ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম গুৰুত্বপূৰ্ণ গীত ‘বন্দে মাতৰম’-ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সময়তে এই বিষয়টোক লৈ ৰাজনৈতিক বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। কংগ্ৰেছ দলে শাসকীয় বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰিছে যে তেওঁলোকে কেতিয়াও নিজৰ কাৰ্যালয় বা শাখাসমূহত ‘বন্দে মাতৰম’ বা ‘জন গণ মন’ পৰিৱেশন কৰা নাই।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এক আনুষ্ঠানিক বিবৃতিত এই অভিযোগ উত্থাপন কৰে।
খাৰ্গেৰ মতে, বিজেপি আৰু আৰ এছ এছে এই গীতসমূহৰ সলনি নিজৰ সংগঠনক মহিমামণ্ডিত কৰা গীত “নমস্তে সদা বাৎসলে”ক প্ৰাৰ্থনা হিচাপে গাবলৈহে অধিক পছন্দ কৰে।
কংগ্ৰেছে দাবী কৰিছে যে ১৯২৫ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা আৰ এছ এছে ‘বন্দে মাতৰম’-ক অৱহেলা কৰি আহিছে আৰু তেওঁলোকৰ কোনো গ্ৰন্থ বা সাহিত্যতো ইয়াৰ উল্লেখ নাই।
খাৰ্গেয়ে আৰ এছ এছ-এ ব্ৰিটিছক সমৰ্থন কৰা, জাতীয় পতাকা উত্তোলন কৰিবলৈ অস্বীকাৰ কৰা আৰু সংবিধানৰ অপব্যৱহাৰ কৰাৰ দৰে কামৰ বাবেও সমালোচনা কৰে।
তেওঁ উল্লেখ কৰে যে ১৯৮৬ চনৰ পৰা আজিলৈকে কংগ্ৰেছৰ প্ৰতিখন সভা, সেয়া পূৰ্ণাংগ অধিৱেশন হওক বা ব্লক পৰ্যায়ৰ বৈঠকেই হওক, তাত ‘বন্দে মাতৰম’ শ্ৰদ্ধাৰে পৰিৱেশন কৰি অহা হৈছে।
খাৰ্গেৰ মতে, কংগ্ৰেছ দলেই হৈছে ‘বন্দে মাতৰম’ৰ ধ্বজাবাহক”। ১৮৯৬ চনত কলকাতাত কংগ্ৰেছৰ অধিৱেশনত তেতিয়াৰ সভাপতি ৰহমাতুল্লাহ ছায়ানীৰ নেতৃত্বত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এই গীতটো গাইছিল, যিয়ে স্বাধীনতা সংগ্ৰামত এক নতুন মাত্ৰা দিছিল।
উল্লেখ্য যে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ১৮৭৫ চনৰ ৭ নৱেম্বৰত তেওঁৰ ‘আনন্দমথ’ উপন্যাসৰ অংশ হিচাপে এই গীতটো ৰচনা কৰিছিল। ১৯৩৭ চনত কংগ্ৰেছে ইয়াক “ভাৰতৰ ৰাষ্ট্ৰীয় গীত” হিচাপে গ্ৰহণ কৰে আৰু ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংবিধান সভাই ইয়াক ভাৰতৰ জাতীয় গীত হিচাপে গ্ৰহণ কৰে।





