তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত আজি ৰেলৱে বিভাগে আজি এক উচ্ছেদ অভিযান চলায়। ৰেলৱে ষ্টেচনটোৰ তেনেই সমীপত অবৈধভাৱে ভূমি বেদখল কৰি বাসগৃহ সাজি বহু বছৰ ধৰি উক্ত পৰিয়াল ৮টা আৰু ৩খন ব্যৱসায়িক প্ৰতিষ্ঠান চলি আছিল।
ইয়াৰ পূৰ্বে কেইবাবাৰো বেদখল মুক্ত কৰিবলৈ আহিও ৰে’ল বিভাগ সফল হোৱা নাছিল। এই পৰিয়াল কেইটাই এই উচ্ছেদ অভিযানত স্থগিতাদেশৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত গোচৰো তৰিছিল।
কিন্তু ন্যায়ালয়ে এই আবেদন খাৰিজ কৰাৰ পাছত আজি ৰেল বিভাগৰ এটা বৃহৎ দল এক্সভেটৰ সহ উপস্থিত হৈ অভিযান চলাই ভূমিখিনি বেদখল মুক্ত কৰে। অৱেশ্য ৰেল বিভাগৰ ভূমি বেদখল কৰি থকা তাতকৈ অধিক সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বৃহৎ পকীগৃহ আছে যদিও ৰে’ল বিভাগে ৰহস্যজনকভাৱে এই সমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিভাগটোৱে খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি অৱলম্বন কৰাত সৰ্বসাধাৰণ ৰাইজ ক্ষুণ্ণ হৈ উঠিছে।
উল্লেখ্য যে উত্তৰ পূবৰ সৰ্ব্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডুৰ সৈতে ১৮৮২ চনত বৃটিছে ডিব্ৰু-শদিয়া নামৰ ৰেলখনৰ জৰিয়তে বহিঃজগতৰে সম্পৰ্ক স্থাপন কৰিছিল। আজিকোপতি ৰেল বিভাগ তথা চৰকাৰক উত্তৰ পূৰ্বৰ ভিতৰে সৰ্বাধিক ৰাজহ আদায় দিয়া ৰেল ষ্টেচন হৈছে লিডু। কিন্তু লিডু গুৱাহাটী ইণ্টাচিটী ৰেলখনৰ বাদে কোনো দুৰণিবটীয়া ৰেল নাই। অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ লিডুৱেই হৈছে শেষৰটো ৰেল ষ্টেচন।
এই ষ্টেচন পৰা কেইবাখনো দুৰণিবটীয়া ৰেল সেৱাৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ পাইছিল যদিও ষ্টেচনটোৰ সন্মুখভাগত থকা অবৈধ বেদখলৰ জৰিয়তে একাংশ ব্যক্তিয়ে গঢ়ি তোলা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে এয়া হৈ উঠা নাই বুলি চৰ্চা হৈ আহিছে।
নিয়ম অনুসৰি ৰেল ষ্টেচনৰ সন্মুখ ভাগত পৰ্যাপ্তভাৱে মুকলি স্থান থাকিব লাগে আৰু গাড়ী অহা যোৱাৰ পৰ্যাপ্ত সুবিধা থাকিব লাগে। কিন্তু এই বেদখলৰ বাবে এয়া হৈ উঠা নাই। স্বাভাৱিক ভাৱেই লিডুৰ পৰা দুৰণিবটীয়া ৰে’লসেৱাই স্থানীয় অৰ্থনীতত সু-প্ৰভাৱ পেলালেহেঁতেন। কিন্তু মুষ্টিমেয় কেইজনমান ব্যক্তিৰ বাবে বছৰ বছৰ ধৰি সেয়া হৈ উঠা নাই বুলি অভিযোগ উঠিছে। আজিৰ উচ্ছেদৰ পাছত ৰেল বিভাগে লিডুৰ ৰেল ষ্টেচনটো সম্প্ৰসাৰণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।