মঙলবাৰে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ আমেৰিকা ভ্ৰমণৰ সময়ত সাংবাদিক জামাল খাশ্বোগীৰ হত্যা কাণ্ডৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। সাংবাদিকসকলে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰাত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ পক্ষত থাকি দাবী কৰে যে ২০১৮ চনত হোৱাইট হাউছত উপস্থিত হোৱাৰ সময়ত সাংবাদিক জামাল খাশ্বোগীৰ হত্যাকাণ্ডৰ বিষয়ে ছৌদি নেতাগৰাকীয়ে “একো নাজানিছিল।”
ৰাষ্ট্ৰপতি ট্ৰাম্পে ক্ৰাউন প্ৰিন্স মহম্মদক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰশ্ন কৰা এজন সাংবাদিকক তিৰস্কাৰ কৰি খাশ্বোগীক “অতি বিতৰ্কিত” বুলি অভিহিত কৰি বিষয়টো এৰাই চলে। ট্ৰাম্পে কয় যে, “সেই ভদ্ৰলোকজনক বহুতে ভাল নাপায়। আপুনি তেওঁক ভাল পাওক বা নাপাওক, ঘটনাটো ঘটিছিল, কিন্তু ৰাজকুমাৰে এই বিষয়ে একো নাজানিছিল।”
লক্ষ্যণীয় যে ট্ৰাম্পৰ এই মন্তব্য ২০২১ চনৰ আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনৰ বিপৰীত। এই প্ৰতিবেদন অনুসৰি ৰাজকুমাৰ মহম্মদে ইস্তানবুলত খাশ্বোগীক হত্যা কৰি অংগচ্ছেদ কৰা অভিযানৰ নিৰ্দেশ দিছিল। ছৌদি আৰৱৰ বিষয়াসকলে এই কথা পুনৰ অস্বীকাৰ কৰি কয় যে এজেণ্টসকলে চৰকাৰী অনুমোদন অবিহনে এই কাম কৰিছিল।
এই কাণ্ডৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণৰ সময়ত ক্ৰাউন প্ৰিন্স মহম্মদে এই হত্যাকাণ্ডক “বেদনাদায়ক” আৰু “এটা বৃহৎ ভুল” বুলি অভিহিত কৰে। খাশ্বোগীৰ বিধৱাই পুনৰবাৰ জবাবদিহিতাৰ আহ্বান জনাই কয় যে, “মোৰ স্বামীক হত্যা কৰাৰ কোনো ন্যায্যতা নাই।”
এই ভ্ৰমণৰ সময়ত আমেৰিকা আৰু ছৌদি আৰৱে উন্নত এফ-৩৫ যুঁজাৰু বিমান বিক্ৰী আৰু বহু কোটি টকীয়া অসামৰিক পাৰমাণৱিক শক্তি সহযোগিতা চুক্তিকে ধৰি বহুকেইখন চুক্তি চূড়ান্ত কৰে, হোৱাইট হাউছে ইয়াক দশকটোৰ ঐতিহাসিক অংশীদাৰিত্ব বুলি অভিহিত কৰে। ট্ৰাম্পে ৰাজকুমাৰক আড়ম্বৰপূৰ্ণ আদৰণি জনায়।
ৰাষ্ট্ৰপতি ট্ৰাম্পে ছৌদি আৰবক ইজৰাইল আৰু আঞ্চলিক আৰব ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ লক্ষ্যৰে আব্ৰাহাম চুক্তিত যোগদান কৰিবলৈও উৎসাহিত কৰে যদিও ক্ৰাউন প্ৰিন্সে কয় যে তেওঁ অধিক পদক্ষেপ লোৱাৰ পূৰ্বে পেলেষ্টাইন ৰাষ্ট্ৰৰ বাবে “স্পষ্ট পথ” বিচাৰিছে।
ট্ৰাম্প অৰ্গেনাইজেচনৰ প্ৰকল্পত ছৌদি আৰবে বিনিয়োগৰ খবৰৰ পিছতে হোৱাইট হাউছে ট্ৰাম্পৰ ব্যৱসায়িক সম্পৰ্ক সন্দৰ্ভত উদ্বেগসমূহ খাৰিজ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ জড়িত থকাৰ কথা অস্বীকাৰ কৰি কয় যে, “পৰিয়ালৰ ব্যৱসায়ৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। মই গুচি গ‘লোঁ।”
মানৱ অধিকাৰ আৰু জামাল খাশ্বোগীৰ হত্যাৰ অমীমাংসিত গোচৰৰ ওপৰত প্ৰশ্ন অব্যাহত থকাৰ পাছতো ক্ৰাউন প্ৰিন্সৰ এই ভ্ৰমণে প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক দুয়োটা ক্ষেত্ৰতে আমেৰিকা-ছৌদি আৰৱৰ সম্পৰ্ক গভীৰ কৰি তুলিছে।





