কংগ্ৰেছৰ বিশেষ অংক, থাউনি নাপাই আদালতলৈ শচীন পাইলট

pilot-51594887777177

অংকত কেঁচা নহয় কংগ্ৰেছ। সেয়ে ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ত কংগ্ৰেছে এটা বিশেষ অংক কৰি পৰিস্থিতি চম্ভালিব বিচাৰিছে।

ৰাজস্থান বিধান সভাত মুঠ আসন ২০০ খন। সংখ্যা গৰিষ্ঠতাৰ বাবে লাগে ১০১ খন আসন।

কংগ্ৰেছে দলৰ পৰা বিতাড়ণ কৰা শচীন পাইলট সহ আন ১৮ বিধায়কক বিধান সভাত অযোগ্য ঘোষণা কৰিব পাৰিলেই গাদী বচোৱাৰ বাবে প্ৰয়োজন হোৱা আসনৰ সংখ্যাও কমি যাব।

কংগ্ৰেছৰ অংক অধিক সহজ হৈ পৰিল যেতিয়া ৰাজস্থান বিধান সভাৰ অধ্যক্ষ চি পি যোশীয়ে শচীন পাইলট সহ আন বিসম্বাদী বিধায়ক কেইজনক বিধান সভাত অযোগ্য ঘোষণা কৰিলে।

অধ্যক্ষই ভাৰতীয় সংবিধানৰ দশম অনুচ্ছেদৰ অধীনত তেওঁলোকক অযোগ্য ঘোষণা কৰাৰ পিছতে কিছু আশাৰ ৰেঙণি দেখিছে কংগ্ৰেছে।

কিন্তু বিধান সভাৰ অধ্যক্ষ চি পি যোশীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই শচীন পাইলট দ্বাৰস্থ হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ।

এই বিষয়ত ন্যায়ালয়ে কেনে সিদ্ধান্ত লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিছে পাইলট আৰু কংগ্ৰেছৰ ভাগ্য।

অলপতে কংগ্ৰেছ বিধায়নী দলৰ বৈঠকে শচীন পাইলটক উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

কেৱল সেয়াই নহয়, বিধায়নী দলৰ বৈঠকে শচীন পাইলটক ৰাজস্থান কংগ্ৰেছৰ সভাপতি  পদৰ পৰাও অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শচীন পাইলটৰ ঠাইত  ৰাজস্থান কংগ্ৰেছৰ সভাপতি  পদত অধিস্থিত কৰা হৈছে গোবিন্দ সিং ডট্ৰাছাক।

অশোক গেহলটে ৰাজ্যপালক সাক্ষাৎ কৰি আস্থা ভোটৰ সন্মুখীন হবলৈ সাজু বুলি ঘোষণা কৰিছে।