• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়াক পৰাস্ত কৰি কাবাদীৰ খিতাপ অৰ্জন শংকৰদেৱ শিশু নিকেতন কৰৰাৰ

শংকৰদেৱ শিশু নিকেতন কৰৰাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰিছিল আন্তঃবিদ্যালয়ভিত্তিক ল'ৰাৰ কাবাদী প্ৰতিযোগিতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2019 6:02 pm

2 min read

Kabadi

ফটো : নৰ্থ-ইষ্ট নাও

1.2k
VIEWS
Share on FacebookShare on Twitter

শংকৰদেৱ শিশু নিকেতন কৰৰাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ অনত্যম অংশ হিচাপে নিকেতনৰ প্ৰাক্তন ছাত্ৰ নয়মমণি বৰ্মনৰ সোঁৱৰণত আয়োজন কৰা আন্তঃবিদ্যালয়ভিত্তিক ল’ৰাৰ কাবাদী প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে।

দুদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত শংকৰদেৱ শিশু নিকেতন কৰৰাৰ দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়াক ৪০-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে।

২০১২-১৩ ইং শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে নিকেতন পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২টা দলে অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

বিজয়ী আৰু বিজিত দল দুটাক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। শংকৰদেৱ শিশু নিকেতন কৰৰা দলৰ ৰেইডাৰ নিৰোজ পাঠকে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ বিপৰীতে ৰঙিয়া দলৰ বিকাশ পাচী আৰু কৰৰা দলৰ হিমাংশু ডেকাই ক্ৰমে শ্ৰেষ্ঠ ৰেইডাৰ আৰু শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বঁটা লাভ কৰে।

প্ৰাক্তন ৰাজ্যিক ভলীবল খেলুৱৈ, ৰেফাৰি তথা অগ্ৰণী ক্ৰীড়া-সংগঠক লোহিত কাকতিয়ে আঁত ধৰা বঁটা বিতৰণ কাৰ্য্যসূচীত  বঁটা বিতৰক হিচাপে উপস্থিত থাকে পূব-কামৰুপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক নৃপেন্দ্ৰ নাথ ডেকা।

বিজয়ী আৰু বিজিত দলৰ প্ৰতিভাৱান খেলুৱৈসকলক পদক প্ৰদান কৰে নিকেতনৰ প্ৰধান আচাৰ্য্য দ্বিজেন শৰ্মাই। উক্ত অনুষ্ঠানতেই নিকেতনৰ প্ৰাক্তন আচৰ্য্যসকলক আৰু খেল পৰিচালক হিচাপে উপস্থিত থকা হেমেন ডেকা, চম্পক ডেকা ,  হীৰকজ্যোতি শৰ্মা, মানস বৈশ্য, মৃণাল তালুকদাৰক আয়োজক সমিতিয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

উদ্যোক্তা সকলে উভয় দলৰে প্ৰশিক্ষক ৰমেন ডেকা, গগন দাস, ঋষিকেশ দাস আৰু নিশান্ত কলিতাকো সম্বৰ্ধনা জ্ঞাপন কৰি সন্মান জনায়।

পূব-কামৰুপ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক জীৱন শৰ্মাই যোৱা ১৮ জানুৱাৰীত প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰিছিল। উদ্বোধনী ভাষণত আনুষ্ঠানিক শিক্ষাৰ লগতে ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনত ক্ৰীড়াৰ অপৰিসীম ভূমিকাৰ কথা উল্লেখ কৰে। তদুপৰি উক্ত প্ৰতিযোগিতাখনে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত যুৱ ক্ৰীড়া প্ৰতিভা বিকাশ কৰাত নিৰ্ণায়ক ভূমিকা ল’ব বুলি দৃঢ়তাৰে মত পোষণ কৰে।

Recent News

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd