• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগা চূড়ান্ত চুক্তি-চৰ্চাৰ মাজতে ৰুদ্ধদ্বাৰ বৈঠকত মোদী-ৰৱি

Nenow অনুপ শৰ্মা
গুৱাহাটী , October 10, 2019 10:18 pm

2 min read

modi-ravi RN Ravi calls on Modi over Naga peace talks

নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যপাল ৰৱিৰ বৈঠকৰ ফাইল ছবি।

2.5k
VIEWS
Share on FacebookShare on Twitter

এন এছ চি এন (আই এম)এ নাগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দাবী কৰি অহাৰ সময়তে সত্তৰ বছৰীয়া বিষয়টো সমাধানৰ বাবে বৃহস্পতিবাৰে নতুন দিল্লীত আৰম্ভ হৈছে আন এলানি আলোচনা।

শান্তি আলোচনাটোত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী, নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰৱিয়ে বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে, আৰু এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে।

বৈঠকখনৰ কোনো বিবৃতি প্ৰকাশ পোৱা নাই যদিও, ধাৰণা কৰা হৈছে নাগা বিষয়টোৰ মধ্যস্থতাকাৰীজনে এন এছ চি এন (আই এম)ৰ দাবীসমূহ সম্পৰ্কে প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে।

এন এছ চি এন (আই এম) নেতৃত্বই চলিত বৰ্ষৰ আগষ্টত প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল, “নাগা পতাকা আৰু সংবিধানৰ দৰে বিষয়সমূহ সম্পৰ্কে একমত হ’ব পাৰিলেহে কেৱল নাগা বিষয়ক লৈ এক সন্মানজনক সমাধান সম্ভৱ হ’ব।”

এন এছ চি এন (আই এম)এ ১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই আছে।

সাৰ্বভৌম নাগাভূমিৰ বাবে যুঁজা এন এছ চি এন (আই এম)এ ভাৰতীয় ফেদাৰে’চনৰ ভিতৰতে বিশেষ মৰ্য্যাদাৰে থকাৰ এক বন্দৱস্তিত ভাৰত চৰকাৰৰ সৈতে সন্মত হোৱাৰ পিছত এখন ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট স্বাক্ষৰিত হৈছিল।

কিন্তু, যোৱা চাৰি বছৰে সুকীয়া পতাকা আৰু সংবিধানক লৈ দুয়ো পক্ষ ঐকমত্যত উপনীত হ’ব নোৱাৰা বাবে আলোচনাটো আগবাঢ়িব পৰা নাই, এন এছ চি এন (আই এম)ৰ দাবী।

এন এছ চি এন (আই এম) অধ্যক্ষ কিউ তুকু আৰু সাধাৰণ সম্পাদক থুইগালেং মুইভাই এই বছৰৰ আগষ্টত প্ৰধান মন্ত্ৰী মোদীলৈ লিখা পত্ৰত কৈছিল, মূল বিষয় নাগা পতাকা আৰু সংবিধান অবিহনে যিকোনো সমাধানেই হ’ব সন্মানৰ পৰা বহু দূৰ, কাৰণ তাতে নাগা গৌৰৱ আৰু পৰিচয় গভীৰভাৱে প্ৰোথিত হৈ আছে।

এন এছ চি এন (আই এম) নেতৃত্বই বিষয়টোত একেবাৰে মুখ খোলা নাই যদিও, জানিব পৰামতে নতুন দিল্লীত বৃহস্পতিবাৰৰ বৈঠকখন ধনাত্মকভাৱেই সামৰণি পৰিছে।

নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰৱিক যোৱা ১ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া হৈছিল।

ক’হিমাৰ এক জনসভাত চলিত বৰ্ষৰ আগষ্টতে ৰৱিয়ে ৰখা বক্তব্যত নাগা আলোচনাটো তিনি মাহৰ ভিতৰত সমাপ্ত হ’ব বুলি সদৰী কৰিছিল।

নাগালেণ্ডৰ ৰাজ্যপালজনে লগতে কৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনি মাহৰ ভিতৰতে আলোচনাটোৰ সামৰণি মাৰিব খুজিছে।

লগতে পঢ়ক– নাগা পতাকা আৰু সংবিধান চূড়ান্ত চুক্তিত থাকিব লাগিব: ৰৱিক এন পি এফ

লগতে পঢ়ক– দেৰি কৰিব নালাগে: নাগা আলোচনা সন্দৰ্ভত দুয়ো পক্ষৰ প্ৰতি এন টি চি

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd