• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্টম বাৰৰ বাবে ছাফ(SAFF) চেম্পিয়নশ্বিপৰ খিতাপ নিজৰ দখলত ৰাখিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2021 8:22 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে সুখবৰ! নেপালক ৩-০ ব্যৱধানত পৰাস্ত কৰি অষ্টম বাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপত বিজয়ৰ হাঁহি মাৰিলে ভাৰতে।

অধিনায়ক সুনীল ছেত্ৰী (৪৯ মিনিট), সুৰেশ সিং (৫০তম) আৰু চাহল আব্দুল চামাদৰ (৯০ তম) দ্বিতীয়াৰ্ধৰ গ’লৰ সুবাদত ভাৰতে আঞ্চলিক প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰে।

উল্লেখ্য যে আজিৰ গলৰ সৈতে ভাৰতৰ তাৰকা ষ্ট্ৰাইকাৰ ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ কেৰিয়াৰত সৰ্বাধিক গলদাতাৰ তালিকাত মহাতাৰকা লিঅ’নেল মেছি স্পৰ্শ কৰে আৰু ৮০ টা গলেৰে সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত আন্তৰ্জাতিক ফুটবলত দ্বিতীয় সৰ্বাধিক গলদাতা হিচাপে পৰিগণিত হয়।

খেলৰ ৪৯ মিনিটত ছেত্ৰীৰ গলেৰে জয়ৰ অভিযানৰ পাতনি মেলাৰ পিছত সুৰেশ সিং আৰু চাহালে গল স্ক’ৰকাৰ্ডত আন দুটা গল যোগ দিয়ে আৰু ভাৰতৰ খিতাপ জয়ৰ পথ প্ৰশস্ত কৰে।

Apply Now

খেলৰ প্ৰথমাৰ্ধতো ভাৰতে অধিক সময় বল দখলেৰে আধিপত্য বিস্তাৰ কৰিছিল যদিও গল স্ক’ৰত ব্যৰ্থ হৈছিল। অৱশ্যে ছেত্ৰীয়ে দ্বিতীয়াৰ্ধৰ ৪ মিনিটৰ ভিতৰতে ভাৰতক অগ্ৰগতি দিয়ে আৰু নেপাল থিতাপি লোৱাৰ আগতেই সুৰেশে ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে।

মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ অধীনত ভাৰতীয় ফুটবল দলৰ এইটো প্ৰথম খিতাপ জয়। বিগত সময়ছোৱাত ভাৰতীয় দলে পৰ্যাপ্ত খেল জিকিব নোৱাৰাৰ বাবে ষ্টিমাক সমালোচনাৰ সন্মুখীন হৈছিল। কালিৰ জয়েৰে সমালোচকৰ মুখ বন্ধ কৰিলে ভাৰতীয় দলে।

জিৰি পেছেক (১৯৯৩) আৰু ষ্টিফেন কন্সটেণ্টাইন (২০১৫)ৰ পিছত ষ্টিমাক ভাৰতীয় দলৰ সৈতে খিতাপ অৰ্জন কৰা তৃতীয় বিদেশী প্ৰশিক্ষক হিচাপেও পৰিগণিত হয়।

খেলৰ ৪৯ মিনিটত সোঁ ফালৰ পৰা অহা প্ৰীতম কোটালৰ এটা ক্ৰছত দৰ্শনীয় হেডিঙেৰে নেপালৰ গলৰক্ষকক পৰাস্ত কৰি ছেত্ৰীয়ে ভাৰতক অগ্ৰগতি প্ৰদান কৰে।

ছেত্ৰীৰ গলৰ মাত্ৰ এক মিনিটপিছত ভাৰতৰ আন এটা আক্ৰমণে নেপালক সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তোলে। ইয়াছিৰ মহম্মদে সুন্দৰ ড্ৰিবলিঙেৰে বল কাটি মিড ফিল্ডাৰ সুৰেশলৈ বল আগুৱাই দিয়ে আৰু সুৰেশে কোনো ভুল নকৰি বল নেটৰ ভিতৰলৈ ঠেলি পঠায়।

পুনৰ ৫২ মিনিটত মনবীৰ সিঙৰ বাবে গল স্ক’ৰৰ এটা সুন্দৰ সুযোগ আছিল যদিও তেওঁৰ বাওঁ ভৰিৰ শ্বট প্ৰতিহত কৰে নেপালৰ গলৰক্ষকে।

৭৯ মিনিটত উদান্ত সিঙৰ আন এটা গলমূখী শ্বট প্ৰতিহত কৰে নেপালৰ মিডফিল্ডাৰ ৰোহিত চান্দে।

খেল অন্ত পৰিবলৈ কেই ছেকেণ্ডমান বাকী থকা অৱস্থাত চাহালে ব্যক্তিগত প্ৰচেষ্টাৰেই আন এটা গল স্ক’ৰ কৰি ভাৰতৰ ব্যৱধান ৩-০ লৈ বৃদ্ধি কৰে আৰু ভাৰতৰ জয় নিশ্চিত কৰে।

ভাৰতৰ তাৰকা খেলুৱৈ সুনীল ছেত্ৰী ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱাৰ লগতে টুৰ্নামেণ্টৰ সৰ্বাধিক গলস্ক’ৰাৰৰ সন্মান লাভ কৰে। লগতে টুৰ্নামেণ্টৰ ম’ষ্ট ভেলুৱেবল প্লেয়াৰৰ সন্মানো অৰ্জন কৰে তাৰকা গৰাকীয়ে।

উল্লেখ্য যে ছাফ চেম্পিয়নশ্বিপত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি ভাৰতীয় দলে ১৩ টা সংস্কৰণৰ ১২ বাৰেই ফাইনেলত উপনীত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd