NORTHEAST NOW (Assamese)

বিকল্পৰ আশাত কেজৰিৱালৰ চেঁচা পানী: লক্ষীৰ আশীৰ্বাদ নিৰ্ভৰ বিকল্প বিকাশৰ মডেল

October 29, 2022 1:38 pm · ড° অপূৰ্ব কুমাৰ বৰুৱা

আম আদমী দলে দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ উগ্ৰ ৰাজনীতি আৰু প্ৰশাসনীয় দুৰ্নীতি দুয়োটাকে নিয়ন্ত্ৰণত ৰাখি ক্ষমতাৰ বাঘজৰী নিজৰ হাতত ৰাখি এক নতুন পদ্ধতিৰে শিক্ষা, স্বাস্থ্য আদি বিষয় সমূহত বিকাশৰ এক ধাৰা আৰম্ভ কৰাৰ ফলত আম আদমী দলটো মোডীৰ মুৰৰ কামোৰণিৰ কাৰণ হোৱাটোত সন্দেহ নাই।

পাঞ্জাবৰ নিৰ্বাচনত আম আদমী পাৰ্টি জয়ী হোৱাৰ পাছত আৰু গুজৰাটত হব লগা নিৰ্বাচনত এই দলৰ কৰ্মকৰ্তা (কাৰ্যকৰ্তা পদটো সদ্যহতে হিন্দী-হিন্দু-ব্ৰাহ্মণ্য ৰাজনীতিৰ বাক ধাৰাত প্ৰৱল হৈ পৰা বাবে অসমীয়া ভাষাপ্ৰেমী সকলে কৰ্মকৰ্তা পদটো ব্যৱহাৰ কৰিলে ভাল বুলি বোধ হৈছে!) সকলৰ উৎসাহ আৰু অৰৱিন্দ  কেজৰীৱালৰ বাকচতুৰ্য্যই সৃষ্টি কৰা পৰিৱেশত এই দলৰ ৰাজনীতিয়ে হিন্দুত্বৰ সাম্প্ৰদায়িক ফেচীবাদক ৰোধ কৰিব পাৰিব বুলি এটা ধাৰণা ভাৰতীয় ৰাজনৈতিক মহলৰ এচামৰ মাজত গঢ় লোৱা দেখা গৈছে।

শিক্ষিত যুৱক-যুৱতীৰ এটা অংশই আম আদমীৰ মাজত এক আশাৰ ৰেঙণি দেখিছে। অসমতো মিউনিচিপেলিটিৰ নিৰ্বাচনত কিছু ভাল ফল দেখুৱা এই দলটোৰ প্ৰতি শিক্ষিত যুৱক-যুৱতীৰ আগ্ৰহ দেখা গৈছে।পাছে সাৱধান হবৰ হ’ল। ভালেমান সচেতন ৰাজনৈতিক বিশ্লেষকে এই দলটোৱে সাম্প্ৰদায়িক ফেচীবাদক ৰোধ কৰিব  নোৱাৰিব বুলি মত প্ৰকাশ কৰিছে। এওঁলোকে কব খোজে নিৰ্বাচনত জয়লাভৰ আশাৰে আম আদমী দলে এক ধৰণৰ কোমল হিন্দুত্বৰ শ্লোগান ব্যৱহাৰ কৰাৰ ফলত ই ফেচীবাদ বিৰোধী গণতান্ত্ৰিক ঐক্যৰ প্ৰচেষ্টাত বাধা প্ৰদান কৰি ভাজপাৰ হাত শক্তিশালীহে কৰিব।

শেহতীয়াকৈ কেজৰিৱালে হিন্দু দেৱ-দেৱীৰ ফটো ভাৰতীয় মুদ্ৰাত ছপাবলৈ কৰা দাবীয়ে এই সমালোচক সকলক তেওঁৰ প্ৰতি আৰু কঠোৰ কৰি তোলা দেখা গৈছে। গণেশ আৰু লক্ষীৰ ফটো নোটত ছপালে ঐশ্বৰিক শক্তিয়ে ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ গতি বঢ়াই দিব বুলি ভৱাটো আৰু চৰকাৰক এই  নীতি গ্ৰহণ কৰিবলৈ কেজৰিৱালে দিয়া প্ৰস্তাৱক ভালেমান অৰ্থনীতিবিদ আৰু ৰাজনীতিৰ বিশ্লেষকে বিমুদ্ৰা কৰণৰ দৰেই এক উদ্ভট প্ৰস্তাৱৰ আখ্যা দিছে। অৰ্থনীতিৰ লগত দৈৱিক শক্তিৰ আশীৰ্বাদৰ প্ৰভাৱ জড়িত কৰাটো এক হাস্যাস্পদ ৰাজনীতি। অৰ্থনীতি যে দৈবিক প্ৰক্ৰিয়া নহয় আৰু ই যে জাগতিক কাৰণেৰেহে পৰিচালিত হয় তাক অবোধ শিশুৱেও বুজিব পাৰে। তেন্তে কেজৰীৱালৰ দৰে উচ্চ শিক্ষিত বুদ্ধিমান লোকে কিয় এনে প্ৰস্তাৱ দিছে?

কোনো কোনোৱে কয় যে ভাজপাই হিন্দু ধৰ্ম আৰু ইয়াৰ প্ৰতীক সমূহৰ ওপৰত ইয়াৰ একচেতিয়া অধিকাৰ থকা বুলি প্ৰতিপন্ন কৰাৰ চেষ্টাক প্ৰত্যহ্বান জনাই ইয়াক বিব্ৰত কৰাৰ বাবেই এই  উদ্ভট অবান্তৰ প্ৰস্তাৱ দিয়া হৈছে। এনে কৌশল হিচাপেও ইয়াক সমৰ্থন কৰাটো  ভয়ংকৰ ভুল হব। আজি দেশ ৰক্ষাৰ যুঁজ খনৰ মূল ইছ্যুবোৰ হৈছে সাম্প্ৰদায়িক বিভাজন, জীৱিকাৰ উপায়ৰ সংকোচন, দৰিদ্ৰতা, বৃহৎ পুঁ‌জিৰ চলনা আৰু ইয়াৰ ফলত হোৱা  বৰ্দ্ধিত দৰিদ্ৰতা, ভাজপাৰ মিথ্যাচাৰ, ৰাষ্ট্ৰৰ হিংস্ৰতা, ক্ষুদ্ৰ জনগোষ্ঠী সমূহৰ অস্তিত্বৰ সংকট  আৰু নতুনকৈ আৰম্ভ হোৱা মাত্ৰাহীন দুৰ্নীতি।

এই প্ৰস্তাৱৰ পৰা আৰম্ভ হোৱা বিতৰ্কই  এই সমস্যা সমূহক সাময়িকভাৱে হ’লেও দৈনন্দিন ৰাজনীতি চৰ্চাৰ পৰা আঁতৰাই থৈ ভাৰতীয় ৰাজনীতিৰ সাম্প্ৰদায়িক ধাৰাটোক সৱল কৰিব। কেজৰীৱালৰ দৰে জনপ্ৰিয় আৰু দক্ষ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা অহা এনে প্ৰস্তাৱে সচেতন যুৱক-যুৱতীৰ এচামক ধৰ্ম নিৰপেক্ষ আৰু বৈজ্ঞানিক চিন্তাৰ প্ৰতি সন্দিহান কৰি তুলি তেওঁলোকক হিন্দুত্ববাদৰ আগ্ৰাসী ৰাজনীতিলৈ আকৰ্ষিত কৰিব। এবাৰ এওঁলোক এনে উদ্ভট ধাৰণাৰ বশৱৰ্তী হ’লে তেওঁলোকক ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শলৈ অনাটো অসম্ভৱ হব।

মনত ৰখা উচিত যে, সাম্প্ৰতিক ভাৰতত ৱাট্চেপ (whatsApp) বিশ্ব বিদ্যালয়ে গঢ় দিয়া যুৱক-যুৱতীৰ সামাজিক আধিপত্য এনেদৰে বাঢ়িছে যে, দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক বৃহৎ অংশ এওঁলোকৰ দখললৈ গৈছে। ১৫০০ৰ পৰা ৩০০০টকা দৰমহাৰে হিন্দু সাম্প্ৰদায়িক ৰাজনীতিৰ অপাৰ্থিৱ সৈনিকৰ নিযুক্তি চলি থাকোতে কেজৰিৱালৰ সংখ্যা গৰিষ্ঠৰ সাম্প্ৰদায়িক চেতনা তোষণে গণতন্ত্ৰ বিপন্ন কৰি দেশ বিভাজিত কৰিব। সেই বাবে আপ দলৰ এই ল’ৰা ধেমালিৰ নিচিনা ৰাজনৈতিক কৌশল তৎকালীন ভাৱে গ্ৰহণযোগ্য যেন লাগিলেও দীৰ্ঘম্যাদী গণতান্ত্ৰিক ৰাজনীতিৰ বাবে ই হঠকাৰী হব। কাৰণ এনে ধৰণৰ সংখ্যা গৰিষ্ঠৰ ধৰ্মীয় প্ৰতীক ভিত্তিক ৰাজনৈতিক প্ৰচাৰে সংখালঘুৰ উগ্ৰ অংশকো সন্ত্ৰাসবাদী শক্তি সমূহক উচটনি দিয়াৰ সুযোগ দিব। সেই বাবে কেজৰীৱালৰ ৰাজনীতি অনৈতিক সুবিধাবাদৰ ৰাজনীতি হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে।

সেয়ে হ’লে দিল্লী মডেলৰ বিকাশৰ আৰ্হিও অচিৰেই হিন্দুত্ববাদী সাম্প্ৰদায়িকতাৰ জুইত জাহ যাব। আম আদমী পাৰ্টিয়ে দেখুৱা অশাৰ ৰেঙণিকো ফেচীবাদৰ কলীয়া ডাৱৰে আৱৰি ধৰিব। আম আদমীৰ নেতৃবৰ্গ আৰু যুৱ প্ৰজন্মৰ মাজত থকা এই দলৰ সমৰ্থক সকলে তেওঁলোকৰ নেতাক সমালোচনা কৰাৰ সাহস দেখুৱাই গণতান্ত্ৰিক ৰাজনীতি শক্তিশালী কৰা উচিত।

Related News