DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাত পতিতৰ আত্মীয়ৰ কাণ্ড : জীয়াই থকা বুলি মৃতদেহ মৰ্গৰ পৰা উলিয়াই ঘূৰালে দুই-তিনিখন হস্পিটেল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2018 10:55 pm
জন বৰ্মন। ফাইল ফটো।

জন বৰ্মন। ফাইল ফটো।

646
VIEWS
Share on FacebookShare on Twitter

দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা এজন যুৱকৰ মৃতদেহ আত্মীয়ই জীয়াই থকা বুলি দাবী কৰি মৰ্গৰ পৰা উলিয়াই নি চিকিৎসাৰ বাবে চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰাই ফুৰাৰ দৰে এটা হৃদয়বিদাৰক ঘটনা ঘটিলে গোসাঁই গাৱঁত।

জানিব পৰামতে, বঙাইগাৱঁৰ বীৰঝৰা মহাবিদ্যালয়ৰ ছাত্ৰ জন বৰ্মন কালি পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন ট্ৰেকটৰে খুন্দিওৱাৰ ফলত মৃত্যু হৈছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক লগৰ ছাত্ৰকেইজনমানে তেওঁক বঙাইগাওঁস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তেতিয়া আবেলি প্ৰায় ৩.৩০ বাজিছিল।

কিন্তু মাক আৰু আত্মীয় আহি পাই মৰ্গত থকা মৃতদেহ স্পৰ্শ কৰি চাই শৰীৰত উত্তাপ থকা পায়। আনকি তেওঁলোকে মৃতদেহটোৱে লৰচৰ কৰা বুলিও দাবী কৰে। পৰিয়ালৰ লোক আৰু কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই লৈ চিকিৎসালয়খনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে চিকিৎসালয় কৰ্তৃপক্ষক চিকিৎসা কৰিবলৈ দাবী কৰে।

কিন্তু চিকিৎসকে তাৰ পিছতো যুৱকজনক মৃত বুলি পূৰ্বে কৰা ঘোষণাত দৃঢ় হৈ থকাত পৰিয়ালে জোন বৰ্মনৰ মৃতদেহটো মৰ্গৰ পৰা বলপূৰ্বকভাৱে উলিয়াই চিকিৎসাৰ বাবে ল’ৱাৰ আছাম হস্পিটেলত ভৰ্তি কৰে৷

কিন্তু তাতো ছাত্ৰজনক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷ ইয়াতো হতাশ নহৈ পৰিয়ালৰ লোকে মৃতদেহটো গুৱাহাটীলৈ লৈ আনে। কিন্তু গুৱাহাটীতো যুৱকজনক মৃত বুলি ঘোষণা কৰাৰ পিছত আজি মৃতদেহ নিজা ঘৰ কোকৰাঝাৰৰ  গোসাঁই গাৱঁলৈ নি দাহ কৰে পৰিয়ালৰ লোকে।

স্থানীয় এজন লোকে কয় যে দুৰ্ঘটনাত পতিত যুৱকজনৰ হঠাতে হোৱা মৃত্যুক সহজভাৱে ল’ব নোৱাৰিয়ে পৰিয়ালৰ লোকে মৃতদেহ মৰ্গৰ পৰা উলিয়াই আনি দুই-তিনিখনকৈ চিকিৎসালয় ঘূৰাই ফুৰায়।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd