• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম চৰকাৰৰ দ্বাৰা প্রকাশিত ভূপেন হাজৰিকা সম্পৰ্কীয় পুথিত বাৰেপাচি ভুল: ৪ কোটি ৬লাখ টকীয়া গ্ৰন্থ বাজেয়াপ্তৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2026 12:50 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ উদ্যোগত তথা অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱনভিত্তিক গ্ৰন্থক লৈ বৰ্তমান ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ শীৰ্ষক গ্ৰন্থখনত অসংখ্য ভুল থকাৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক তথা লেখক শৰৎ চন্দ্ৰ নেওগে। এই সন্দৰ্ভত নেওগে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি এই গ্ৰন্থখনৰ দুটা সংস্কৰণত মুঠ ১১ লাখ ৫৩ হাজাৰ কপি ছপা কৰা হৈছিল আৰু ইয়াৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৪ কোটি ৬ লাখ ৭ হাজাৰ ৮৬ টকা ব্যয় কৰা হৈছে। ইমান বৃহৎ পৰিমাণৰ ধন খৰচ কৰি প্ৰকাশ কৰা এখন গ্ৰন্থত তথ্যৰ এনে বিভ্ৰাটক লৈ এতিয়া সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সাংবাদিক শৰৎ চন্দ্ৰ নেওগে অভিযোগ কৰিছে যে গ্ৰন্থখনত ভূপেন হাজৰিকাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ তথ্য বিকৃতভাৱে উপস্থাপন কৰা হৈছে। বিশেষকৈ চন-তাৰিখৰ ভুলবোৰে গ্ৰন্থখনৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্নচিহ্ন থিয় কৰাইছে। উদাহৰণস্বৰূপে ভাৰতীয় গণনাট্য সংঘ অসমত ১৯৪৪ চনত স্থাপিত হৈছিল যদিও গ্ৰন্থখনত ইয়াৰ সময় ১৯৪৮ চন বুলি উল্লেখ কৰা হৈছে। একেদৰে ড° ভূপেন হাজৰিকা ১৯৬৭ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল যদিও গ্ৰন্থখনৰ ৮৭ নম্বৰ পৃষ্ঠাত সেয়া ১৯৭২ চন বুলি লিখা হৈছে। নেওগৰ মতে এনেধৰণৰ ভুলবোৰ কেৱল ছপাৰ ভুল নহয়, বৰঞ্চ ই এক দায়িত্বহীনতাৰ পৰিচায়ক। তেওঁ কয় যে ভূপেন হাজৰিকাৰ দৰে এগৰাকী বিশ্ববন্দিত শিল্পীৰ জীৱনৰ তথ্য এনেদৰে ভুলকৈ উপস্থাপন কৰাটো অতি দুৰ্ভাগ্যজনক।

Apply Now

গ্ৰন্থখনৰ আন এক বিতৰ্কিত দিশ হ’ল লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ব্যক্তিগত কথাৰ অধিক প্ৰাধান্য। অভিযোগ উঠিছে যে গ্ৰন্থখনৰ আগকথাৰ প্ৰায় আধাসংখ্যক পৃষ্ঠা লেখিকাই নিজৰ কথা লিখিয়েই ভৰাই দিছে। আনকি লেখিকাই নিজৰ স্বামীৰ নামো অপ্ৰাসংগিকভাৱে গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে। ভূপেন হাজৰিকাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ অধ্যায় বাদ দি লেখিকাই নিজৰ এটা পুৰণি সাক্ষাৎকাৰৰ বাবে ৭-৮ পৃষ্ঠা খৰচ কৰা কাৰ্যক সমালোচনা কৰা হৈছে। সাংবাদিক নেওগে উল্লেখ কৰিছে যে এইবোৰ ভুল কেৱল পৰৱৰ্তী সংস্কৰণত শুধৰালেই নহ’ব, কাৰণ ই গ্ৰন্থখনৰ মূল গাঁথনিটোকেই নষ্ট কৰি পেলাইছে। সেয়েহে তেওঁ এই গ্ৰন্থখন নতুনকৈ লিখাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

আটাইতকৈ লক্ষ্যণীয় বিষয়টো হ’ল যে এই গ্ৰন্থখন পৰীক্ষা আৰু সম্পাদনা কৰিবলৈ চৰকাৰে ৩৩ গৰাকী বিশিষ্ট ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰিছিল। এই তালিকাত ড° অমৰজ্যোতি চৌধুৰী, তেজ হাজৰিকা, সমৰ হাজৰিকাৰ দৰে ব্যক্তিসকলৰ নাম থকাৰ পাছতো কেনেকৈ ইমানবোৰ ভুল ৰৈ গ’ল, তাক লৈ বিস্ময় প্ৰকাশ কৰা হৈছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা এই ৩৩ জনীয়া তালিকাত থকা কোনো এজন বিশেষজ্ঞই আজিলৈকে এই ভুলবোৰৰ বিৰুদ্ধে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো চৰকাৰী পক্ষৰ পৰা কোনো তৎপৰতা দেখা পোৱা নাই বুলি সাংবাদিক নেওগে আক্ষেপ প্ৰকাশ কৰিছে।

যিহেতু এই গ্ৰন্থখন দেশৰ বিভিন্ন ভাষাত অনুবাদ কৰা হৈছে আৰু ইয়াৰ সৈতে অসমৰ এজন জাতীয় গৌৰৱৰ নাম জড়িত হৈ আছে, সেয়েহে ভুল তথ্যৰে ভৰা এই গ্ৰন্থখন বিতৰণৰ পূৰ্বেই বাজেয়াপ্ত কৰিবলৈ নেওগে চৰকাৰক দাবী জনাইছে। ৰাইজৰ কোটি কোটি টকা ব্যয় কৰি প্ৰকাশ কৰা এখন গ্ৰন্থই যাতে ভৱিষ্যত প্ৰজন্মক ভুল তথ্য যোগান নধৰে, তাৰ বাবে চৰকাৰক অতি সোনকালে পদক্ষেপ ল’বলৈ আহ্বান জনোৱা হৈছে। ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীগৰাকীক সঠিক আৰু শুদ্ধ ৰূপত বিশ্বৰ দৰবাৰত দাঙি ধৰাটো চৰকাৰৰ নৈতিক দায়িত্ব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd