উদীয়মান লেখিকা ৰ’জলিনা কলিতাই ‘জীৱনৰ বিস্ময়’ শীৰ্ষক প্ৰৱন্ধ পুথিৰ বাবে অসম বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে I
৪.৫ ছেণ্টিমিটাৰ দীঘল আৰু ৩.৫ ছেণ্টিমিটাৰ পঠালিৰ মুঠ ৪টা প্ৰৱন্ধযুক্ত এই কিতাপখন অসমৰ আটাইতকৈ সৰু কিতাপ ৰূপে অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে I
শ্ৰীমতী কলিতাৰ এই ৰেকৰ্ড সম্পৰ্কীয় সবিশেষ তথ্য ইতিমধ্যেই অসম বুক অৱ ৰেকৰ্ডৰ ৱেবছাইট www.assambookofrecords.in ত উপলব্ধ হৈছে I
মঙ্গলদৈৰ জীয়ৰী ৰ’জলিনাই ২০১৮ চনত মৰমলেণ্ড ৱেলফেয়াৰ ছচাইটিৰ পৰা ‘ নাৰী শক্তি’ বঁটা লাভ কৰে আৰু চলিত বৰ্ষত ‘বিন্দু স্মাৰ্ট’ ৰ পৰা ‘কাব্যশ্ৰী’ সন্মান লাভ কৰে I
‘আগুৱাই যোৱাৰ বাট যেতিয়া কঠিন হৈ পৰে’ তেখেতৰ প্ৰথমখন প্ৰৱন্ধ পুথি I