NORTHEAST NOW (Assamese)

ৰে’লৱে সুৰক্ষা বাহিনীৰ প্ৰচেষ্টাত পৰিয়ালৰ লোকৰ সৈতে পুনৰ মিলন তিনিগৰাকী কিশোৰৰ

July 29, 2019 9:25 pm · এন ই নাও নিউজ
Updated: July 29, 2019 9:27 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত ৰঙাপাৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে দেওবাৰে তিনিজন কিশোৰক উদ্ধাৰ কৰে আৰু পৰিয়ালৰ লোকৰ হাতত গটাই দিয়ে।

ৰঙাপাৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে বিশেষ সূত্ৰৰ পৰা নামনিমুৱা ১৫৬১৮ নম্বৰৰ দনৈ পোলো এক্সপ্ৰেছত তিনিজন ল’ৰাই ঘৰৰ পৰা পলাই অহা বুলি টেলিফোন যোগে খবৰ লাভ কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি ৰে’লৱে সুৰক্ষা বাহিনীৰ উদ্ধাৰকাৰী দলে খবৰ লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰে আৰু ল’ৰা তিনিজনক চিনাক্ত কৰি ৰঙাপাৰাত থকা ৰে’ল সুৰক্ষা বাহিনীৰ হাতত গটাই দিয়ে।

ল’ৰা তিনিজন উদ্ধাৰ হোৱাৰ পাছত ৰে’লৱে সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ পৰিয়ালৰ লোকক খবৰ দিয়ে। ৰে’লৱে সুৰক্ষা বাহিনীৰ খবৰৰ ভিত্তিত সন্ধাহীন হোৱা ল’ৰা তিনিজনৰ পৰিয়ালৰ লোক দেওবাৰে ৰঙাপাৰাত উপস্থিত হয় আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে পৰিয়ালৰ হাতত ল’ৰা তিনিজনক গটাই দিয়ে।

ৰঙিয়াত থকা ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে দেওবাৰে এগৰাকী কিশোৰী আৰু এজন কিশোৰক ৰঙিয়া ষ্টেশ্যনত অসংযত অৱস্থাত উদ্ধাৰ কৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ কৰে।

ৰে’লৱে আৰক্ষীৰ জেৰাত দুয়োগৰাকীয়ে ঘৰৰ পৰা পলাই অহা বুলি উল্লেখ কৰে। বিভাগৰ ফালৰ পৰা তেওঁলোক কোনোধৰণৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা নাই বুলি নিশ্চিত কৰা হয়।

পৰৱৰ্তীসময়ত দুয়োগৰাকীকে কামৰূপৰ চাইল্ড লাইনত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে গটাই দিয়া হয়।

Related News