• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিন্দু-মুছলিমৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ ওপৰত প্ৰতিবন্ধকতা; বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 3:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক বৰ্দ্ধিত কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ অনুমতি নোহোৱাকৈ অসমত মুছলমানে হিন্দুৰ আৰু হিন্দুৱে মুছলমানৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ চি পি আই (এম)-এ তীব্ৰ নিন্দা কৰিছে। মুখ্যমন্ত্ৰীৰ ঘোষণা হ’ল ভাৰতবৰ্ষৰ সংবিধানৰ দেখদেখ উলংঘন আৰু ৰাজ্যখনত সাম্প্ৰদায়িক বিভাজন আৰু সংঘাত সৃষ্টিৰ জঘন্য অপচেষ্টা।

এইটো লক্ষ্য কৰা গৈছে যে যোৱা লোকসভা নিৰ্বাচনত এক বুজন সংখ্যক হিন্দু লোকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ পাছৰে পৰা হতাশগ্ৰস্ত অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ‌ৰ অনুগতসকলে ৰাজ্যখনত সাম্প্ৰদায়িক প্ৰচাৰ পূৰ্বতকৈয়ো তীব্ৰ কৰি তুলিছে। ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ গৈ অসমৰ জনসংখ্যা সম্পৰ্কে সম্পূৰ্ণ বিকৃত বক্তব্য দাঙি ধৰিছে। ১৯৫১ চনত অসমত মুছলমান মাত্ৰ ১২ শতাংশ আছিল আৰু বৰ্তমান ই ৪০ শতাংশ হৈছেগৈ বুলি মুখ্যমন্ত্ৰীয়ে যি বক্তব্য দাঙি ধৰিছে সেয়া চৰকাৰী তথ্যৰে সম্পূৰ্ণ বিকৃতিকৰণ। দুটা বৃহৎ ধৰ্মীয় সম্প্ৰদায়ৰ মাজত উত্তেজনা সৃষ্টি আৰু মেৰুবিভাজনৰ লক্ষ্যৰেই যে তথ্যৰ এনে জঘন্য বিকৃতকৰণ তাত কোনো সন্দেহ নাই। এই সাম্প্ৰদায়িক ৰাজনীতি আৰু তীব্ৰ কৰাৰ লক্ষ্যৰেই ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে হিন্দু আৰু মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয় বন্ধ কৰাৰ ফলত ৰাজ্যখনৰ জনসাধাৰণ আৰু ইয়াৰ অৰ্থনীতি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ’ব। চি পি আই (এম)-এ এনে সৰ্বনশীয়া পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিছে।

ৰাজ্যখনৰ হিন্দু আৰু মুছলমান অধিবাসীসকলে যুগ যুগ ধৰি শান্তি-সম্প্ৰীতিৰে বসবাস কৰিছে আৰু তেওঁ‌লোকৰ মাজত স্বাভাৱিক আদান-প্ৰদান চলি আহিছে। এতিয়া উভয় সম্প্ৰদায়ৰ জনগণে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আৰম্ভ কৰিছে। ইয়াক বিঘ্নিত কৰি কিদৰে হিন্দু আৰু মুছলমানক দুটা মেৰুত বিভক্ত কৰা যায় সেই লক্ষ্যৰেই মুখ্যমন্ত্ৰীয়ে এনে জঘন্য বক্তব্য আগবঢ়াইছে। ৰাজ্যখনৰ জ্বলন্ত সমস্যা ৰাজি সমাধানত শোচনীয় ব্যৰ্থতা ঢাকি ৰাখিবলৈয়ো মুখ্যমন্ত্ৰীয়ে এনে নীচ ৰাজনীতিৰ আশ্ৰয় লৈছে।

Apply Now

মুখ্যমন্ত্ৰীৰ এনে সংবিধান বিৰোধী, ঘৃণা সৃষ্টিকাৰী বক্তব্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি এইক্ষেত্ৰত আইন মতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি আহ্বান জনাইছে। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সাম্প্ৰদায়িক ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ বাবে দৃঢ়ভাৱে আগুৱাই আহিবলৈ ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd