আজি বিশ্ব ধৰিত্ৰী দিৱস।
জলবায়ু সুৰক্ষাৰ বাবে ১৯৭০ চনৰ পৰা ৰাষ্ট্ৰসংঘই ২২ এপ্ৰিল তাৰিখে এই দিৱস পালন কৰি আহিছে।
সেই উপলক্ষে ঊৰিষ্যাৰ জনপ্ৰিয় বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ এটা শেহতীয়া শিল্পকৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
নিৰ্বনানীকৰণ আৰু জলবায়ু সংকটক মূল বিষয় হিচাপে লৈ বালিত সৃষ্টি কৰা ভাষ্কৰ্যটোৰ ফটো তেওঁ নিজৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰাৰ পাছতে বহু লোকে শিল্পীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।
শিল্পকৰ্মটোৰ নাম ৰখা হৈছে- ‘আমাৰ পৃথিৱীক পুনৰোদ্ধাৰ কৰক।” (Restore Our Earth)
On #EarthDay, let us commit ourselves to make our earth greener and more liveable. On of my SandArt with message Go Green Save Earth . pic.twitter.com/Yyiw1L9gqv
— Sudarsan Pattnaik (@sudarsansand) April 22, 2021
শিল্পকৰ্মটোৰ ফটোত দেখামতে, পৃথিৱীখনক এগৰাকী নাৰীৰ মুখৰ আকৃতিত সাজি তোলা হৈছে, যাৰ দ্বাৰা বসুন্ধৰাক (mother Earth) বুজোৱা হৈছে।
বসুন্ধৰাক বহুকেইজোপা কটা যোৱা গছৰ মূঢ়াই চাৰিওফালৰ পৰা আগুৰি আছে।
শিল্পকৰ্মটোৰ তলত লিখা হৈছে- go green, save earth।
টুইটটোত শিল্পকৰ্মটোৰ ফটোখনৰ তলত কেপচন হিচাপে লিখা হৈছে- ”ধৰিত্ৰী দিৱসৰ দিনা, আহক আমি সকলোৱে আমাৰ পৃথিৱীখনক অধিক সেউজ আৰু বাসযোগ্য কৰি তুলিবলৈ আগবাঢ়ো।”
টুইটো প’ষ্ট কৰাৰ কেইঘণ্টামানৰ পাছতে বলুকাশিল্পীজনৰ অসংখ্য অনুৰাগীয়ে শিল্পকৰ্মটোৱে দিব বিচৰা বাৰ্তাটোক আদৰি লৈছে।
Humans have contributed to climate change-
Let's pledge & act for a greener Planet Earth.#EarthDay2021 @sudarsansand's #EarthDay message –
Go Green, Save Earth https://t.co/OLBuTQ3750— Dr. Anita Sabat (@anitaexplorer) April 22, 2021