• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰুছ-ইউক্ৰেইন যুদ্ধত নিহত ৰাছিয়ান সৈনিক : বিদেহ আত্মাৰ শান্তিৰ বাবে গয়াত পিণ্ডদান কৰিলে পৰিয়ালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 7:40 am
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধই বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই আনিছে। এই যুদ্ধত প্ৰাণ হেৰুওৱা এজন ৰাছিয়ান সৈনিকৰ পৰিয়ালে তেওঁৰ আত্মাৰ সদগতিৰ বাবে ৰাছিয়াৰ পৰা বহুদূৰ বাট অতিক্ৰমি বিহাৰৰ গয়াত উপস্থিত হৈছে।

পৰিয়ালটোৱে গয়াৰ পবিত্ৰ ফাল্গু নদীৰ পাৰত উপস্থিত হৈ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে পিণ্ডদান কাৰ্যসূচী সম্পন্ন কৰে। এইদৰে সাত সাগৰৰ পাৰৰ পৰা আহি ভাৰতীয় পৰম্পৰা অনুসৰি মৃতকৰ বাবে প্ৰাৰ্থনা কৰা কাৰ্যই বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Apply Now

ৰাছিয়াৰ পৰা অহা ললিতা ৰাধা ৰাণী ফেচ আৰু তেওঁৰ স্বামী সুন্দৰা ফেচে নিজৰ পৰিয়ালৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। যুদ্ধত ললিতাৰ ভাতৃৰ মৃত্যুৰ পাছত সমগ্ৰ পৰিয়ালটো শোকত ভাঙি পৰিছিল। তেওঁলোকে বিশ্বাস কৰে যে গয়াত পূৰ্বপুৰুষৰ বাবে তৰ্পণ কৰিলে মৃত আত্মাৰ চিৰশান্তি লাভ হয়। সেই বিশ্বাসৰ বশৱৰ্তী হৈয়েই তেওঁলোকে নিজৰ দেশৰ পৰা আহি ফাল্গু নদীৰ পাৰত এই ধৰ্মীয় অনুষ্ঠানটো সম্পূৰ্ণ ভক্তিৰে পালন কৰে।

সুন্দৰা ফেচে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে ভাতৃৰ অকাল মৃত্যুত তেওঁলোক অতিশয় মৰ্মাহত হৈছিল। তেওঁলোকে আগৰে পৰাই গয়াৰ ধৰ্মীয় গুৰুত্বৰ কথা জানিছিল আৰু সেইবাবেই ভাতৃৰ লগতে নিজৰ পিতৃৰ আত্মাৰ শান্তিৰ বাবেও ইয়াত পূজা অৰ্চনা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকৰ আশা যে এই ধৰ্মীয় কাৰ্যৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালত শান্তি, সংহতি আৰু সুখ পুনৰ ঘূৰি আহিব।

স্থানীয় পুৰোহিত কুমাৰ গৌৰৱৰ তত্ত্বাৱধানত এই সমগ্ৰ ধৰ্মীয় বিধি-বিধানসমূহ সম্পন্ন কৰা হয়। পুৰোহিতজনে কয় যে এই ৰাছিয়ান পৰিয়ালটোৱে কেৱল ধৰ্মীয় ৰীতি পালনৰ বাবেই সুদূৰ ৰাছিয়াৰ পৰা গয়ালৈ আহিছে।

উল্লেখযোগ্য যে প্ৰতি বছৰে ভাৰতৰ লগতে বিদেশৰ পৰাও হাজাৰ হাজাৰ ভক্তই নিজৰ পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে গয়াৰ ফাল্গু নদীৰ পাৰলৈ আহে। শেহতীয়া বছৰবোৰত গয়াত বিদেশী ভক্তৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd