• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীয়ে আৰক্ষীক কৰিব জেৰা! মুখ্য সচিবৰ ভাতৃ সঞ্জীত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ৰুবুল হাজৰিকা আৰু সৰুজ শৰ্মাক CID ৰ জিম্মালৈ প্ৰেৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 16, 2020 6:41 pm
a si
4.4k
VIEWS
Share on FacebookShare on Twitter

SI কেলেংকাৰীৰে জড়িত ৰাজ্যৰ মুখ্য সচিবৰ ভাতৃ সঞ্জীত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে সঞ্জীত কৃষ্ণক।

আৰক্ষীয়ে ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক।

ইপিনে, অভিযুক্ত ৰুবুল হাজৰিকা আৰু সৰুজ শৰ্মাক ৫ দিনৰ CID ৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

কালি আত্মসমৰ্পণ কৰাৰ পিছত নিশা প্ৰায় ৮ বজাত CID য়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জীতক।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলিয়ে স্বীকাৰোক্তিত নাম লৈছিল সঞ্জীতৰ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ইতিমধ্যে CID ৰ আগত অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাই স্বীকাৰোক্তি দিছে বুলি সূত্ৰত প্ৰকাশ পাইছে।

অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকতৰ ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে। সেই ফটো দিবন ডেকালৈ WHATSAPP যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনাত ১১ অক্টোবৰ ৰবিবাৰে বন্ধৰ দিন হোৱা সত্বেও সঞ্জীতক কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ পদৰ পৰা অপসাৰণ কৰে।

আনহাতে এই কেলেংকাৰীত জড়িত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থকা অৱস্থাত ধনদাবীকে ধৰি বিভিন্ন কেলেংকাৰীৰ বাবে পলাতক হৈ পুনৰ বাৰম্বাৰ কেলেংকাৰীত জড়িত হৈ থকা প্ৰশান্ত দত্ত নামৰ আৰক্ষী বিষয়া জনৰ ওপৰত এক শাস্তিমূলক স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে দাবী জনায়।

উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জীত কৃষ্ণ প্রশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱাৰ পিছত অহা ৩০ অক্টোবৰত অৱসৰৰ গ্ৰহণ কৰিব লগা মুখ্য সচিব জনে নিজৰ চাকৰিৰ extention ৰ পিছত দৌৰিবলৈ এৰি পদত্যাগ কৰা উচিত বুলি সচেতন মহলে দাবী উত্থাপন কৰে।

উল্লেখ্য যে যোৱা ১১ অক্টোবৰত কুমাৰ সঞ্জিত কৃষ্ণক কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। সূত্ৰ অনুসৰি, সঞ্জিত কৃষ্ণক শাস্তিমূলকভাৱে এই গুৰুত্বহীন পদটোলৈ বদলি কৰা হয়।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd