• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিত শ্বাহ সুবিধাবাদী আৰু দুমুখীয়া নীতিৰ নেতা : সদৌ অসম বেংগলী ঐক্য মঞ্চ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 30, 2018 7:27 pm
IMG-20180930-WA0017

ফটো : নৰ্থ-ইষ্ট নাও

371
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ বেংগলী সম্প্ৰদায়ক আঙুলি টোৱাই কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ অসম বেংগলী ঐক্য মঞ্চই। আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সদৌ অসম বেংগলী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়ে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি দৰাচলতে সুবিধাবাদী আৰু দুমুখীয়া নীতিৰ।

এফালে হিন্দু বাংলাদেশী সকলক অসমত বৰপীৰা পাৰি দিব বিচাৰিছে আৰু আনফালে এন আৰ চিৰ নামত অসমৰ বেংগলী সকলক হাৰাশাস্তি চলোৱা হৈছে বুলি ঘোৰ অভিযোগ উত্থাপন কৰে শান্তনু মুখাৰ্জীয়ে।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) অসমত জাপি দিবলৈ বিচৰাটো একপ্ৰকাৰ ললিপপহে বুলি কটাক্ষ কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে অসমত এন আৰ চিক লৈ আমাৰ কোনো বিৰোধিতা নাই কিন্তু প্ৰকৃত নথিপত্ৰ থকাৰ পিছতো যদি কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি চলোৱা হয় তেন্তে তেনে কাৰ্যক কোনো পধ্যেই মানি লোৱা নহ’ব।

তেওঁ লগতে অসমত কিছু অশুভ শক্তিয়ে এন আৰ চিৰ নামত বিসংগতি সৃষ্টি কৰি বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন অনাৰ গভীৰ চক্ৰান্তত লিপ্ত হৈ সাতামপুৰুষীয়া ভাতৃত্ববোধত কূঠাৰঘাত কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

উল্লেখ্য যে সদৌ অসম বেংগলী ঐক্য মঞ্চই বঙাইগাঁও জিলাৰ ৩৫ নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ ঘিলাগুৰি খণ্ড দ্বিতীয় নং গাঁৱৰ নিবাসী নেপাল মণ্ডলক বিদেশী ন্যায়াধিকৰণে স্বদেশী বুলি ৰায়দান দিয়াৰ বিপৰীতে তেওঁৰ পুত্ৰ সন্তান নিৰঞ্জন মণ্ডল (৪৩)ক ডি ভোটাৰ সঁজাই ডিটেনশ্যন কেম্পত আৱদ্ধ কৰি ৰখা বুলি তথ্যসহ উদাহৰণ দাঙি ধৰে।

সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰশংসা কৰি সদৌ অসম বেংগলী ঐক্য মঞ্চৰ শান্তনু মুখাৰ্জীয়ে বি টি এ ডিৰ বেংগলী সম্প্ৰদায়ৰ লোকক হাগ্ৰামা মহিলাৰীৰ দৰে জননেতা এজনে মৰম কৰা বাবেহে অসমত কেন্দ্ৰীয় চৰকাৰে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কৌশলগত সমৰ্থন দিয়া বুলি এক তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

আজিৰ সংবাদমেলত সদৌ অসম বেংগলী ঐক্যমঞ্চৰ কাৰ্যকৰী সদস্য অম্ৰিতলাল দাস, চিৰাং আৰু বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ক্ৰমে দীপাংকৰ দাস আৰু মন্তোষ মণ্ডল উপস্থিত থাকে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd