NORTHEAST NOW (Assamese)

ইউক্ৰেইন যুদ্ধ দীঘলীয়া কৰিব বিচাৰিছে আমেৰিকাই! অভিযোগ ৰাছিয়াৰ

June 2, 2022 11:54 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকান ৰাষ্ট্ৰপতি জ’ বিডেনে ইউক্ৰেইনক নতুন দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনত যুদ্ধ দীঘলীয়া কৰিবলৈ বিচাৰিছে বুলি অভিযোগ কৰিছে ৰাছিয়াই।

আমেৰিকাৰ ঘোষণাৰ পিছতে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে আমেৰিকা যুক্তৰাষ্ট্ৰই ইচ্ছাকৃতভাৱে যুদ্ধত ইন্ধন যোগাইছে বুলি অভিযোগ কৰে।

তেওঁ কয়, “এনে ধৰণৰ অস্ত্ৰৰ যোগানৰ ফলত ইউক্ৰেইনৰ নেতৃত্বই শান্তি আলোচনা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আগবঢ়াৰ আশা কৰিব নোৱাৰি।”

আমেৰিকাৰ মিছাইল যোগানৰ ঘোষণাৰ সমসাময়িকভাৱে জাৰ্মানীয়েও ইউক্ৰেইনক বায়ু প্ৰতিৰক্ষা প্ৰণালী ঘোগানৰ প্ৰতিশ্ৰুতি দিছে।

বায়ু প্ৰতিৰক্ষা প্ৰণালী, IRIS-T প্ৰণালীক জাৰ্মানীৰ আটাইতকৈ আধুনিক প্ৰণালী বুলি অভিহিত কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীৰ এই ঘোষণাৰ পিছতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে দাবী কৰে যে এই পদক্ষেপবোৰে কেইবা মাহ ধৰি চলি থকা যুদ্ধত আন তৃতীয় ৰাষ্ট্ৰৰ অন্তৰ্ভুক্তিৰ আশংকা কঢ়িয়াই আনিব।

আনহাতে ৰাছিয়াৰ দাবীৰ পিছতে আমেৰিকাই কয় যে এই মিছাইলসমূহে ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ পৰা শত্ৰু বাহিনীক অধিক সঠিকভাৱে আঘাত কৰাত সহায় কৰিব। কিন্তু আমেৰিকাই ইউক্ৰেইনক ৰাছিয়াৰ ভিতৰৰ লক্ষ্যৰ বাবে অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিয়ে।

আমেৰিকান ৰাষ্ট্ৰপতি বিডেনে দাবী কৰিছিল যে এই অস্ত্ৰসমূহে ৰাছিয়াৰ বিৰুদ্ধে কিয়েভৰ আলোচনাৰ স্থিতি শক্তিশালী কৰিব আৰু কূটনৈতিক সমাধানৰ সম্ভাৱনা বৃদ্ধি কৰিব।

Related News