• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাধীনতা দিৱসৰ চিন্তা

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
August 15, 2023 12:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ জাতীয় পতাকাখন এই দিনটোত উৰাই সদায়েই গৌৰৱ অনুভৱ কৰি আহিছোঁ। এতিয়া মই বিদেশত মোৰ ছোৱালীৰ ঘৰত। কিন্তু মোৰ ঘৰত ৰখীয়া হৈ থকা ল’ৰাজনক প্ৰত্যেক বাৰৰ দৰেই এইবাৰো ঘৰত পতাকাখন উৰুৱাবলৈ কৈছোঁ। পতাকাখনক মই দেশৰ ঐক্য-সংহতিৰ প্ৰতীক হিচাবে বিবেচনা কৰি আহিছোঁ। ভাৰত স্বাধীন হোৱাৰ দিনাখন নিচেই সৰু আছিলোঁ। স্বাধীনতাৰ মৰ্ম ভালকৈ নুবুজিলেও সেই দিনাৰ পৰাই পতাকাখনৰ লগত এক আত্মীয়তা অনুভৱ কৰিছিলোঁ।

পতাকাখনক ত্ৰিৰঙ্গা বুলি কোৱা হয়, কাৰণ তাত তিনিটা ৰং আছে। আচলতে চাৰিটা ৰং। কাৰণ মাজৰ চক্ৰটোৰো এটা ৰং আছে। কিন্তু এতিয়া দেখোন এই আটাইকেইটা ৰঙৰ সংহতিক একাষৰীয়া কৰি এটা ৰঙৰ প্ৰাধান্যহে সৃষ্টি কৰা হৈছে! সাংস্কৃতিকভাৱে বাৰেবৰণীয়া ভাৰতভূমিক একেটা ৰঙেৰে একাকাৰ কৰিবলৈ খুজিলেই একাকাৰ হ’বনে?

পৃথিৱীৰ বেছিভাগ দেশৰ ৰাষ্ট্ৰীয় মানসিক প্ৰতিমূৰ্তি মাতৃৰ ধাৰণাৰে ক’ৰা হয়-মাতৃভূমি, ইংৰাজীত motherland (জাৰ্মানীত ব্যতিক্ৰম- দেশক পিতৃভূমি হিচাবে ভৱা হয়)। সেয়ে ভাৰত ভাৰতমাতা। সেই ভাৰতমাতাৰ ধাৰণাক মূৰ্তিমন্ত কৰোঁতে মহাত্মা গান্ধীয়ে ভাৰতৰ মানচিত্ৰ ব্যৱহাৰৰ পৰামৰ্শ দিছিল। জৱহৰলাল নেহৰুৱে তেওঁৰ Discovery of India ভাৰত আৱিষ্কাৰ-ত সকলো খাটি খোৱা জনতাক ধাৰণাটোলৈ আনিছিল। কিন্তু পিছলৈ সিংহবাহিনী দুৰ্গাৰ ছবি ভাৰতৰ মানচিত্ৰৰে সংযোগ কৰি এক বীৰাঙ্গনাৰ চিত্ৰৰূপ গঢ়ি তোলা হ’ল। ইয়াৰ মাজেৰে ধৰ্মীয় অনুষঙ্গ অনা হ’ল। দুৰ্গাৰ মহিষাসুৰ-বধিনী ৰূপটো আহুকলীয়া হৈ পৰিল। কাৰণ কিছুমান আদিবাসী জনগোষ্ঠীৰ কাৰণে মহিষাসুৰ পূজ্য। আনহাতে, মুছলমানসকলে মূৰ্তি পূজা নক’ৰে। তেওঁলোকৰ সংবেদনশীলতাক আওকাণ কৰা হ’ল। এওঁলোক সংখ্যালঘূ সম্প্ৰদায়। এতিয়া সংখ্যাগুৰুৰ আধিপত্যবাদত সংখ্যালঘূ নিৰ্বাক হৈ ৰোৱাত বাদে উপায় নাই। সংখ্যাগুৰুৰ লগত সংঘাত হ’লে তেওঁলোকৰ বিপদ। আদালতৰ ছত্ৰছায়া এতিয়া নিৰ্ভৰশীল নহয়। নিম্ন আদালত যে নিৰ্ভৰশীল নহয় গুজৰাটৰ এখন আদালতে ৰাহুল গান্ধীৰ মানহানি গোচৰত সম্পূৰ্ণ একপক্ষীয়ভাৱে দিয়া ৰায় তাৰ এটা দৃষ্টান্ত।

Apply Now

উত্তৰ-পূবক এইখন চৰকাৰে অষ্টলক্ষ্মী নাম দিছে। লক্ষ্মী দূর্গাৰ কন্যা। তাত কি বিসঙ্গতি থাকিব পাৰে? কিন্তু উত্তৰ-পূবৰ বুজন সংখ্যক খ্ৰীষ্টানধৰ্মী জনগোষ্ঠীয়ে এই প্ৰতিমূৰ্তিৰ প্ৰতি আৱেগিক সঁহাৰি দিব পাৰে জানো! এনেকুৱা প্ৰতীকী ছবিবোৰ মানুহৰ আৱেগিক ঐক্যৰ কাৰণে নহয় নেকি? একোটা পোছাকী আখ্যাহে নেকি? আৰু এই উত্তৰ-পূৱৰে সীমান্তবৰ্তী ৰাজ্য মণিপুৰত তিনিমাহ ধৰি জটিল গোষ্ঠীসংঘৰ্ষ চলি আছে। জঘন্য অমানৱীয় ঘটনা ঘটি আছে। প্ৰায় গৃহযুদ্ধৰ দৰে হৈ পৰিছে আৰু পৰিস্থিতি অতি জটিল হৈ পৰিছে। দুটা ইঞ্জিন চৰকাৰৰ এটা সম্পূৰ্ণ ব্যৰ্থ। আনটো ইঞ্জিনৰ ড্ৰাইভাৰে অকলে ৰেলখন চলাবলৈ সাহস নক’ৰে আৰু বিকল ইঞ্জিন এটাকে শাসনৰ ৰে’ল চলাবলৈ দি দেশৰ ঐক্যৰ ৰেলপথ ভাঙি-চিঙি যাবলৈ দিছে। তাৰ ফলত জটিলতা কিমান বাঢ়িব ডাঙৰ ইঞ্জিনৰ ড্ৰাইভাৰে স্বীকাৰ নক’ৰে। মণিপুৰৰ সকলো গোষ্ঠীৰ জনগণক শাসনৰ সৰ্বোচ্চ স্তৰৰ পৰা যি সংবেদনশীল আশ্বাস দিব লাগিছিল সিও দিয়া নহ’ল। কাৰণ সৰ্বোচ্চ নেতৃত্বৰ মন এতিয়া নিৰ্বাচন জিকাৰ পৰিকল্পনাত মগ্ন। বাগ্মিতাৰে বিপক্ষক ধৰাশায়ী কৰাৰ কৌশলত সেই নেতৃত্ব সিদ্ধহস্ত।

ভাৰত অচিৰেই পৃথিৱীৰ তৃতীয় অৰ্থনৈতিক শক্তি হ’বলৈ গৈ আছে। বিশেষ প্ৰয়াস ক’ৰাৰ কিন্তু দৰকাৰ নাই। বিশ্বৰ বাণিজ্যৰ গতিয়ে ইয়াক সম্ভৱ কৰি তুলিব। আন্তৰ্জাতিক সমীক্ষাবোৰত সেইটো স্পষ্ট হৈছে। অৱশ্যে দেশৰ শাসক দলৰ অৰ্থনৈতিক পৰিচালনাৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আন এটা চৰকাৰ শাসনত থাকিলেও হয়তো বিশ্ব অৰ্থনীতিৰ গতিশীলতাত একেই ধৰণে ভাৰতে মুঠ ঘৰোৱা উৎপাদনৰ ক্ষেত্ৰত বিকাশৰ ফচল পালেহেতেন।

আনহাতে, পৃথিৱীৰ তৃতীয় প্ৰধান অৰ্থনৈতিক ক্ষমতাৰ অধিকাৰী হ’বলৈ যোৱা দেশখনৰ জনমূৰি আয় পৃথিৱীৰ আন দহখন দেশৰ তুলনাত কিয় ইমান তলত? নিৰ্দিষ্ট পুঁজিপতি কেইগৰাকীমানে সকলো অৰ্থনৈতিক বিকাশৰ ফল ভোগ কৰাৰ পৰিৱেশক পৃষ্ঠপোষকতা কৰিলে বা সুযোগ দিলে জানো দেশখনক বিত্তশালী হোৱা বুলি ক’ব পাৰি? পয়া লগা শিশুৰ পৰিসংখ্যা কমাব পৰাটোক এক সফলতা বুলি ক’ব পাৰি, কিন্তু সেই শিশুবোৰৰ পৰিয়ালবোৰে খোৱা বস্তুৰ জুই-ছাই দামত ত্ৰাহি মধুসূদন দেখিছে সেয়া জানো চকু মুদি অস্বীকাৰ কৰিব পাৰি?

জনসাধাৰণৰ বাক স্বাধীনতাৰ ওপৰত লেকাম লগাবলৈ ট্ৰল আৰ্মি মেলি দিয়া হৈছে কিয়? নতুন আইনৰ সংহিতাত কি ব্যৱস্থা হৈছে নাজানো। যদি এই আইনৰ সুৰঙাৰে শাসনদণ্ডক উদণ্ড হোৱাৰ সুযোগ দিয়া হৈছে তেন্তে বাক-স্বাধীনতা খৰ্ব হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ শাসকসকলে মনত ৰাখিব লাগিব যে বালিলৈ যিপাত সুগ্ৰীৱলৈও সেইপাত।

এনকাউণ্টাৰ এতিয়া দমনৰ এক পদ্ধতি হৈ পৰিছে নেকি আৰু আৰক্ষীক এনকাউণ্টাৰ কৰিবলৈ ৰাজনৈতিক আশীৰ্বাদ দিয়া হৈছে নেকি? আৰু আইনৰ নিয়ম সম্পূৰ্ণ আওকাণ কৰি বুলডজাৰ লগাই তথাকথিত অপৰাধীৰ ঘৰ-বাৰী ভাঙি পেলোৱাটো স্বেচ্ছাচাৰিতাত বাদে আন কি? এই ক্ষেত্ৰত কেৱল এক শ্ৰেণীৰ মানুহকহে লক্ষ্য কৰি লোৱা কৌশল স্বেচ্ছাচাৰিতা নহয় নেকি? আদালতো নীৰৱ দৰ্শক। কেৱল হৰিয়ানাৰ নূহ নামে ঠাইত একপক্ষীয়ভাৱে আৰু স্বেচ্ছাচাৰিতাৰে ধ্বংস কৰা কামত বাধা দিছে তাৰ উচ্চ ন্যায়ালয়ে।

আমি এতিয়া এখন প্ৰকৃত গণতন্ত্ৰত আছোঁনে? এই প্ৰশ্নই মোৰ মনৰ মাজত ঘূৰ-পাক খাইছে। সেয়ে তলৰ কবিতাটো ইয়াৰ লগত আগবঢ়ালোঁ-

         

 উত্তৰ-গণতন্ত্ৰ

  ——————

গণতন্ত্ৰ!

ওহোঁ, উত্তৰ-গণতন্ত্ৰ।

মাখিৰ গুণগুণণিৰে ব্যস্ত গণতন্ত্ৰ

বিভ্ৰান্ত।

সি

উত্তৰ-গণতন্ত্ৰৰ আঙুলিৰ সংকেতত

এতিয়া স্তব্ধ।

গণতান্ত্ৰিকসকল!

আপোনালোকে নজনাকৈয়ে হৈ-ধ্বনিৰে

আমাৰ কাৰণে বাট সাজি দিছিল।

নিজে সজা বাটৰ আপনালোক

স্বেচ্ছাসেৱী আছিল। আমি

কৃতজ্ঞতা জনোৱাৰ প্ৰয়োজন নাই।

আমাৰ হাতত এতিয়া শাসন-দণ্ড। আৰু তাত

আমাৰ মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত ন্যায়তন্ত্ৰ।

আমি সৌধত উঠি আপনালোকক দিছোঁ দ্ৰিল,

 আপনালোকৰ থ্ৰিল। নহ’লে

মাদক আছে বিগ ব্ৰাদাৰৰ।

তোচক আছে জাবৰৰ।

সুখশয্যা আৰামৰ।

আপোনালোকে নিদ্ৰা যাব।

আমি প্ৰহৰীৰ দৰে জাগ্ৰত হৈ ৰ’ম।

সাৰ পাই আপনালোকে যদি দেখে

আপোনালোক হৈছে একোটা ভেড়া,

ভয় নাখাব। আমি আছোঁ ভেড়াৰখীয়া।

গণতন্ত্ৰৰ সমাধিস্থললৈ

আপোনালোকক আমি

সুখৰ ঘাঁহ খাবলৈ লৈ যাম।

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd