ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে সুখবৰ! নেপালক ৩-০ ব্যৱধানত পৰাস্ত কৰি অষ্টম বাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপত বিজয়ৰ হাঁহি মাৰিলে ভাৰতে।
অধিনায়ক সুনীল ছেত্ৰী (৪৯ মিনিট), সুৰেশ সিং (৫০তম) আৰু চাহল আব্দুল চামাদৰ (৯০ তম) দ্বিতীয়াৰ্ধৰ গ’লৰ সুবাদত ভাৰতে আঞ্চলিক প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰে।
উল্লেখ্য যে আজিৰ গলৰ সৈতে ভাৰতৰ তাৰকা ষ্ট্ৰাইকাৰ ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ কেৰিয়াৰত সৰ্বাধিক গলদাতাৰ তালিকাত মহাতাৰকা লিঅ’নেল মেছি স্পৰ্শ কৰে আৰু ৮০ টা গলেৰে সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত আন্তৰ্জাতিক ফুটবলত দ্বিতীয় সৰ্বাধিক গলদাতা হিচাপে পৰিগণিত হয়।
খেলৰ ৪৯ মিনিটত ছেত্ৰীৰ গলেৰে জয়ৰ অভিযানৰ পাতনি মেলাৰ পিছত সুৰেশ সিং আৰু চাহালে গল স্ক’ৰকাৰ্ডত আন দুটা গল যোগ দিয়ে আৰু ভাৰতৰ খিতাপ জয়ৰ পথ প্ৰশস্ত কৰে।
খেলৰ প্ৰথমাৰ্ধতো ভাৰতে অধিক সময় বল দখলেৰে আধিপত্য বিস্তাৰ কৰিছিল যদিও গল স্ক’ৰত ব্যৰ্থ হৈছিল। অৱশ্যে ছেত্ৰীয়ে দ্বিতীয়াৰ্ধৰ ৪ মিনিটৰ ভিতৰতে ভাৰতক অগ্ৰগতি দিয়ে আৰু নেপাল থিতাপি লোৱাৰ আগতেই সুৰেশে ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে।
মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ অধীনত ভাৰতীয় ফুটবল দলৰ এইটো প্ৰথম খিতাপ জয়। বিগত সময়ছোৱাত ভাৰতীয় দলে পৰ্যাপ্ত খেল জিকিব নোৱাৰাৰ বাবে ষ্টিমাক সমালোচনাৰ সন্মুখীন হৈছিল। কালিৰ জয়েৰে সমালোচকৰ মুখ বন্ধ কৰিলে ভাৰতীয় দলে।
জিৰি পেছেক (১৯৯৩) আৰু ষ্টিফেন কন্সটেণ্টাইন (২০১৫)ৰ পিছত ষ্টিমাক ভাৰতীয় দলৰ সৈতে খিতাপ অৰ্জন কৰা তৃতীয় বিদেশী প্ৰশিক্ষক হিচাপেও পৰিগণিত হয়।
খেলৰ ৪৯ মিনিটত সোঁ ফালৰ পৰা অহা প্ৰীতম কোটালৰ এটা ক্ৰছত দৰ্শনীয় হেডিঙেৰে নেপালৰ গলৰক্ষকক পৰাস্ত কৰি ছেত্ৰীয়ে ভাৰতক অগ্ৰগতি প্ৰদান কৰে।
ছেত্ৰীৰ গলৰ মাত্ৰ এক মিনিটপিছত ভাৰতৰ আন এটা আক্ৰমণে নেপালক সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তোলে। ইয়াছিৰ মহম্মদে সুন্দৰ ড্ৰিবলিঙেৰে বল কাটি মিড ফিল্ডাৰ সুৰেশলৈ বল আগুৱাই দিয়ে আৰু সুৰেশে কোনো ভুল নকৰি বল নেটৰ ভিতৰলৈ ঠেলি পঠায়।
পুনৰ ৫২ মিনিটত মনবীৰ সিঙৰ বাবে গল স্ক’ৰৰ এটা সুন্দৰ সুযোগ আছিল যদিও তেওঁৰ বাওঁ ভৰিৰ শ্বট প্ৰতিহত কৰে নেপালৰ গলৰক্ষকে।
৭৯ মিনিটত উদান্ত সিঙৰ আন এটা গলমূখী শ্বট প্ৰতিহত কৰে নেপালৰ মিডফিল্ডাৰ ৰোহিত চান্দে।
খেল অন্ত পৰিবলৈ কেই ছেকেণ্ডমান বাকী থকা অৱস্থাত চাহালে ব্যক্তিগত প্ৰচেষ্টাৰেই আন এটা গল স্ক’ৰ কৰি ভাৰতৰ ব্যৱধান ৩-০ লৈ বৃদ্ধি কৰে আৰু ভাৰতৰ জয় নিশ্চিত কৰে।
ভাৰতৰ তাৰকা খেলুৱৈ সুনীল ছেত্ৰী ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱাৰ লগতে টুৰ্নামেণ্টৰ সৰ্বাধিক গলস্ক’ৰাৰৰ সন্মান লাভ কৰে। লগতে টুৰ্নামেণ্টৰ ম’ষ্ট ভেলুৱেবল প্লেয়াৰৰ সন্মানো অৰ্জন কৰে তাৰকা গৰাকীয়ে।
উল্লেখ্য যে ছাফ চেম্পিয়নশ্বিপত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি ভাৰতীয় দলে ১৩ টা সংস্কৰণৰ ১২ বাৰেই ফাইনেলত উপনীত হৈছে।