• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰৰ মতে ‘SI পৰীক্ষা কেলেংকাৰী নহয়, বেমেজালি হে’!

‘অখিল গগৈয়ে এখন এখন নাটক সৃষ্টি কৰে আৰু বাস্তৱত কাম কৰি আছো আমি’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 27, 2020 8:37 pm

2 min read

Akhil Rupam Final
739
VIEWS
Share on FacebookShare on Twitter

কালি GMCH ৰ চৌহদত কাৰাৰুদ্ধ অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘অপদাৰ্থ মুখ্যমন্ত্ৰী’ আখ্যা দিয়াৰ লগতে তেওঁৰ পদত্যাগৰ দাবী তোলাৰ পাছতেই অখিলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ নেতৃত্ব।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি অখিল গগৈক কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

অখিল গগৈক কটাক্ষ কৰি গোস্বামীয়ে কয় ‘অখিল গগৈৰ আন্দোলনৰ সত্ত্বাক সন্মান জনাওঁ। কিন্তু তেওঁ যিধৰণে অশালীন শব্দ-বাক্য ব্যৱহাৰ কৰে সেয়া অসমৰ ৰাইজে গ্ৰহণ কৰে নে নকৰে সেয়া অসমৰ জনসাধাৰণলৈ এৰিলো।‘

সংবাদমেলত ৰূপম গোস্বামীৰ প্ৰশ্ন ‘অখিল গগৈয়ে দৈয়াং টেঙানিৰ ৰাইজক সাৰথি কৰি আন্দোলন আৰম্ভ কৰিছিল। কিন্তু আজিলৈকে তেওঁলোকক এক ইঞ্চি মাটি দিব পাৰিলে নে? এই আন্দোলন কেনেধৰণে পৰিসমাপ্তি হ’ল?’

ইপিনে, ‘অখিল গগৈয়ে এখন এখন নাটক সৃষ্টি কৰে আৰু বাস্তৱত কাম কৰি আছো আমি‘ বুলি দাবী কৰি তেওঁ লগতে কয় ‘চৰকাৰে ইতিমধ্যে ৪৬০০০ খিলঞ্জীয়া লোকক ভুমিৰ পট্টা প্ৰদান কৰিছে। আৰু প্ৰায় ৬৪ হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰিব। মুঠ ১ লাখ ৫ হাজাৰ লোকে এইখন চৰকাৰৰ দিনত ভুমি পট্টা লাভ কৰিব।‘

পুনৰ অখিল গগৈক প্ৰশ্ন কৰি গোস্বামীয়ে কয় ‘তেওঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত ফাইল কিছুমান  লৈ ঘুৰি ফুৰিছিল সেইবোৰ এতিয়া ক’ত গ’ল?’

ইপিনে, অখিল গগৈৰ গুৱাহাটীৰ চান্দমাৰীৰ বাসগৃহক লৈয়ো সন্দেহ প্ৰকাশ কৰে ৰূপম গোস্বামীয়ে।

তেওঁ কয় ‘দৈয়াং টেঙানিৰ কৃষকসকলক মাটি দিব নোৱাৰিলে যদিও অখিল গগৈয়ে গুৱাহাটীত ঘৰে -মাটিয়ে কৰিলে। তেওঁ কেনেকৈ গুৱাহাটীত ইমান মাটি-বাৰী ক্ৰয় কৰিব পাৰিলে? গুৱাহাটীত ঘৰ-মাটি কৰাটো ধেমালি কথা নহয় কিন্তু।‘

‘অখিল গগৈয়ে কাজিৰঙাৰ বেদখলকাৰীসকলৰ পক্ষত থিয় দিছিল। তেওঁ কাজিৰঙাৰ অৰ্কিড উদ্যানখন কিন্তু সুন্দৰকৈ কৰিলে।‘ গগৈক কটাক্ষ কৰি গোস্বামীয়ে কয়।

অখিল গগৈক কৰা এই কটাক্ষৰ পাছত গগৈৰ প্ৰতিক্ৰিয়া কি হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব।

ইপিনে, তেওঁৰ মতে ‘SI পৰীক্ষা কেলেংকাৰী নহয়, বেমেজালিহে। কংগ্ৰেছৰ দিনত পিছ দুৱাৰেদি চাকৰি লৈ আমাৰ চৰকাৰৰ দিনত জেইলৰ ভাত খোৱাটোকহে কেলেংকাৰী বুলি কয়।’

‘এচাম দুষ্স্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি নষ্ট কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁলোক বিফল হ’ল। টীম অসমে দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যুঁজ দি আছে। বিজেপি দল কোনো অপৰাধীৰ লগত নাই।’ সংবাদমেলত গোস্বামীয়ে এইদৰে কয়।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd