মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ঊনবিংশতম মধ্যকালীন অধিবেশনখনি মাৰ্ঘেৰিটাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ভিতৰত এক প্ৰাকৃতিক পৰিবেশৰ মাজৰ ইনথঙত অৱস্থিত চিংফৌ ইক’ ল’জত শনিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়।
পুৱা পতাকা উত্তোলনেৰে অধিবেশনৰ শুভাৰম্ভ কৰে সংস্থাৰ উপদেষ্টা ৰাজীৱ নিংখীয়ে। স্মৃতি তৰ্পণ কৰে উপ সভাপতি পাৰ্থপ্ৰতীম গোস্বামী আৰু মানজে লাই।
তাৰপাছতে সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে মাৰ্ঘেৰিটাৰ আপোচবিহীন জাতীয়তাবাদী যুৱনেতা সলিল নেওগৰ সোঁৱৰণত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই প্ৰতি বছৰে সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা তিনিচুকীয়া জিলাৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন সংবাদসেৱীক আগবঢ়াই আহিছে।
২০২১ বৰ্ষৰ এই বঁটাৰ বাবে নিয়মীয়া বাৰ্তা কাকতৰ ডুমডুমাস্থ সংবাদদাতা মনোজ বৰুৱা নিৰ্বাচিত হয়।
স্মৰ্তব্য যে ২০১৩ চনত প্ৰতিবিম্ব কাকতৰ ডুমডুমাৰ প্ৰতিবেদক ৰূপে সাংবাদিক জীৱন আৰম্ভ কৰিছিল মনোজ বৰুৱাই। ২০১৪ চনৰ পৰা নিয়মীয়া বাৰ্তা কাকতৰ যোগেদি সংবাদসেৱা আগবঢ়াই আহিছে তেওঁ।
উপদেষ্টা ৰাজীৱ নিংখীৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত স্মাৰক, সম্বৰ্ধনা পত্ৰ, গামোছা, শৰাই, চেলেং চাদৰ আদিৰ লগতে পাঁচ হাজাৰ টকা বঁটা বিজয়ী সাংবাদিকগৰাকীলৈ আগবঢ়োৱা হয়।
মাৰ্ঘেৰিটা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে মুখ্য অতিথি ৰূপে সভাখনত উপস্থিত থাকি নিজ ভাষণত সাংবাদিকতাৰ সমান সুন্দৰ নিষ্ঠাবান কোনো প্ৰফেচনেই নাই বুলি মন্তব্য কৰি সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ আচল হ্নদস্পন্দনটো সাংবাদিকতাই ৰক্ষা কৰে বুলি কয়।
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, তদানীন্তন সভাপতি ড° ঋষি দাস সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ উপ সভাপতি কমল তালুকদাৰ আঠ জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ প্ৰাক্তন চেয়াৰমেন মানজে লাই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।
অতিথিসকলে সংস্থাৰ মুখপত্ৰ সীমান্তৰ ঊনবিংশতম সংখ্যাটি আনুষ্ঠানিকভাৱে উক্ত সভাখনতে উন্মোচন কৰে।
তাৰপাছতে দিনৰ ১ বজাত গীতে মাতে শব্দৰ গুঞ্জনেৰে বহাগৰ এটি দিন শীৰ্ষক কবিতা-গীতৰ অনুষ্ঠান এটি ড° ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয়।