NORTHEAST NOW (Assamese)

অসমৰ বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালীলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ৰোল মডেল এৱাৰ্ড

January 8, 2019 11:29 am · এন ই নাও নিউজ
বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালী। ফটো: ৰিডিফ ডটকমৰ সৌজন্যত

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰযুক্তিবিদ, উদ্ভাৱক ড০ ভৰালীলৈ ৰোল মডেল এৱাৰ্ড আগবঢ়াইছে। যুৱ সমাজৰ আদৰ্শ, অনুকৰণীয় ব্যক্তি ড০ ভৰালীলৈ আগবঢ়োৱা এই বঁটাই সমগ্ৰ অসমবাসীকে উৎসাহিত কৰি তুলিছে।

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা জাগ্ৰুতি ২০১৯’ সৰ্বভাৰতীয় যুৱ মহোৎসৱত বিশিষ্ট উদ্ভাৱকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে থিংক ইণ্ডিয়াৰ যৌথ সহযোগত আগবঢ়োৱা এই সন্মান ড০ ভৰালীক অহা ১৩ জানুৱাৰিত বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত প্ৰদান কৰা হ’ব।

তদুপৰি, উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সেই দিনাই ড০ ভৰালীয়ে গ্ৰাম্য ভাৰতত প্ৰযুক্তিৰ প্ৰয়োজনীয়তা শীৰ্ষক এক বক্তৃতা প্ৰদান কৰিব।

উল্লেখযোগ্য যে ডিছক’ভাৰী, হিষ্টৰী চেনেল আৰু বি বি চি ৱৰ্ল্ডত ড০ উদ্ধৱ ভৰালীৰ আৱিষ্কাৰ সন্দৰ্ভত বহুল প্ৰচাৰ হোৱাৰ পাছত বৰ্তমানেও বিশিষ্ট উদ্ভাৱকগৰাকী বিভিন্ন আৱিষ্কাৰত ব্যস্ত হৈ আছে। ড০ ভৰালীয়ে প্ৰযুক্তিৰ জগতখনত ইতিমধ্যে ১৪৯টা যন্ত্ৰ আৱিষ্কাৰেৰে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁটা-সন্মান লাভ কৰিছে।

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে আগবঢ়োৱা এই বঁটাই তেওঁক অধিক উৎসাহেৰে কাম কৰি যোৱাত প্ৰেৰণা যোগাব বুলি জানিবলৈ দিয়ে বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালীয়ে।

Related News