• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“BTAD-ৰ কোনো কোনো অঞ্চলত অবড়ো লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে”, নৱ শৰণীয়া

"অবড়ো শংকিত হ’ব নালাগে, বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ নীতি প্ৰযোজ্য হৈ থকা নাই; চৰকাৰৰ কৌশল এনেকুৱা,- যদি আমাক ভোট নিদিয়ে আমি উচ্ছেদ কৰিম”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 3, 2020 5:05 pm
Naba Sarania

দিচপুৰ প্ৰেছক্লাবত সংবাদমেল সাংসদ নৱ শৰণীয়াৰ। ৩ জানুৱাৰি, ২০২০-ত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অজনজাতি বা অসুৰক্ষিত শ্ৰেণীৰ লোকক উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সাংসদ নৱ শৰণীয়াই কয়, এনেকুৱা ৰাজনৈতিক কৌশল কৰা হৈছে যে “যদি আমাক ভোট নিদিয়ে আমি উচ্ছেদ কৰি দিম” জাতীয় ভাবুকিৰ সৃষ্টি কৰা হৈছে।

বি টি এ ডিত অবড়ো লোকক উচ্ছেদৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয়, “ভিতৰুৱাভাবে গম পাইছো বি টি এ ডিৰ কোনো কোনো অঞ্চলত অবড়ো লোকক উচ্ছেদৰ বাবে জাননী জাৰি কৰা হৈছে”।

Apply Now

দিচপুৰ প্ৰেছ ক্লাবত দিয়া সংবাদমেলত কোকৰাঝাৰ সমষ্টিৰ সাংসদজনে বিটিচিৰ পৰা অবড়ো তথা আজনজাতীয় লোকক যাতে উচ্ছেদ কৰিব নোৱাৰে তাৰ বাবে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব বুলি জনায়।

“অবড়ো লোকসকল শংকিত হ’ব নালাগে। ২০০৪ চনতো বিটিচিৰ পৰা অবড়ো, অজনজাতীয় লোকক উচ্ছেদ কৰিব বিচৰা হৈছিল, উচ্ছেদৰ বাবে বাৰেপতি ষড়যন্ত্ৰ কৰা হৈছিল। কেইবাবাৰো হুংকাৰ দিয়া হৈছিল উচ্ছেদ কৰিব বুলি। চাপাইগুৰি অঞ্চলত এতিয়ালৈকে মাটিৰ পাট্টা দিয়া নাই। বিটিচিত ট্ৰাইবেল বেল্ট আৰু ব্লক প্ৰযোজ্য হৈ থকা নাই”, শৰণীয়াই কয়।

তেওঁ লগতে কয় যে কিছুমান লোক ১৯৪৭ চনৰ আগৰ পৰাই আছে আৰু সেইসকল এই উচ্ছেদৰ আওতাত নপৰিব।

তেওঁ আগন্তুক বি টি চি নিৰ্বাচনক ইংগিত কৰি কয়, অহা এপ্ৰিল মাহত বি টি এ ডিত ৰাজনৈতিক পৰিৱৰ্তন হ’বলৈ গৈ আছে। তেওঁৰ নেতৃত্বত বিটিচি চৰকাৰ গঠন হ’লে ভূমিহীন অবড়ো লোকক ভূমিৰ পট্টা দিয়া হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

“অবড়ো লোকক লৈ ৰাজনৈতিক কূটকৌশল নকৰিবলৈ বিটিচি চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছো। ইয়াৰ জবাব দিয়া হ’ব”, সাংসদজনে কয়।

আনহাতে অসমীয়া ভাষাক অলপতে বিজেপি চৰকাৰে ৰাজ্যভাষাৰ স্বীকৃতি দিয়া হ’ব বুলি কৰা ঘোষণা সন্দৰ্ভতো মন্তব্য কৰে সাংসদ শৰণীয়াই।

তেওঁৰ মন্তব্য, অসমীয়া ভাষা আগৰ পৰাই ৰাজ্যভাষা হৈ আছে। বি টি এ ডিতো অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে থকাটো বিচাৰো। ভাষাৰ ক্ষেত্ৰত জাতিৰ কথা নাহে। ৮১ শতাংশ লোকে অসমীয়াকে মাধ্যম ভাষা হিচাপে লৈ আহিছে”।

অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক আক্ৰমণ কৰি নৱ শৰণীয়াই কয়, “প্ৰমীলা ৰাণীয়ে মিছা মতা বন্ধ কৰক। অসমৰ সংকট কালত বড়ো-অবড়ো হিচাপে ভাগ কৰাটো আমিও নিবিচাৰো”।

“ষষ্ঠ অনুসূচী অহাৰ পাছত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ কথা কেতিয়াও নাহে। তেওঁলোকৰ হাতৰ পৰা ইতিমধ্যে ট্ৰাইবেল ব্লক আৰু বেল্ট নাইকিয়া হৈ গৈছে। বি টি এ ডি চৰকাৰে CAA সমৰ্থন কৰাৰ কাৰণটো হৈছে ষষ্ঠ অনুসূচীৰ অঞ্চলত এইখন প্ৰযোজ্য নহয়। এই CAA-ৰ জৰিয়তে বাঙালী লোকক বি টি এ ডিৰ পৰা আঁতৰাব পাৰিব বুলি ভাবিছে। এইটো কেতিয়াও সম্ভৱ নহয় আৰু মানি ল’ব নোৱাৰি”, শৰণীয়াৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd