• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী মন্ত্রীসভাত ‘বাংলাদেশী মন্ত্রী’! ৰিপুন বৰাৰ পত্ৰৰ পাছতে তোলপাৰ দেশৰ ৰাজনীতি

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 18, 2021 9:03 am
Nishith Pramanik

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশীথ প্ৰামানিক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান পাইছে এগৰাকী ‘বাংলাদেশী’ ব্যক্তি! তাকো একেবাৰে গৃহ মন্ত্ৰ্যালয়ত।

কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামানিকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।

Apply Now

পশ্চিমবংগৰ পৰা বিজেপি সাংসদ হিচাপে নিৰ্বাচিত প্ৰামানিকক বাংলাদেশৰ নাগৰিক বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই।

পত্ৰখনত ৰিপুন বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন তুলি ধৰিছে।

কোৱা হৈছে যে নিশীথ প্ৰামানিক প্ৰকৃততে বাংলাদেশৰ পলাশবাৰীৰ হৰিনাথপুৰৰ বাসিন্দা। আনকি প্ৰামানিকে কম্পিউটাৰ কোৰ্চ কৰাৰ বাবে ভাৰতলৈ আহিছিল। তাৰ পাছৰে পৰা তেওঁ ভাৰতত থাকি যায়।

ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ তেওঁ প্ৰথমতে তৃণমূল কংগ্ৰেছ আৰু পাছত বিজেপিত যোগদান কৰি সাংসদ হয়।

ৰিপুন বৰাৰ অভিযোগ যে নিশীথ প্ৰামানিকে যি নথিপত্ৰ দাখিল কৰি কোচবিহাৰৰ বাসিন্দা বুলি দাবী কৰিছে সেই সকলো নথিপত্ৰ দৰাচলতে ভুৱা। আনকি সেইবোৰ জালিয়াতিৰে প্ৰস্তুত কৰা বুলিও কোৱা হৈছে।

ৰিপুন বৰাৰ এই পত্ৰৰ পাছতে দেশৰ ৰাজনীতিত বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিভিন্নজনৰ প্ৰশ্ন যে এগৰাকী বাংলাদেশী নাগৰিক কেনেকৈ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ’ব পাৰে? তাকো গৃহ বিভাগৰ দৰে গুৰু দায়িত্বত?

উল্লেখ্য যে মোদী মন্ত্ৰীসভাৰ সৰ্বকনিষ্ঠ মন্ত্ৰী নিশাথ প্ৰামানিকৰ বিৰুদ্ধে শেহতীয়াভাৱে উত্থাপতি হৈছে আন বহু অভিযোগ।

প্ৰামানিকৰ শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ নে বিচিএ উত্তীৰ্ণ তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল। সেইদৰে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এলানি ফৌজদাৰি গোচৰক লৈও বিৰোধী দলে মুখ খুলিছে।

ইপিনে, ৰিপুন বৰাৰ অভিযোগৰ পাছতে একে সুৰতে সুৰ মিলাইছে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰাত্য বসুৱে।

Rajya Sabha MP @ripunbora asking all the right questions!

Several news channels have reported that @NisithPramanik is a citizen of Bangladesh. Did no amount of background check happen before his appointment?! And let's not forget the innumerable criminal cases…

Shame! https://t.co/7yLUIvADsj

— Bratya Basu (@basu_bratya) July 17, 2021

পশ্চিমবংগৰ শিক্ষামন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰাত্য বসুৱে ৰিপুন বৰাৰ পত্ৰখন শ্বেয়াৰ কৰি টুইটত লিখিছে,’’ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই সঠিক প্ৰশ্নই তুলিছে। বহু সংবাদমাধ্যমত দেখা গৈছে যে নিশীথ প্ৰামানিক বাংলাদেশৰ নাগৰিক। এনে ব্যক্তিক মন্ত্ৰী পতাৰ পূৰ্বে কোনো বিচাৰ কৰি চোৱা হোৱা নাই? পাহৰিলে নহ’ব এইগৰাকী নিশীথৰ বিৰুদ্ধে একাধিক অপৰাধমূলক গোচৰ চলি আছে। লজ্জাজনকক।‘’

সেইদৰে, ৰিপুন বৰাৰ পত্ৰ শ্বেয়াৰ কৰি অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই লিখিছে,’’নিশীথ প্ৰামানিক যদি এগৰাকী বাংলাদেশী, তেওঁ কেনেকৈ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ’ব পাৰে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এইটো এটা অত্যন্ত গুৰুতৰ সুৰুঙা যিয়ে নিৰাপত্তাৰ প্ৰতি গভীৰ ভাবুকি আনিব। বিষয়টোৰ তাৎক্ষণিকভাৱে তদন্তৰ আৰু মন্ত্ৰীসভাৰ পৰা তেওঁক অপসাৰণৰ প্ৰয়োজন।‘’

https://twitter.com/jbhuyan65/status/1416484721211494402

ইপিনে, চৰকাৰৰ ফালৰ পৰা এইক্ষেত্ৰত কোনো প্ৰত্যয়জনক উত্তৰ অহা নাই। কিন্তু ইমান ডাঙৰ এটা অভিযোগৰ ক্ষেত্ৰত বিষয়টোৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছে।

অভিযোগ সঁচা হ’লে ই দেশৰ বাবে এক ভয়ংকৰ সময়ৰ আগজাননী হ’ব পাৰে। তদুপৰি, যিসময়ত বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশক লৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ব্যাপক শংকাই সন্ত্ৰস্ত কৰি ৰাখিছে তেনে সময়ত কেন্দ্ৰীয় মন্ত্ৰীসভাত এগৰাকী ‘বাংলাদেশী’ মন্ত্ৰীৰ অৱস্থানক লৈ স্বাভাৱিকতে পানী ঘোলা হ’বই পাৰে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd