“কালা কোট জিন্দা হে”! পুনৰ ওকালতিলৈ উভতিল সাংসদ আৰ পি শৰ্মা

“হিমন্তক ৰাৱণৰ লগত তুলনা কৰিলেও ৰাৱণৰে বদনাম হ’ব”

Former MP RP Sharma to get reactivated

আৰ পি শৰ্মাৰ ফাইল ছবি।

অৱশেষত ওকালতিৰ ক্ষেত্ৰখনলৈ পুনৰ উভতি আহিল তেজপুৰৰ সাংসদ আৰ পি শৰ্মা। পাঁচ বছৰ শাসক দলৰ সাংসদ হৈ থকাৰ পাছত ‘কালা কোট জিন্দা হে’ কথাষাৰকেই সাৰোগত কৰি পূৰ্বৰ পেচালৈ ঘূৰিল শৰ্মা।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰ পোচাকত উপস্থিত হৈয়েই সংবাদ মাধ্যমৰ আগত শৰ্মাৰ মন্তব্য, “ওকালতিৰ মাজেৰেই মই ৰাজনীতিও শিকিছো, ৰাইজৰ মৰমো পাইছো। ওকালতি আৰু ৰাজনীতি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি”।

ওকালতিলৈ ঘূৰিলেও তেওঁ ৰাজনীতিত সক্ৰিয় হৈয়ে থাকিব বুলি উল্লেখ কৰি আশা প্ৰকাশ কৰে ৰাজনীতি আৰু ওকালতি একে সময়তে চলাই নিব পাৰিব।

ওকালতি আৰম্ভ কৰা ৩৮ বছৰ হ’ল আৰু এই সময়ছোৱাত আৰম্ভণিৰ পৰাই ৰাজনীতি কৰি আহিছে, সাংসদগৰাকীয়ে জনায়।

তেজপুৰ সমষ্টিৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভতো কৌশলপূৰ্ণ মন্তব্য আগ বঢ়ায় সাংসদজনে-

“তেজপুৰত সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ ক্ষোভ আছিল, অৱশ্যে ৰাইজে কি কৰিছে, সেই কথা প্ৰকাশ কৰা নাই। কিন্তু গভীৰ নদীৰ ওপৰভাগত যেনেকৈ শান্ত হৈ বৈ থাকে ঠিক তেনেকৈ তেজপুৰতো ৰাইজৰ চেহেৰা গভীৰ আৰু শান্ত দেখিছো, এইটো বিপদৰ চিন”, শৰ্মাই কয়।

সাংসদজনে বিজেপি ত্যাগ কৰি কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও তেওঁৰ পদত্যাগ পত্ৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰা নাই বুলি জনালে। লগতে গুৱাহাটী সমষ্টিতেই তেওঁৰ ভোট থকা বুলি জানিবলৈ দি গুৱাহাটীত কুইন ওজাকেই ভোট দিয়াৰ কথাও মুকলিকৈ প্ৰকাশ কৰে।

ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আজি পুনৰ সৰৱ হয় তেজপুৰত এইবাৰ টিকটৰ পৰা বঞ্চিত সাংসদগৰাকী। সমষ্টিটোত তেওঁ টিকটৰ পৰা বঞ্চিত হ’ল যদিও হিমন্ত বিশ্ব শৰ্মা তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাত সফল হ’ব নোৱাৰিলে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

“হিমন্ত বিশ্ব শৰ্মা সফল হ’ব কেনেকৈ। ৰাৱণে সীতাক হৰণ কৰিবলৈ চেষ্টা কৰিলে, সফল হ’লো। অৱশ্যে তেওঁক ৰাৱণৰ লগত তুলনা কৰিলেও ৰাৱণৰ বদনামহে হ’ব, কাৰণ ৰাৱণ গুণী-জ্ঞানী আৰু শিৱভক্ত আছিল, তেওঁৰ ৰাজ্যত প্ৰজাৰ দুখ হোৱা নাছিল”, হিমন্ত বিশ্ব শৰ্মা ৰাৱণৰ সৈতেও তুলনাৰ অযোগ্য বুলি ইংগিত দি আৰ পি শৰ্মাই কয়।

নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কৰা নৃত্যৰ প্ৰসংগতো কটাক্ষ কৰে আৰ পি শৰ্মাই। ২০ এপ্ৰিলত গুৱাহাটী কুইন ওজাৰ সমৰ্থনত হিমন্তই নাচি থাকোঁতে বাগৰি পৰা কথাটোত তেওঁ কয়, “এয়া আৰ পি শৰ্মাৰ শক্তি। তেওঁ মানক বা নামানক ৫১ বছৰ ৰাজনীতিৰ অভিজ্ঞতা আৰু ৩৮ বছৰ ওকালতিৰ অভিজ্ঞতা আছে। ৰাইজ মোৰ লগত আছে”।

ইয়াৰ উপৰি তেওঁ কয়, “বানপানী আহিলে পানীৰ বিশুদ্ধতা নাইকিয়া হয়, ২০১৬ চনতো অসমৰ বিজেপিত বানপানী আহিছিল। গতিকে বিজেপিৰ শুদ্ধতা নাইকিয়া হৈ গ’ল, আৰ এছ এছ কি, বিজেপিৰ আদৰ্শ কি, শ্যামা প্ৰসাদ মুখাৰ্জী কি, দীনদয়াল উপাধ্যায় কি, অটল বিহাৰী বাজপেয়ী কোন, লালকৃষ্ণ আদৱানি কোন, মুৰলী মনোহৰ যোশী কোন এইবিলাক সকলে পাহৰি গ’ল”।