• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য ৰিয়ান: ছৈয়দ মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰত অসম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2023 7:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘লক্ষ্য ভাৰতীয় দলৰ ফিনিচাৰৰ ভূমিকা’! এই এটা মাত্ৰ বাক্য আৰু আই পি এলৰ কেইখনমান মেচত ধাৰাবাহিক ব্যৰ্থতা। তাৰ পিছত সমালোচনা কিম্বা ট্ৰলৰ উজান। এক সম্ভাৱনাপূৰ্ণ তাৰকাৰ ব্যৰ্থতাত ক্ষুণ্ণ হৈছিল ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীও।

পিছে ব্যৰ্থতা সাময়িক; প্ৰতিভা চিৰস্থায়ী। সেয়াই যেন মিলিছে ৰিয়ানৰ ক্ষেত্ৰত। এসময়ত সমালোচনাৰে থকা-সৰকা কৰা এই খেলুৱৈজনৰ ওপৰত বহুতেই দেখিছে আশা; ৰাজ্যৰ ক্ষুণ্ণ ক্ৰিকেট প্ৰেমীয়েও দেখিছে সম্ভাৱনা, ৰিয়ানেই হ’ব ভাৰতীয় দলত প্ৰথমগৰাকী অসমীয়া!

Apply Now

ক্ৰিকেট প্ৰেমীক অতীত পাহৰাই এতিয়া প্ৰশংসাৰ বাণী মুখত উলিয়াবলৈ যেন বাধ্য কৰাইছে ৰিয়ানে। ফ্ৰেন্সাইজি ক্ৰিকেট আই পি এলত ব্যৰ্থ হ’লেও ৰঞ্জী, বিজয় হাজাৰে, দেওধৰ ট্ৰফীত অনবদ্য প্ৰদৰ্শনৰ পিছত এইবাৰ চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীত অপ্ৰতিৰোধ্য হৈ উঠিছে ৰিয়ান।

ইটোৰ পিছত সিটোকৈ ধাৰাবাহিকভাৱে সাতখন মেচত অভিলেখ সাতটা অৰ্ধশতকীয় ইনিংছৰ লগতে বলিঙতো সমান পাৰদৰ্শিতাৰে চমক সৃষ্টি কৰিছে ৰিয়ানে। সাতটাকৈ ক্ৰমাগত টি-২০ অৰ্ধশতকেৰে ভংগ কৰিছে সেহৱাগ, ৱাৰ্ণাৰ, বাটলাৰৰ দৰে তাৰকাৰ নামত থকা অভিলেখ।

যুৱ তাৰকাগৰাকীৰ এই দুৰ্দমনীয় প্ৰদৰ্শনৰ সুবাদতে চলিত চৈয়দ মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমে। মঙলবাৰে প্ৰ-কোৱাৰ্টাৰত অসমে পৰাস্ত কৰে শক্তিশালী বংগক। ৰিয়ানৰ চমৎকাৰী অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত অসম জয়ী হয় ৮ উইকেটৰ ব্যৱধানত।

প্ৰথমে বেটিং কৰি বংগই ৮ উইকেটত সংগ্ৰহ কৰিছিল ১৩৮ ৰাণ। নিয়ন্ত্ৰিত বলিঙেৰে অসমে এই কম স্ক’ৰতে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল তাৰকাসমৃদ্ধ বংগক। আকাশ সেনগুপ্তাই ৩টা, ৰিয়ানে ২টা, মৃন্ময়, শিৱশংকৰ আৰু সৌৰভ দেই লাভ কৰে এটাকৈ উইকেট।

এই সহজ লক্ষ্ আগত লৈ অসমে ৰিয়ানৰ অপৰাজিত ৫০ ৰাণৰ (৩১ বল, ২টা চাৰি আৰু ৪ টা ছয়) লগতে বিশাল ৰয়ৰ ৪৫ ৰাণ (৩৬ বল, ৬টা চাৰি আৰু এটা ছয়) আৰু ঋষভ দাসৰ ৩১ ৰাণৰ (২৬ বল, ৩টা চাৰি) সহায়ত দুই উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।

অপেনাৰ ডেনিছ দাসৰ বেটৰ পৰা আহে ১০ ৰাণ। বংগৰ হৈ ইতিমধ্যে ভাৰতীয় দলত সুযোগ পোৱা দুই তাৰকা মুকেশ কুমাৰ আৰু শ্বাহবাজ আহমেদে এটাকৈ উইকেট লাভ কৰে।

উল্লেখ্য যে, এইপৰ্যন্ত প্ৰতিযোগিতাখনত নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা ৰিয়ানে ৮ খন মেচত ১৮৯.১৯ ষ্ট্ৰাইক ৰেটেৰে ৪৯০ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহ কৰোঁতা হিচাপে পৰিগণিত হৈছে।

সমান্তৰালভাৱে বল হাতত লৈয়ো ৰিয়ানে দখল কৰিছে ১১টাকৈ উইকেট। চলিত প্ৰতিযোগিতাখনত এইপৰ্যন্ত দাঙি ধৰা এনে অলৰাউণ্ড প্ৰদৰ্শনৰ লগতে ঘৰুৱা প্ৰতিযোগিতাসমূহত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত ৰিয়ানৰ ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণৰ সম্ভাৱনা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd