NORTHEAST NOW (Assamese)

উত্তৰ-পূবৰ ফ্লেট ক্ৰেতা সকলৰ বাবে সকাহ : হস্তান্তৰত এবছৰৰ অধিক বিলম্ব হ’লেই উভতাই বিচাৰিব পাৰিব ধন

May 17, 2019 12:59 pm · এন ই নাও নিউজ

উত্তৰ-পূবৰ গৃহ ক্ৰয় কৰাসকলৰ বাবে এটা ভাল খৱৰ। এতিয়া গৃহ হস্তান্তৰ কৰাত বিক্ৰেতাসকলে এবছৰৰ দেৰি কৰিলেই ফ্লেট ক্ৰয় কৰা গ্ৰাহকসকলে তেওঁলোকৰ আদায় দিয়া ধন উভতাই বিচাৰিব পাৰিব।

ফ্লেট ক্ৰেতাসকলক বৃহৎ সকাহ দি প্ৰদান কৰা এক যুগান্তকাৰী ৰায়ত বৃহস্পতিবাৰে নেশ্যনেল কনজিউমাৰ ডিছপ্যুটছ ৰিড্ৰেছেল কমিশ্যনে (এন চি ডি আৰ চি) প্ৰকাশ কৰিছে যে যদি প্ৰকল্পটো এবছৰতকৈ বেছি বিলম্ব হয় তেতিয়াহ’লে গৃহ ক্ৰয় কৰা গ্ৰাহকসকলে নিৰ্মাণকাৰীৰ পৰা তেওঁলোকৰ ধন উভতাই বিচাৰি দাবী কৰিব পাৰিব।

মন কৰিবলগীয়া যে, বিশেষকৈ গুৱাহাটীত কেইবাটাও প্ৰকল্প নিৰ্মাণত অযথা বিলম্ব হোৱাৰ বাবে ফ্লেট ক্ৰয় কৰা সকলে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

এন চি ডি আৰ চিয়ে এটা এপাৰ্টমেন্ট বিলম্ব হোৱাৰ বাবে হস্তান্তৰত ব্যৰ্থ হ’লে গৃহ নিৰ্মাতাই গ্ৰাহকক ধন উভতাই দিয়াটো বাধ্যতামূলক কৰিছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি এন চি ডি আৰ চিয়ে ইয়াৰ নিৰ্দেশত প্ৰকাশ কৰিছে যে ‘’এতিয়া এইটো নিশ্চিত যে ক্ৰেতাই হস্তান্তৰত অযথা বিলম্ব হ’লে, বিশেষভাৱে এবছৰৰ অধিক হ’লে ধন ঘুৰাই বিচৰাৰ অধিকাৰ আছে।‘’

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয় তথা বিভিন্ন উপভোক্তা আদালতে হস্তান্তৰত অযথা বিলম্ব হোৱাৰ বাবে ফ্লেট ক্ৰয় কৰা গ্ৰাহকসকলে ভূগিবলগীয়া হাৰাশাস্তিৰ সন্দৰ্ভত ৰায় দি আহিছে যদিও এতিয়ালৈকে ধন উভতাই পোৱাৰ ক্ষেত্ৰত কোনো সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়া নাছিল।

এন চি ডি আৰ চিয়ে ইয়াৰ নিৰ্দেশটোত লগতে কৈছে যে গৃহ হস্তান্তৰত এবছৰতকৈ অধিক পলম কৰিলে গৃহ নিৰ্মাতাই গ্ৰাহকক ১০ শতাংশ সুত সহ গোটেই ধন উভতাই দিব লাগিব।

Related News