• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলন্দী নদীৰ বাঢ়নি পানীৰ তলত ওদালগুৰিৰ পাঁচখনতকৈ অধিক গাঁও

চাজিদ খান by চাজিদ খান
August 21, 2018 8:56 am
IMG-20180820-WA0008
96
VIEWS
Share on FacebookShare on Twitter

বিগত কিছুদিন ধৰি ভাৰত-ভূটান সীমান্ত অঞ্চল আৰু অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ বাবে জীয়া ধনশিৰি নদীৰ উপনদী গোলন্দীৰ পানী অভাৱনীয় হাৰত বৃদ্ধি পোৱাত ওদালগুৰি জিলাৰ নামনি অঞ্চলৰ কিছু কিছু ঠাইত বানে বিভিষিকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

গোলন্দীৰ বাঢ়নি পানীয়ে ওদালগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বটাবাৰী, কাঁহীবাৰী, পুৰণি থানা, কঠালগুৰি আৰু দাংদুপুৰ গাঁৱৰ বিস্তীৰ্ণ অঞ্চলৰ খেতি-পথাৰ বুৰাই পেলোৱাত এতিয়া হাহকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কৃষকৰ মাজত।

ইফালে জানিব পৰা মতে সোমবাৰে পুৰণি থানা গাঁৱৰ নিবাসী আনন্দী চৌধুৰী(৫০) নামৰ মহিলা এগৰাকীক গোলন্দীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যোৱাত অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা অনুসন্ধান চলাই আছে যদিও মহিলাগৰাকীৰ সন্ধান এই পৰ্যন্ত উলিয়াব পৰা নাই বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি গাঁৱৰ বাসিন্দাই অভিযোগ কৰি কয় যে চাৰি মাহ পূৰ্বে নিৰ্মাণ কৰা গোলন্দী নদীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে সেয়ে এইদৰে পুনৰ মথাউৰিটো ছিগাত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও জলমগ্ন হ’বলগীয়া হৈছে।

Recent News

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd