• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশক এতিয়া লকডাউনৰ পৰা বচাব লাগিব, এয়া শেষ অস্ত্ৰ হোৱা উচিত; আৰু কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 8:34 am
pmmodi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে সকলোৱে পুনৰ লকডাউন হ’ব পাৰে বুলি শংকিত হৈ পৰিছিল।

কিন্তু প্ৰধানমন্ত্ৰীয়ে দিয়া তেওঁৰ ১৯ মিনিটৰ ভাষণত স্পষ্ট কৰি দিলে যে দেশ লকডাউনৰ দিশে আগবঢ়া নাই।

Apply Now

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পৰিৱৰ্তে সৰু সৰু কন্টেইনমেন্ট জ’ন, কৰ’না বিধি পালনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সেইদৰে, ৰাজ্যসমূহক কৰ’না প্ৰতিৰোধৰ অন্তিম উপায় হিচাপেহে লকডাউন ব্যৱহাৰ কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশে আজি বৃহৎ যুঁজ দিছে। কৰ’নাৰ দ্বিতীয় ঢৌত দেশবাসীয়ে যি যন্ত্ৰণাৰ মাজেৰে আগবাঢ়িছে তাত পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে মই আপোনালোকৰ সৈতে আছো।

চিকিৎসক, আৰক্ষী, চাফাইকৰ্মীসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে নিজৰ পৰিয়ালৰ কথা নাভাৱি যিদৰে সমাজৰ বাবে কাম কৰিছে সেয়া প্ৰশংসনীয়।

বিগত কেইদিনত যি সিদ্ধান্ত লোৱা হৈছে তথা পদক্ষেপ গ্ৰহণ কৰা হৈছে সিয়ে ক্ষিপ্ৰতাৰে পৰিস্থিতিৰ উন্নতি কৰিব বুলি কয় মোদীয়ে। এইবাৰ দেশত অক্সিজেন চাহিদা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ইয়াৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে কাম কৰিছে বুলি জানিব দিয়ে প্ৰধানমন্ত্ৰীয়ে।

কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাত দৰৱ কোম্পানীসমূহে উৎপাদনৰ পৰিমান বৃদ্ধি কৰিছে। চলিত বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ তুলনাত উৎপাদন বৃদ্ধি কৰা হৈছে। সেইদৰে হাস্পাতলসমূহত বিছনাৰ সংখ্যাও বৃদ্ধি কৰাৰ কাম চলি আছে। কেইবাটাও স্থানত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত তাত বৃহৎ আকাৰৰ কৰ’না হাস্পাতাল নিৰ্মাণ কৰা হৈছে।

টীকাকৰণৰ আৰম্ভণিৰ পৰাই সকো শ্ৰেণীৰ লোকক টীকা দিয়াৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী ভাষণত কয় যে পূৰ্বৰ দৰেই চৰকাৰী হাস্পাতলসমূহত বিনামূলীয়াকৈ ভেকচিন পোৱা যাব। অৰ্থনৈতিক গতিবিধি তথা জীৱন-জীৱিকাৰ ওপৰত যাতে অতি কম প্ৰভাৱ পৰে তাৰ চেষ্টা কৰা হৈছে। তাৰ বাবেই দেশৰ কৰ্মশক্তিক যিমান দ্ৰুতভাৱে পাৰি টীকাকৰণ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনায় যে শ্ৰমিকসকল য’ত আছে তাতেই থকাৰ বাবে আশ্বস্ত কৰক। তেওঁলোকক তাতেই ভেকচিন প্ৰদান কৰা হ’ব আৰু তাতেই কাম কৰিব পাৰিব।

দেশবাসীক কৰ’নাৰ বিৰুদ্ধে যুঁজত কৃতিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰৰ তুলনাত এইবাৰৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক।

সংকটৰ সময়ত দেশবাসীক আগবাঢ়ি আহিবলৈ আহ্বান জনাই যাৰ প্ৰয়োজন তেওঁলোকক সহায় কৰিবলৈকো আবেদন জনায়। তদুপৰি, যুৱ প্ৰজন্মক নিজৰ নিজৰ অল্চলত সৰু সমিতি গঠন কৰি কৰ’নাৰ সুৰক্ষা বিধি মানি চলাৰ শিক্ষা দিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সেয়ে হ’লে লকডাউনতো দূৰৰে কথা, কন্টেইনমেন্ট জ’ন, কাৰ্ফিউৰো প্ৰয়োজন নহ’ব।

প্ৰধানমন্ত্ৰীয়ে লগতে কনিষ্ঠ নাগৰিকসকলক অনুৰোধ জনাই কয় যে ঘৰত এনে নিয়ম আৰম্ভ কৰক যাতে তেওঁলোকে প্ৰয়োজন নহ’লে একেবাৰে ঘৰৰ পৰা বাহিৰলৈ নোলায়। এনে অৱস্থাত দেশক লকডাউনৰ পৰা বচাব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd