চাপৰ থানাৰ অধীনৰ ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুজন যুৱক থিতাতে নিহত হোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে দুয়োখন বাহন ৰাজপথতে দাও দাও কৈ জ্বলি উঠাত ডাম্পাৰখনৰ তলত বাইক খনৰ স’তে সোমাই যোৱা বাইক আৰোহী দুজনৰ এজন অগ্নিদগ্ধ হয়।
আনহাতে আনজন আৰোহী ছিটিকি পৰে । জানিব পৰামতে এ এছ১৭ চি ০৩৭৩ নম্বৰৰ ডাম্পাৰখন চাপৰৰ ফালৰ পৰা গৈ আছিল।
বিলাসীপৰাৰ পৰা চাপৰৰ সাবুল শেখৰ পুত্ৰ শ্বাহৰুখ হ’ক(২৫) আৰু আব্দুল আজিজৰ পুত্ৰ ইমান হুছেইন(২৬) মটৰ চাইকেলেৰে আহি থাকোতে দুৰ্ঘটনাত পতিত হৈ ডাম্পাৰখনৰ তলত সোমাই যায় ।
বালি ভৰ্তি ডাম্পাৰ খনৰ তলত সোমোৱাৰ পাছতে দুয়োখন বাহন জ্বলি উঠে ।
ৰাজপথৰ মাজতে বাহনদুখন দপদপাই জ্বলি উঠাৰ ফলত তলত সোমাই থকা বাইক আৰোহী এজন প্ৰায় ৭০শতাংশ অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
আনহাতে আনজন ছিটিকি পৰে যদিও তেওঁৰো ঘটনাস্থলীতে মৃত্যু হয়।
শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।ইপিনে ৰাজপথৰ মাজতে এইদৰে মালভৰ্তি ডাম্পাৰখন জ্বলি থকাত প্ৰায় তিনিঘণ্টা মান সময় যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।
দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে খবৰ দিয়াত চাপৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি চলোৱা চেষ্টাৰ ফলত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে দুৰ্ঘটনাত নিহত দুই যুৱকৰে মৃতদেহ উদ্ধাৰ কৰি চাপৰ থানালৈ আনে।