ইউক্ৰেইনৰ ৰাছিয়ান দখলত থকা চাৰিটা অঞ্চলত মস্কোৰ নিৰ্ধাৰিত কৰ্তৃপক্ষই আঞ্চলিক নিৰ্বাচনৰ আয়োজন কৰিছে। বৃহস্পতিবাৰৰ পৰা ভোটদান আৰম্ভ হৈছে। ১০ ছেপ্টেম্বৰলৈকে চলিব এই ভোটদান। ইউক্ৰেইনত চলি থকা সংঘাতৰ মাজতো মস্কোৰ কৰ্তৃত্ব নিশ্চিত কৰাৰ লক্ষ্যৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।
ভোটদান অনুষ্ঠিত চাৰিটা অঞ্চলৰ কোনোটোৱেই সম্পূৰ্ণৰূপে ৰাছিয়াৰ নিয়ন্ত্ৰণত নাই। এই চাৰিটা অঞ্চল হ’ল – ডনেট্স্ক, লুহানস্ক, জাপোৰিজ্জিয়া আৰু খেৰচন। যোৱা বছৰ মস্কোৱে এই অঞ্চলসমূহক নিজৰ অংশ হিচাপে ঘোষণা কৰিছিল। ২০১৪ চনত ৰাছিয়াই নিজৰ দখললৈ অনা ক্ৰিমিয়াকে ধৰি এই পাঁচটা অঞ্চলৰ আয়তন ইউক্ৰেইনৰ প্ৰায় এক পঞ্চমাংশ।
লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত যুৱকক ‘হত্যা’, মন্ত্ৰীৰ পুত্ৰৰ পিষ্টলৰ পৰাই চলোৱা হৈছিল গুলী!
যোৱা বছৰৰ অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অনুষ্ঠিত এক ভোটত সদস্য ৰাষ্ট্ৰৰ তিনি চতুৰ্থাংশই ৰাছিয়াৰ এই কাৰ্যক গৰিহণা দিয়ে। তেওঁলোকে ইয়াক ‘অবৈধ অন্তৰ্ভুক্তি’ বুলি উল্লেখ কৰে।
ইউক্ৰেইনৰ বিষয়াসকলে কয় যে এই নিৰ্বাচন অবৈধ। অৰ্থাৎ ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা সকলো সৈন্য প্ৰত্যাহাৰ নকৰালৈকে মস্কোৰ সৈতে কোনো শান্তি আলোচনা সম্ভৱ নহয়।
চাৰিটা অঞ্চলৰ নিৰ্বাচনত মস্কো সমৰ্থিত প্ৰশাসনৰ বাবে গৱৰ্ণৰ নিৰ্বাচন কৰা হ’ব। এই নিৰ্বাচনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সমৰ্থনত গৱৰ্ণৰ পদৰ প্ৰাৰ্থীসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াত তেওঁলোকৰ প্ৰতিযোগিতা নামমাত্ৰ।
লগতে পঢ়ক: পোহনীয়া ভাটৌ চৰাই হত্যাৰ অপৰাধত দুগৰাকী মহিলাক দিয়া হ’ল ২৫ মাহৰ কাৰাদণ্ড
২০২২ চনৰ মে’ মাহত ৰাছিয়াই ডনেট্স্ক অঞ্চলৰ বন্দৰ চহৰ মাৰিউপল দখল কৰে। বাতৰি অনুসৰি, বৃহস্পতিবাৰে আৱাসিক এলেকাত এটা অস্থায়ী ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়।
ক্ৰমান্বয়ে স্থানীয় বাসিন্দাসকল ভোটগ্ৰহণ কেন্দ্ৰলৈ অহা দেখা গৈছে। তেওঁলোকে বিষয়াসকলক ৰাছিয়াৰ পাছপ’ৰ্ট দেখুৱাইছিল। এইবোৰ তেওঁলোকৰ মাজত নতুনকৈ বিতৰণ কৰা হয়।
লগতে পঢ়ক: ধুবুৰীৰ বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু
বহু লোকে ৰাছিয়াৰ নিয়ন্ত্ৰিত অঞ্চল এৰি গৈছে। ইউক্ৰেইনৰ মাৰিউপলৰ নিৰ্বাচিত মেয়ৰ ভাদিম বয়চেংকো নিৰ্বাসিত হৈ আছে। ২০২২ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁ পলায়ন কৰে। বয়চেংকোৱে দাবী কৰিছে যে এই নিৰ্বাচনত কোনো ভোটাৰ তালিকা নাই, প্ৰাৰ্থীৰো কোনো তালিকা নাই। তেওঁ দাবী কৰে যে এইটো এটা প্ৰৱঞ্চনামূলক নিৰ্বাচন।