NORTHEAST NOW (Assamese)

প্ৰয়াত ‘মানুহ দেখিছো আজি’ গীতেৰে খলকনি তোলা গণশিল্পী সূৰ্য দাস

December 21, 2024 9:55 am · এন ই নাও নিউজ, গুৱাহাটী

অসমীয়া সংগীত জগতত গণশিল্গী হিচাপে পৰিচিতি লাভ কৰা সূৰ্য্য দাস আৰু নাই। মৰিগাঁও অসামৰিক চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বিগত চাৰিদিন শিল্পীগৰাকী ধৰমতুলত আছিল। শনিবাৰে পুৱা বাথৰুমত ষ্ট্ৰ’কত আক্ৰান্ত হয় শিল্পীগৰাকী।

তেওঁক ততাতয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাত মৃত বুলি ঘোষণা কৰে।

বৰ্তমান তেওঁক মৰিগাঁও চিভিল হাস্পতালত ৰখা হৈছে।

‘মানুহ দেখিছো আজি”ৰ দৰে বহু দৰদী গীতৰ স্ৰষ্ট্ৰা আছিল ‘গণশিল্পী’ সূৰ্য দাস। আশীৰ দশকত সূৰ্য দাসৰ কণ্ঠই অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল।

জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ সূৰ্য দাসে অসম আৰু অসমীয়াক অন্তৰেৰে ভাল পাইছিল।

২০১৯ চনত ‘কৰম সিং ট্ৰাষ্ট’য়ে তেওঁক ‘কৰম সিং জনমভূমি বঁটা’ৰে সন্মানিত কৰিছিল।

অসমীয়া সংগীত জগতৰ বিশিষ্ট সংগীত শিল্পী, ‘গণশিল্পী’ সূৰ্য দাসৰ মৃত্যু।

Related News