• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2026 2:42 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণাৰ ভাষ্য প্ৰদানৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে আবেদনকাৰীসকলে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পৰিৱৰ্তে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা উচিত। ন্যায়ালয়ে কয় যে দেশৰ সাংবিধানিক ব্যৱস্থাৰ প্ৰতি সকলোৰে সন্মান থকা উচিত আৰু এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা ৰখাটো প্ৰয়োজন।

আজিৰ এই শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমান দেশত এক বিশেষ ধৰণৰ প্ৰৱণতা দেখা গৈছে য’ত যিকোনো বিষয়তে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ ঢাপলি মেলা হয়। বিশেষকৈ নিৰ্বাচনৰ সময় সমাগত হ’লে উচ্চতম ন্যায়ালয়ক ৰাজনৈতিক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হয় বুলিও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে। আদালতৰ মতে, উচ্চ ন্যায়ালয়সমূহক অৱজ্ঞা কৰি পোনপটীয়াকৈ ইয়ালৈ অহাটোৱে ন্যায়িক ব্যৱস্থাটোক দুৰ্বল কৰিব পাৰে। সেয়েহে উচ্চ ন্যায়ালয়ৰ গুৰুত্ব আৰু ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি আবেদনকাৰীসকলক গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাবলৈ নিৰ্দেশ দিয়া হয়।

Apply Now

চি পি আই (এম) আৰু চি পি আইৰ নেত্ৰী এনী ৰাজাৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তিয়ে দাখিল কৰা এই আবেদনত অভিযোগ কৰা হৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত ‘মিঞা’ মুছলমানসকলক লক্ষ্য কৰি সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। আবেদনখনত বিশেষকৈ বিজেপি অসমৰ এক্স হেণ্ডেলত শেহতীয়াকৈ পোষ্ট কৰা এটা বিতৰ্কিত ভিডিঅ’ৰ কথা উল্লেখ কৰা হৈছিল, য’ত এজন মুছলমান ব্যক্তিক গুলীওৱা বুলি দেখুওৱা হৈছিল। আবেদনকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু নিজাম পাছাই যুক্তি দিছিল যে এজন সাংবিধানিক পদত থকা ব্যক্তিৰ পৰা এনে মন্তব্য আৰু আচৰণ অসহ্যকৰ আৰু ইয়াৰ বাবে এখন বিশেষ তদন্তকাৰী দল চমুকৈ এছ আই টি গঠন কৰিব লাগে।

শুনানিৰ সময়ত অধিবক্তাসকলে যুক্তি দিছিল যে এই ভাষণসমূহ কেৱল অসমতে সীমাবদ্ধ নহয়, ঝাৰখণ্ড আৰু ছত্তীশগড়তো একেধৰণৰ মন্তব্য কৰা হৈছে। সেয়েহে ই এক সৰ্বভাৰতীয় বিষয় আৰু ইয়াক উচ্চতম ন্যায়ালয়েই বিচাৰ কৰা উচিত। কিন্তু মুখ্য ন্যায়াধীশ সূৰ্য কান্তে এই যুক্তি গ্ৰহণ নকৰি কয় যে উচ্চ ন্যায়ালয়ৰ এনে ক্ষমতা আছে যিটোৱে চৰকাৰী পক্ষক নিৰ্দেশ দিব পাৰে। তেওঁ লগতে কয় যে উচ্চ ন্যায়ালয়সমূহক দুৰ্বল কৰাৰ যি প্ৰচেষ্টা চলিছে তাক তেওঁ সহ্য নকৰে। যদিহে উচ্চ ন্যায়ালয়ত আবেদনকাৰীসকলে উচিত বিচাৰ নাপায়, তেতিয়া তেওঁলোকে পুনৰ উচ্চতম ন্যায়ালয়লৈ আহিব পাৰিব বুলিও বিচাৰপীঠে জানিবলৈ দিয়ে।

শেষত উচ্চতম ন্যায়ালয়ে জনাই দিয়ে যে উচ্চ ন্যায়ালয়ে এই সংবেদনশীল বিষয়টোৰ দ্ৰুত শুনানি গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে অনুৰোধ জনাব পাৰে। বৰ্তমানলৈ কোনো এফ আই আৰ পঞ্জীয়ন নোহোৱা বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়েই সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰি আদালতে আজিৰ শুনানিৰ অন্ত পেলায়। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলা আইনী প্ৰত্যাহ্বানৰ এই অধ্যায়টো আপাততঃ উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ স্থানান্তৰিত হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd