৰ, কাৰণ এই জিলাকেইখনত এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা আবেদনকাৰীৰ শতকৰা হাৰ ৰাজ্যিক হাৰতকৈ বহু বেছি। তেওঁৰ মতে ক্ষেত্ৰ পৰীক্ষণৰ সময়ত বহু বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। বিভিন্ন নথি-পত্ৰৰ পৰীক্ষা, বংশবৃক্ষৰ পৰীক্ষা আদি কৰাৰ পিছতো বহু জিলাত সহস্ৰাধিক ঘোষিত বিদেশী আৰু ‘ডি’ ভোটাৰৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে।

তদুপৰি, হাজৰিকাই লিগেচী ডাটা অমিল হোৱাৰ পিছতো বহু লোকৰ নাম তিনিজন স্থানীয় লোকৰ জবানবন্দীৰ ভিত্তিত এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি   উল্লেখ কৰিছিল। হাজৰিকাই উল্লেখ কৰা মতে এন আৰ চিৰ সকলো নথি-পত্ৰ ডিজিটাইজড কৰা হৈছে যদিও ক্ষেত্ৰীয় পৰীক্ষণৰ প্ৰতিবেদন আৰু জবানবন্দীৰ ডিজিটাইজেচন কৰা হোৱা নাই।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd