• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সমবায়ত ব্যাপক ‘দুৰ্নীতি’, পঞ্জীয়কৰ বাৰম্বাৰ নিৰ্দেশৰ পিছতো হোৱা নাই তদন্ত

সমগ্ৰ বিষয়টোৰ তদন্ত চলোৱাৰ বাবে ৰাজ্যৰ সমবায় মন্ত্ৰীক দাবী জনাইছে দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসমে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 16, 2018 8:02 pm
পঞ্জীয়কৰ পত্ৰ

পঞ্জীয়কৰ পত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চৰকাৰৰ পঞ্জীয়নভুক্ত ৯,৪৫৫খন সমবায় সমিতিৰ অধিকাংশই বিত্তীয় অনিয়ম সংঘটিত কৰি থকা বুলি দাবী কৰি দুৰ্নীতিবিৰোধী যুৱশক্তি, অসমে সমগ্ৰ বিষয়টোৰ তদন্ত চলোৱাৰ বাবে ৰাজ্যৰ সমবায় মন্ত্ৰীক দাবী জনাইছে।

গুৱাহাটীৰ জনশক্তি সমবায় সমিতি নামৰ সমবায়খনৰ বিৰুদ্ধে ৰাজ্যৰ সমবায় পঞ্জীয়কে তদন্ত কৰাৰ বাবে কামৰূপ মহানগৰ উপায়ুক্তক কেইবাবাৰো নিৰ্দেশ দিয়াৰ পিছতো বিষয়টোৰ এতিয়ালৈকে তদন্ত নকৰাৰ অভিযোগ তুলি এই দাবী কৰিছে সংগঠনটোৰ কামৰূপ মহানগৰ সমিতিৰ সভাপতি ইছমাইল হুছেইনে।

Apply Now

‘২০১৭ চনৰ ১৩ জুলাইত পঞ্জীয়ক আৰ কে মজুমদাৰে জিলা উপায়ুক্তক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে নিৰ্দেশ দিছিল। কিন্তু ৰহস্যজনকভাৱে জনশক্তি সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে আজিপৰ্যন্ত কোনো ধৰণৰ তদন্ত নহ’ল। আনকি ইয়াৰ পৰৱৰ্তী সময়তো ২০১৮ চনৰ ২৬ ফেব্ৰুৱাৰি আৰু ৩১ জুলাইতো এই সন্দৰ্ভত জিলা উপায়ুক্তলৈ পঞ্জীয়কে পত্ৰ প্ৰেৰণ কৰিছে,’ সংবাদমেলত দাবী সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ইছমাইল হুছেইনৰ।

হুছেইনে লগতে কয়, ‘আৰ টি আই কৰি পোৱা তথ্য মতে সমিতিখনৰ ‘Balance Sheet’ত ২০১৫-১৬ বৰ্ষত ৭৭,৮৩০.০০ টকা আয়কৰ পৰিশোধ কৰা বুলি উল্লেখ আছে। কিন্তু এই সন্দৰ্ভত আয়কৰ বিভাগৰ পৰা আৰ টি আই যোগে তথ্য জানিব বিচৰাত জনশক্তি সমবায় সমিতি লিমিটেডে সেই সময়ছোৱাত কোনোধৰণৰ আয়কৰ আদায় দিয়াৰ তথ্য নাই বুলিহে জানিবলৈ দিয়ে।’

একেখন ‘Balance Sheet’তে ‘সমবায় সমিতিখনে জমি বিক্ৰীৰ অনুমতিৰ সন্দৰ্ভত ১লাখ ৪১হাজাৰ ২০০ টকা খৰচ’ দেখুওৱা বুলি উল্লেখ কৰি হুছেইনে কয়, ‘সমিতিখনৰ দাবীৰ বিপৰীতে দিচপুৰ ৰাজহ চক্ৰ বিষয়াই আৰ টি আইৰ উত্তৰত এই তথ্য কাৰ্যালয়ত নাই বুলিহে তথ্য দিছে।’

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে এই দুৰ্নীতিত সমবায় বিভাগৰ বিষয়া জৰিত থকা বাবেই তদন্ত নোহোৱাৰো সন্দেহ প্ৰকাশ কৰিছে।

‘সমবায় বিভাগৰ একাংশ বিষয়াও এই দুৰ্নীতিত জড়িত থাকিব পাৰে। পঞ্জীয়কৰ নিৰ্দেশ সত্বেও কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই বিষয়টোৰ তদন্ত নকৰাটোৱে চৰকাৰৰ তথা প্রশাসনৰ ভূমিকাক লৈও সন্দেহৰ সৃষ্টি কৰিছে,’ সংবাদমেলত মন্তব্য গগৈৰ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd