• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

পিংক আৰ্মীৰ ভেটা: কমেণ্ট বক্সত নাবাজিল ‘ধোনী ফিনিচেছ ইন হিজ ষ্টাইল’…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2023 7:02 am
IPL Dhoni
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ চনৰ ২ মাৰ্চ; স্থান– ৱাংখাৰে। ২৮ বৰ্ষীয় খৰাঙৰ অৱসান ঘটিবলৈ কিছু সময় বাকী। শ্ৰীলংকান পেচাৰ নুৱান কুলাচেকাৰাৰ হাতৰ পৰা ওলাই যোৱা বলটো বাউণ্ডেৰীৰ বাহিৰলৈ উলিয়াই পঠাইছে ধোনীয়ে। ৱাংখাড়েৰ গেলাৰীতে হওক কিম্বা ঘৰৰ কোঠাৰ টেলিভিচনৰ সমুখতে হওক, আনন্দোল্লাসত পাৰ ভাঙি নাচি উঠিছে ভাৰতীয় ক্ৰিকেট অনুৰাগী.. কমেণ্ট বক্সৰ পৰা ৰবি শাস্ত্ৰীৰ কণ্ঠত ভাঁহি আহিছে এটা বাক্য, “ধোনী ফিনিচেছ ইন হিজ ষ্টাইল…..।”

সেই মহেন্দ্ৰ ক্ষণটোৰ পৰা এতিয়ালৈ, ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মন-মগজুত এতিয়াও আন্দোলিত হৈ আছে শাস্ত্ৰীৰ মুখৰ সেই শব্দকেইটা, “ধোনী ফিনিচেছ ইন হিজ ষ্টাইল…..।”

Apply Now

অৱশ্যে তাৰ বহু আগৰ পৰাই ক্ৰিকেট অনুৰাগীৰ চিনাকি আছিল এই দৃশ্য। ক্ৰীজত ধোনী মানেই যেন দুৰ্যোধনৰ সেই বেজীৰ আগৰ মাটিকণ এৰি নিদিয়াৰ পণৰ দৰেই যুঁজ এৰি নিদিয়াৰ পণ! ধোনী আছে মানেই বিজয়ৰ সম্ভাৱনাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ আশাকণো পুহি ৰাখিবলৈ বদ্ধপৰিকৰ ক্ৰিকেট প্ৰেমী।

আনহাতে, প্ৰতিপক্ষৰো চিন্তা! ক্ৰীজত বিজয়ৰ অংগীকাৰ লৈ এতিয়াও থিয় দি আছে ধোনী! ধোনীৰ ওপৰত এয়াই অগাধ বিশ্বাস ক্ৰিকেটৰ সামান্যতমো খবৰ ৰখা জনৰো। এয়া যে প্ৰায়েই কৰি আহিছে ধোনীয়ে, লাগিলে সেয়া নীলা জাৰ্চীতে হওক নাইবা হালধীয়া….

পিছে, কালি চেন্নাইৰ ঘৰুৱা চেপ’কত বাজি নুঠিল ধোনী ফিনিচেছ ইন হিজ ষ্টাইল….। আশাভংগ হ’ল অনুৰাগীৰ। ৪১ বৰ্ষীয় ‘তৰুণ’ ধোনীৰ বেটে অন্তিম বলত নাপালে প্ৰাণ। তাতোকৈ ক’ব লাগিব আচলতে, পিংক আৰ্মীৰ শেষৰ যুঁজাৰু সন্দীপ শৰ্মাই নিদিলে সেই সুযোগ।

এক নিখুঁত লক্ষ্যৰ য়ৰ্কাৰেৰে ধোনীক ভেটা দি সন্দীপে ধোনী অনুৰাগীক আশাহত কৰাই নহয়, গৃহভূমি চেপ’কত য়েল্ল’ আৰ্মীক ৰুধি নিজ দল পিংক আৰ্মীৰ বাবে কঢ়িয়াই আনিলে এক শ্বাসৰুদ্ধকৰ বিজয়।

কালিৰ মেচখনত টচত জয়ী হৈ চেন্নাই ছুপাৰ কিংছে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু ৰাজস্থান ৰয়েলছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। পূৰ্বৰ কেইখন মেচৰ দৰেই ৰয়েলছৰ দুই অপেনাৰ য়শ্বভী জয়ছোৱাল আৰু জ’ছ বাটলাৰে এক দৃঢ় আৰম্ভণি দিয়াৰ মানসেৰে ক্ৰীজত নামে। প্ৰথমটো অভাৰতে দুটাকৈ চাৰিৰে জয়ছোৱালে তেনে এক সম্ভাৱনাই দেখুৱাইছিল। পিছে দ্বিতীয় অভাৰৰ চতুৰ্থ বলত যুৱ তাৰকাগৰাকীক পেভিলিয়নৰ পথ দেখুৱায় পেচাৰ তুষাৰ দেশপাণ্ডেই।

জয়ছোৱালৰ বিদায়ৰ পিছত অৱশ্যে দ্বিতীয় উইকেটত বাটলাৰ আৰু দেৱদূত পাড়িক্কালে দলীয় স্ক’ৰ ৮৮ লৈ আগুৱাই নিয়ে। কিন্তু ৰবীন্দ্ৰ জাদেজাই পাড়িক্কাল (৩৮)ক বিদায় দি এই যুটি ভংগ কৰে। একেটা অভাৰতে জাদেজাই বিদায় দিয়ে ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমচনকো (০)। দুটাকৈ উইকেটৰ খৰতকীয়া পতনৰ পিছত অৱশ্যে ৰবিচন্দ্ৰন অশ্বিন আৰু বাটলাৰে পুনৰ ৰাজস্থানক সকাহ দিয়ে আৰু দলীয় স্ক’ৰ ১৩৫ লৈ আগবঢ়াই নিয়ে।

অশ্বিনে দললৈ আগবঢ়ায় গুৰুত্বপূৰ্ণ ৩০ ৰান। আনহাতে অপেনাৰ বাটলাৰে দলৰ হৈ সংগ্ৰহ কৰে সৰ্বাধিক ৫২ ৰান। শেষলৈ চিমৰন হেটমায়াৰ ৩০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। ব্যৰ্থ হয় ধ্ৰুৱ জুৰেল (৪), জেচন হল্ডাৰ (০)। জাম্পাও (১) ইনিংছৰ শেষৰ বলত ৰান আউট হয়।

এইদৰে ৰাজস্থান ৰয়েলছে ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৭৫ ৰান আৰু ঘৰুৱা দল চেন্নাই ছুপাৰ কিংছৰ সমুখত বান্ধি দিয়ে ১৭৬ ৰানৰ লক্ষ্য। চেন্নাইৰ হৈ আকাশ সিং, দেশপাণ্ডে আৰু জাদেজাই দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে এটা উইকেট দখল কৰে মঈন আলীয়ে।

ইফালে ১৭৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতেই উজুটি খায় চেন্নায়ে। দলীয় স্ক’ৰ ১০ ৰানত অপেনাৰ ৰুতুৰাজ গায়কোৱাডক (৮) বিদায় দিয়ে সন্দীপ শৰ্মাই। ইয়াৰ পিছত চেন্নাইৰ বিগত মেচৰ জয়ৰ নায়ক অভিজ্ঞ আজিংক্যা ৰাহানে আৰু অপেনাৰ ডেভন কনৱেই দ্বিতীয় উইকেটত ৬৮ ৰান যোগ দিয়ে। ১৯ বলত দুটা চাৰি আৰু এটা ছয়েৰে ৩১ ৰান কৰি অশ্বিনৰ বলত আউত হয় ৰাহানে।

ব্যৰ্থ হয় শিৱম ডুবে (৮), মঈ আলী (৭) আৰু আম্বাতী ৰায়ুডু (১)। কনৱেই সৰ্বাধিক ৫০ ৰান সংগ্ৰহ কৰে যদিও কিৱি তাৰকাগৰাকীৰ কিছু মন্থৰ বেটিঙৰ বাবে পিছলৈ হেঁচাৰ সন্মুখীন হ’বলগীয়া হয় চেন্নাই। কনৱেৰ বিদায়ৰ সময়ত চেন্নাইক জয়ৰ বাবে প্ৰয়োজন আছিল ৩০ টা বলত ৬৩ ৰানৰ। ক্ৰীজত তেতিয়া জাদেজা আৰু বিশ্বৰ শ্ৰেষ্ঠ ফিনিচাৰ হিচাপে সৰ্বপৰিচিত মহেন্দ্ৰ সিং ধোনী।

ইনিংছৰ ১৬ আৰু ১৭ অভাৰ দুটাত অশ্বিন আৰু চাহালৰ বলত ধোনী-জাদেজাই সংগ্ৰহ কৰে ৯ ৰান। আনহাতে ১৮ তম অভাৰত জাম্পাৰ বলত ধোনীয়ে এটা ছয় আৰু এটা চাৰি কোবোৱাৰ লগতে দুয়ো মিলি অভাৰটোত ১৪ ৰান সংগ্ৰহ কৰি মেচখনত চেন্নাইৰ জয়ৰ কিছু আশা ঘূৰাই আনে।

সেই মুহূৰ্তত চেন্নাইক জয়ৰ বাবে প্ৰয়োজন দুই অভাৰত ৪০ ৰানৰ। হ’ল্ডাৰৰ এই অভাৰটোত জাদেজাই কোবোৱা দুটা ছয় আৰু এটা চাৰিৰ লগতে সংগ্ৰহ হয় মুঠ ১৯ ৰান। এনে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিত মেচখন উপস্থিত হোৱাৰ পাছতেই স্বাভাৱিকতে ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিবদ্ধ হয় ধোনীৰ ওপৰত। অন্তিম অভাৰত চেন্নাইক জয়ৰ বাবে প্ৰয়োজন ২১ ৰানৰ।

এনে বহু মেচত ইতিমধ্যেই জয়ৰ চকৰী নিজ দলৰ দিশত ঘূৰাই বিশ্ব শ্ৰেষ্ঠ ফিনিচাৰৰ খ্যাতি আৰ্জি থৈছে ধোনীয়ে। গতিকেই দৰ্শকৰ মনত বৃদ্ধি পাইছে উৎকণ্ঠা। হাতত বল লৈ চাপৰ সন্মুখীন হৈছে ৰয়েলছৰ শেষ যোদ্ধা সন্দীপো। পৰিণতিত প্ৰথমটো বলৰ চেষ্টাত দুটাকৈ ৱাইড। অৱশ্যে তৃতীয় চেষ্টাত সফল হয় সন্দীপ আৰু কোনো ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় ধোনী।

কিন্তু অভাৰৰ দ্বিতীয় আৰু তৃতীয় বলত দৰ্শকে দেখিবলৈ পালে ‘ফিনিচাৰ ধোনী’ৰ স্বভাৱসিদ্ধ ৰূপ। দুটাকৈ ছয়েৰে যেন চেন্নাইৰ জয় প্ৰায় নিশ্চিতেই কৰি তুলিলে মহাতাৰকাগৰাকীয়ে। কিন্তু তেতিয়াও বাকী আছিল ৰণ! বল তেতিয়াও বাকী আছে ৩ টা, আৰু ৰানৰ প্ৰয়োজন ৭। ধোনীৰ ফিনিচিঙৰ দৰেই এনে মুহূৰ্তত বল হাতত লৈ পাৰদৰ্শিতা প্ৰদৰ্শনৰ পূৰ্ব ৰেকৰ্ড আছিল সন্দীপ শৰ্মাৰো।

কিংছ ইলেভেন পঞ্জাৱ (বৰ্তমানৰ পঞ্জাৱ কিংছ) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ পূৰ্বে এনে কিছু মেচত বিজয়ৰ নায়ক হোৱাৰ খ্যাতি আছিল সন্দীপ শৰ্মাৰ নামত। পূৰ্বৰ এই খ্যাতি যেন এইবাৰ পুনৰ ঘূৰাই পালে পেচাৰগৰাকীয়ে নিখুঁত লাইন-লেংথেৰে চতুৰ্থ আৰু পঞ্চম বলত ধোনী-জাদেজাক দুই ৰানহে সংগ্ৰহ কৰিবলৈ দিলে সন্দীপে।

সন্দীপৰ এই যুঁজাৰু প্ৰত্যাৱৰ্তনৰ পৰিণতিত অন্তিম বলত চেন্নাইক জয়ৰ বাবে প্ৰয়োজন হৈ পৰে ৫ ৰানৰ। বেট হাতত লৈ ক্ৰীজত সাজু ধোনী, আনহাতে হাতত বল লৈ সন্দীপ শৰ্মা। দুয়োৰে মনোজগতত হয়তো তেতিয়া ভেটা ভঙা আৰু ভেটা দিয়াৰ যুঁজ! দৰ্শকৰ উৎকণ্ঠিত দৃষ্টি, কোনে মাৰিব বিজয়ৰ শেষ হাঁহি!

এই সকলো উৎকণ্ঠাৰ অন্ত পেলাই এক নিখুঁত য়ৰ্কাৰেৰে ধোনীক পৰাভূত কৰি তুলিলে সন্দীপ শৰ্মাই। বিজয়ৰ বাউণ্ডেৰী কোবোৱাৰ আশাত থিয় দি থকা ধোনীৰ বেটৰ পৰা আহিল মাত্ৰ এটা ৰান। আশা নিৰ্বাপিত হ’ল ধোনী প্ৰেমী কিম্বা চেন্নাই অনুৰাগীৰ। আনহাতে স্নায়ু যুঁজৰ এই কঠিনতা ভাঙি চেপ’কত বিজয় ধ্বজা উৰিল পিংক আৰ্মী ৰাজস্থান ৰয়েলছৰ। মেচখনত দাঙি ধৰা অনবদ্য অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত অশ্বিনে লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

এই জয়েৰে ৰাজস্থান ৪ খন মেচৰ তিনিখনত জয়ৰ দ্বাৰা ৬ পইণ্ট সংগ্ৰহ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হয়। আনহাতে সমসংখ্যক মেচৰ দুখনত জয়েৰে ৪ পইণ্ট লাভ কৰি চেন্নাই আছে তালিকাৰ পঞ্চম স্থানত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd