• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেচৰ মাজতে ড্ৰেছিং ৰুমত ই-চিগাৰেট সেৱন, ৰিয়ান পৰাগক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা

by
May 21, 2026 10:39 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল ২০২৬ ৰ এখন মেচৰ সময়ত ড্ৰেছিং ৰুমৰ ভিতৰত ভেপিং কৰি কেমেৰাত ধৰা পৰাৰ পিছত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক মেচৰ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে। মুলনপুৰত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত এই ঘটনা সংঘটিত হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব‘ৰ্ড চমুকৈ বিচিচিআইয়ে এক বিবৃতিত জনায় যে টাটা আই পি এল ২০২৬ ৰ ৪০ নং মেচখনত খেলুৱৈ আৰু দলৰ বিষয়াৰ আচৰণ বিধিৰ লেভেল ১ ভংগ কৰাৰ বাবে ৰিয়ান পৰাগক জৰিমনা বিহাৰ লগতে এটা ডেমেৰিট পইণ্টো দিয়া হৈছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি ৰিয়ানে আই পি এলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰা দেখা গৈছে। এই অনুচ্ছেদে ক্ৰিকেট খেলখনৰ সুনাম ম্লান কৰা যিকোনো আচৰণক সামৰি লয়। পঞ্জাবৰ বিৰুদ্ধে মেচখনৰ দ্বিতীয় ইনিংছ চলি থকাৰ সময়তে ৰিয়ানে ড্ৰেছিং ৰুমৰ ভিতৰত ভেপ ব্যৱহাৰ কৰা দেখা গৈছিল। পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰে আৰু মেচ ৰেফাৰী অমিত শৰ্মাই গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থা মানি লয়। যিহেতু এইটো এটা লেভেল ১ অপৰাধ আছিল, সেয়েহে ইয়াৰ বাবে কোনো সুকীয়া শুনানিৰ প্ৰয়োজন নহ‘ল।

Apply Now

কেৱল খেলুৱৈগৰাকীৰ ওপৰতেই নহয়, বিচিচিআইয়ে ৰাজস্থান ৰয়েলছ দলটো আৰু ইয়াৰ বিষয়াসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে। আই পি এলৰ সুনাম যাতে কোনো কাৰণতে ম্লান নপৰে, তাৰ বাবে ব‘ৰ্ডে ভুল কৰা দল আৰু খেলুৱৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিকল্পসমূহ বিচাৰ কৰি চাইছে। এই সন্দৰ্ভত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে যে বিবৃতিটোত উল্লেখ কৰাৰ দৰেই দলটোৰ বিৰুদ্ধে কি ব্যৱস্থা ল‘ব পাৰি সেই বিষয়ে পৰ্যালোচনা চলি আছে যদিও এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

উল্লেখ্য যে ভাৰত চৰকাৰে ২০১৯ চনতে ই-চিগাৰেটৰ উৎপাদন, বিক্ৰী আৰু বিতৰণত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। আইন অনুসৰি এনে অপৰাধৰ বাবে প্ৰথমবাৰত এবছৰ পৰ্যন্ত কাৰাদণ্ড বা এক লাখ টকাৰ জৰিমনা হ‘ব পাৰে। আনহাতে, আই পি এলৰ আচৰণ বিধিৰ ২.২১ নং অনুচ্ছেদে ৰাজহুৱা স্থানত অসৎ আচৰণ, অশান্তিপূৰ্ণ কাম-কাজ আৰু খেলৰ স্বাৰ্থৰ পৰিপন্থী মন্তব্য আদি নিষিদ্ধ কৰে। অপৰাধৰ মাত্ৰা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক সৰু পৰ্যায়ৰ লেভেল ১ ৰ পৰা অতি গুৰুতৰ লেভেল ৪ লৈকে শ্ৰেণীভুক্ত কৰা হয়। বৰ্তমান এই ঘটনাই ক্ৰিকেট মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd