• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বকাপ বিজয়ৰ ঐতিহাসিক মূহুৰ্তটোৰ বাবে শচীনে জিনিলে ‘ল’ৰিয়ছ স্প’ৰ্টিং মোমেণ্ট’ এৱাৰ্ড

যোৱা ২০ বৰ্ষৰ ‘ল’ৰিয়ছ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মূহুৰ্ত’ হিচাপে বিবেচিত হৈছে বিশ্বকাপ বিজৰ পাছতেই সতীৰ্থৰ কান্ধত উঠি থকা শচীনৰ ফটোখন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2020 10:26 am

2 min read

বিশ্বকাপ বিজয়ৰ ঐতিহাসিক মূহুৰ্তটোৰ বাবে শচীনে জিনিলে ‘ল’ৰিয়ছ স্প’ৰ্টিং মোমেণ্ট’ এৱাৰ্ড

বঁটাৰ সৈতে শচীন টেণ্ডুলকাৰ। ফটো : এ পি

1.8k
VIEWS
Share on FacebookShare on Twitter

‘ক্ৰিকেটৰ ভগৱান’ৰূপে বিশ্বত পৰিচিত মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক ল’ৰিয়ছ স্প’ৰ্টিং ম’মেণ্ট এৱাৰ্ড ২০০০-২০২০ সন্মানেৰে সন্মানিত কৰা হয়।

নিজৰ ঘৰৰ মাটিত ২০১১ বিশ্বকাপ বিজয়ৰ পিছতেই শচীন টেণ্ডুলকাৰক তেওঁৰ সতীৰ্থ খেলুৱৈসকলে কান্ধত উঠাই গোটেই ষ্টেডিয়াম ঘূৰাই লোৱা সেই দৃশ্যটো যোৱা ২০ বৰ্ষৰ ‘ল’ৰিয়ছ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মূহুৰ্ত’ হিচাপে বিবেচিত হৈছে।

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ সমৰ্থনৰ লগতে শচীনে এই সন্মানৰ বাবে অধিক ভোট লাভ কৰিছে।

নিজৰ ষষ্ঠ আৰু শেষ বিশ্বকাপত অংশ লোৱা শচীনৰ বিশ্বকাপ বিজয়ৰ সপোন পূৰণ হৈছিল, যেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে ফাইনেলত শ্ৰীলংকাৰ বলাৰ নুৱান কুলাচেকৰাৰ বলত ছয় কোবাই ভাৰতক চেম্পিয়ন কৰোৱাইছিল।

২০১১ৰ ২ এপ্ৰিলত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বিজয়ী হোৱাৰ পিছতেই শচীনক সতীৰ্থ খেলুৱৈসকলে কান্ধত উঠাই গোটেই ষ্টেডিয়ামখন ঘূৰাই দৰ্শকৰ অভিবাদন লৈছিল।

tendulkar_world_cup_
হাতত তিনি ৰঙৰ পতাকা লৈ সতীৰ্থৰ কান্ধত উঠি থকা শচীনৰ সেই বিশেষ ফটোখন।

হাতত তিনিৰঙৰ পতাকা লৈ বিৰাট কোহলীৰ কান্ধত উঠি থকা শচীনৰ সেই ছবিখন ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব।

উল্লেখ্য যে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ই শচীনৰ নাম ঘোষণা কৰে আৰু বঁটাটি প্ৰদান কৰে টেনিছৰ কিম্বদন্তী ব’ৰিছ বেকৰে।

বঁটা গ্ৰহণ কৰি শচীনে সকলোকে ধন্যবাদ জনায়।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd