• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ভাৰতৰ একপক্ষীয় আধিপত্যও মেচখনৰ পৰিসংখ্যাত স্পষ্ট হৈ পৰিছে। ভাৰতে মুঠ ১৯টা গ’ল, ১৮টা পেনাল্টি কৰ্ণাৰ আৰু এটা পেনাল্টি ষ্ট্ৰ’ক আদায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2026 4:09 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আক্রমণাত্মক হকীৰ দুৰ্দান্ত প্রদর্শনেৰে ভাৰতে ২০২৬ চনৰ মহিলা জুনিয়ৰ এছিয়া কাপৰ ছেমি ফাইনেলত প্রৱেশ কৰিলে৷ ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে কোৱাৰ্টাৰ ফাইনেল-১ত পাকিস্তানক বিধ্বস্ত কৰি ১৯-০ গ’লত জয়লাভ কৰে।

খেলৰ আৰম্ভণিৰে পৰা ভাৰতে এটাৰ পিছত এটাকৈ পাকিস্তানক আক্ৰমণ কৰি থাকে। প্ৰথম পাঁচ মিনিটত একেৰাহে দুটা পেনাল্টি কৰ্ণাৰ লাভ কৰে। অৱশ্যে সেই সুযোগ কামত লগাব নোৱাৰিলে ভাৰতে। ষষ্ঠ মিনিটত এটা গ’ল দিয়া হৈছিল  যদিও ৰেফাৰীৰ ৰেফাৰেলৰ পিছত গ’ল বাতিল হৈ যায়।

তাৰ পাছত সপ্তম মিনিটত ভাৰতে আন এটা পেনাল্টি কৰ্ণাৰ লাভ কৰে। এইবাৰ পূজা চাহুৱে কোনো ভুল নকৰিলে। নিজৰ গ’লেৰে ১-০ গ’লত অগ্ৰগতি লাভ কৰে ভাৰতে। নৱম মিনিটত ফিল্ড গ’ল দি ৰোশনীয়ে অগ্ৰগতি বৃদ্ধি কৰে। তনুশ্ৰী দীনেশ কাডুৱে ১১ মিনিটত ভাৰতক ৩-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।

Apply Now

১৩ মিনিটত পাকিস্তানী বক্সৰ ভিতৰত হোৱা ফাউলৰ বাবে ভাৰতে পেনাল্টি ষ্ট্ৰ’ক লাভ কৰে। সুযোগ কামত লগাই সুখবীৰ কৌৰে ৪-০ গ’লত অগ্ৰগতি আনি দিয়ে। প্ৰথম কোৱাৰ্টাৰৰ শেষৰ ফালে শানিকা চন্দ্ৰকান্ত মানে আন এটা ফিল্ড গ’ল দি ভাৰতক ৫-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।

দ্বিতীয় কোৱাৰ্টাৰতো ছবিখন একেই আছিল। ১৬ মিনিটত মধু সিদাৰ আৰু ১৮ মিনিটত গীতা যাদৱে গ’ল দিয়ে। ২৩ মিনিটত শানিকা মানেই দ্বিতীয়টো গ’ল দিয়াত ভাৰতে ৮-০ গ’লত অগ্ৰগতি লাভ কৰে। ২৫ মিনিটত তনুজা টপোৱে গ’ল দি ভাৰতক ৯-০ গ’লত অগ্ৰগতি দিয়ে। পূজা মালিকে ২৭ মিনিটত পেনাল্টি কৰ্ণাৰত ভাৰতৰ হৈ দশমটো গ’ল দিয়ে।

প্ৰথমাৰ্ধৰ শেষত ভাৰতে ১০-০ গ’লত আগবাঢ়ি আছিল। প্ৰথম দুটা কোৱাৰ্টাৰত ভাৰতে ৮টা পেনাল্টি কৰ্ণাৰ আৰু এটা পেনাল্টি ষ্ট্ৰ’ক আদায় কৰে।

তৃতীয় কোৱাৰ্টাৰতো ভাৰতৰ আধিপত্য অব্যাহত থাকে। ৩৩ মিনিটত পেনাল্টি কৰ্ণাৰত পূৰ্ণিমা যাদৱে গ’ল দিয়ে। ৩৯ মিনিটত দ্বিতীয়টো গ’ল দিয়ে মধু সিদাৰে। ইয়াৰ এক মিনিটৰ পাছত সুপ্ৰিয়াই আন এটা পেনাল্টি কৰ্ণাৰত গ’ল দিয়াত ভাৰতে  ১৩-০ত অগ্ৰগতি লাভ কৰে।

অৱশ্যে শেষ কোৱাৰ্টাৰত ভাৰতৰ গ’লৰ ক্ষুধা আৰু অধিক বৃদ্ধি পালে। ৪৮ মিনিটত কৃষ্ণা শৰ্মাই প্ৰথমটো গ’ল দিয়ে। ৪৯ মিনিটত পূজা মালিকে দ্বিতীয়টো গ’ল দিয়ে। ৫১ মিনিটত পুনৰ গ’ল দি মালিকে নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে।

৫৪ মিনিটত পেনাল্টি কৰ্ণাৰত সুপ্ৰিয়াই দ্বিতীয়টো গ’ল দিয়ে। পিছৰ মিনিটত বিনিমা ধনে ফিল্ড গ’লেৰে ১৮-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ একেবাৰে শেষ মুহূৰ্তত ৰোশনীয়ে দ্বিতীয়টো গ’ল দি ১৯-০ গ’লত ভাৰতৰ জয় নিশ্চিত কৰে।

ভাৰতৰ একপক্ষীয় আধিপত্যও মেচখনৰ পৰিসংখ্যাত স্পষ্ট হৈ পৰিছে। ভাৰতে মুঠ ১৯টা গ’ল, ১৮টা পেনাল্টি কৰ্ণাৰ আৰু এটা পেনাল্টি ষ্ট্ৰ’ক আদায় কৰে। আনহাতে সমগ্ৰ খেলখনত পাকিস্তানে কোনো গ’ল, পেনাল্টি কৰ্ণাৰ বা পেনাল্টি ষ্ট্ৰ’ক লাভ কৰা নাছিল।

এই বিশাল জয়ৰ জৰিয়তে ভাৰতে ২০২৬ চনৰ মহিলা জুনিয়ৰ এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা ১২ ছেপ্টেম্বৰত ছেমি ফাইনেলত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেল-৪ৰ বিজয়ী দলৰ বিৰুদ্ধে ভাৰত মুখামুখি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd