মাৰ্ঘেৰিটাত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত স্কুটি চালকৰ মৃত্যু
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বৰগোলাইৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা এজন লোকৰ মৃত্যু হয়৷
প্ৰাপ্ত তথ্য মতে তীব্ৰ বেগী ডাম্পাৰ গাড়ী এখনে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ২৩ ভি ৪৯৩০ নম্বৰৰ এখন স্কুটিক মহটিয়াই নিয়াত স্কুটি চালকজনে থিতাতে মৃত্যুক সাবটি লয়। দুৰ্ঘটনাটোত যুৱকজনৰ শৰীৰ খণ্ড-বিখণ্ড হৈ পৰে।
আনহাতে বাতৰি লেখা সময়লৈকে নিহত যুৱকজনক চিনাক্ত কৰিব পৰা হোৱা নাই।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰসহ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷
উল্লেখযোগ্য যে জাগুন-মাৰ্ঘেৰিটা পথত তীব্ৰ বেগী ডাম্পাৰজাতীয় গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰাটো নিত্যনৈমত্তিক ঘটনাত পৰিণত হৈছে৷ কিন্তু ইয়াৰ পাছতো প্ৰসাশনে আজি পৰ্যন্ত এই গাড়ীসমূহক নিয়ন্ত্ৰণ কৰাত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল।