• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰজোঁটৰ হৈ অসমত নিৰ্বাচন খেলিব আৰজেডি-এ : চাহ-বাগিচা, হিন্দীভাষী ভোটাৰক লক্ষ্য!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 27, 2021 5:28 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৬ ফেব্ৰুৱাৰিত নিৰ্বাচন আয়োগে অসমসহ পাঁচ ৰাজ্যৰ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলবোৰৰ ৰাজনৈতিক তৎপৰতা আৰু অধিক বৃদ্ধি পোৱা পৰলিক্ষিত হৈছে।

Apply Now

ঠিক তেনে মসয়তে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা বিহাৰৰ তেজস্বী যাদৱে প্ৰথমবাৰ অসমলৈ আহি শুনিবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টাত এক সংবাদ মেল আয়োজন কৰি আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

সংবাদ মেল সম্বোধন কৰি আৰজেডিৰ নেতাগৰাকীয়ে কয় যে অসমলৈ অহাৰ মূল উদ্দেশ্য হ’ল বিধানসভা নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম।

অৱশ্যে অসমৰ কেইটা বিধানসভা সমষ্টিত তেওঁৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই বুলি কৈ তেজস্বী যাদৱে কয় ‘অসমৰ ১১ টা সমষ্টিত হিন্দীভাষী লোকৰ সংখ্যা বেছি আছে যদিও কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম সেয়া ঠিক হোৱা নাই।’

অসমৰ চাহ বাগিচাত কৰ্মৰত বিহাৰ-ঝাৰখণ্ডৰ লোকসকলক লক্ষ্য কৰি লোৱা আৰজেডি-এ কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰজোঁটৰ সৈতে চামিল হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।

ইফলে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰক তুলা ধূনা দি ধূনি আৰজেডিৰ নেতাগৰাকীয়ে কয় যে দেশত এতিয়া সাংবিধানিক কোনো স্বতন্ত্ৰতা নাই আৰু দেশৰ সংবিধানো এতিয়া সুৰক্ষিত নহয়।

কা আৰু এনআৰচি বিৰোধী আন্দোলন প্ৰথমতে অসমত আৰম্ভ হৈ দেশৰ অন্য অংশলৈ প্ৰসাৰ লভা কৰা বুলিও তেজস্বী যাদৱে মন্তব্য কৰে।

সংবাদ মেলত দেশৰ তদন্তকাৰী সংস্থাসমূহ যেনে ইডি, চিবিআই আদি শাসনাধিষ্ঠ দলটোৰ এটা চেল(পাৰ্টিৰ কোষ)ৰ কাম কৰিছে বুলিও বিস্ফোৰক দাবী কৰিছে আৰজেডিৰ যুৱ নেতাগৰাকীয়ে।

যোৱা ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনি বিতৰ্কিত কৃষি আইন সন্দৰ্ভত তেজস্বী যাদৱে কয় যে কোনো এখন কৃষি আইনতে কৃষিজাত শস্যৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণৰ বিষয়ে উল্লেখ নাই।

পশ্চিমবংগত ৮ টা আৰু অসমত ৩ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ তেজস্বী যাদৱে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

ইফালে দেশত সাম্প্ৰদায়িক শক্তিয়ে যাতে ক্ষমতাত বহিব নোৱাৰে তাৰ বাবে আমি অসমলৈ আহিছো বুলি মন্তব্য কৰি তেওঁ কয় যে ‘ভাৰতত এতিয়া মূল সমস্যাৰ বিষয়ে চৰ্চা কৰা নহয়, কথা পতা নহয়। হিন্দু-মুছলাম, মন্দিৰ-মছজিদ আদিক লৈ চৰ্চা হয়, কথা পতা হয়। আনকি কৃষকৰ সমস্যাকলৈও কথা পতা নহয় দেশত।’

বিজেপি চৰকাৰে বিহাৰখন ধ্বংস কৰিলে বুলি দাবী কৰি তেওঁ আৰু কয় যে ‘যোৱা ১৫ টা বছৰত বিহাৰত বিজেপিয়ে কি কৰিলে তাকে মই অসমত ক’বলৈ আহিছো। সাম্প্ৰদায়িক শক্তিবোৰ অসমৰ বাবে সঠিক নহয় আৰু তাক আমি ঐক্যৱদ্ধভাৱে ৰোধ কৰিবলৈ চেষ্টা কৰিম।’

অসম আৰু বিহাৰৰ নিৱনুৱা সমস্যা প্ৰায় একে বুলি দোহাৰি তেজস্বী যাদৱে লগতে কয় যে অসমৰ ৰাজনৈতিক দলবোৰ বিজেপিৰ চক্ৰান্তৰ পৰা সৱাধান হ’ব লাগে।

আনহাতে নতুনকৈ উদ্যোগীকৰণ কৰাৰ পূৰ্বে মৃত্যুমুখত পৰা উদ্যোগসমূহক জীয়াই তুলিবলৈ চৰকাৰক দাবী জনায় আৰজেডিৰ নেতা তেজস্বী যাদৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd