• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি কথা! আৰু মাত্ৰ ২০ বছৰ পাছত নিশাৰ আকাশত দেখা নাযাব হেনো তৰা; কি কয় বিজ্ঞানীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 2:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিশাৰ আকাশ মানেই ৰহস্য আৰু ৰোমাঞ্চৰ উৎস। সেই তাহানিৰ পৰাই মানুহে নিশাৰ আকাশখনক লৈয়েই কল্পনাৰ জগত এখন সৃষ্টি কৰি আহিছে। কেৱল কল্পনাই নহয়, আকাশৰ তৰা বা তৰাবোৰে নাৱিকসকলক পথ প্ৰদৰ্শনো কৰিছিল। কিন্তু আৰু মাত্ৰ ২০ বছৰৰ পাছত নিশাৰ আকাশৰ পৰা সকলো তৰা-নক্ষত্ৰ অন্তৰ্ধান হৈ যাব। নিশাৰ আকাশত আৰু একোৱে দেখা নাযাব।

পিচে,কাহিনী নহয়, বিজ্ঞানীসকলে এনে আশংকাৰ কথা কৈছে। নিশাৰ আকাশখন প্ৰদূষণেৰে আৱৰি ধৰিব আৰু তৰাবোৰ দেখাৰ ক্ষমতাই নিঃশেষ হৈ যাব। তৰাবোৰ প্ৰদূষণৰ সিপাৰত থাকিব আৰু আমি ইয়াত থাকিম। যাৰ অৰ্থ হ’ল ভৱিষ্যত প্ৰজন্মই আৰু তৰাৰ পৰা খহি পৰা উল্কাপিণ্ড দেখাৰ দৰে আনন্দ নাপাব।

লগতে পঢ়ক: পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া? সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি

Apply Now

এগৰাকী ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানীয়ে শেহতীয়া এক সাক্ষাৎকাৰত জনাইছে যে কিছু বছৰ ধৰি পোহৰ প্ৰদূষণৰ অৱস্থা অধিক বেয়া হৈ আহিছে। ২০১৬ চনত বিজ্ঞানীসকলে জানিবলৈ দিছিল যে পৃথিৱীৰ এক তৃতীয়াংশ লোকে আৰু আকাশীগংগা বা মিল্কিওৱে দেখা নাপাব।

তেওঁ লগতে কৈছে যে পোহৰ নিৰ্গত কৰা লাইট এমিটিং ডাইঅ’ড বা এল ই ডি আৰু অন্যান্য ধৰণৰ পোহৰৰ ব্যৱহাৰ বৃদ্ধিয়ে নাটকীয়ভাৱে নিশাৰ আকাশৰ নিজস্ব উজ্জ্বলতা কাঢ়ি লৈ ​​গৈছে। বিপৰীতে নকল পোহৰেৰে নিশাৰ আকাশখন ভৰাই তুলিছে।

বিজ্ঞানীগৰাকীয়ে লগতে কয়, ‘নিশাৰ আকাশ আমাৰ পৰিবেশৰ অংশ। আমাৰ পৰৱৰ্তী প্ৰজন্মই যদি নিশাৰ আকাশখন দেখা নাপায়, তেতিয়াহ’লে তেওঁলোকৰ বাবে এক বৃহৎ বঞ্চনা হ’ব। এইটো ঠিক তেনেকুৱা ঘটনাই হ’ব যিটো আজিৰ যিসকল যুৱক-যুৱতীয়ে কেতিয়াও চৰাইৰ বাহ দেখা নাই।’ তেওঁ লগতে এই বিষয়টোত এতিয়াৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন বুলি উনুকিয়াই দিছে।

লগতে পঢ়ক: পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

জাৰ্মান চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ ক্রিষ্টোফাৰ কিবাৰ মতে, এটি শিশুৱে এতিয়া পৃথিৱীত জন্ম লোৱা যিকোনো ঠাইৰ পৰা নিশাৰ আকাশত ২৫০ টা তৰা দেখা পাব পাৰে। কিন্তু সেই শিশুটিৰ বয়স যেতিয়া ১৮ বছৰ হ’ব, তেতিয়া তেওঁৰ চকুৰ পৰা ১৫০ টা তৰা নোহোৱা হৈ যাব। অৰ্থাৎ তেওঁৰ মাত্ৰ ১০০ টা তৰাহে দৃষ্টিগোচৰ হ’ব। কিবাই লগতে কৈছে যে কেইবছৰমান আগলৈকে মানুহে প্ৰায়ে মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পাৰিছিল। কিন্তু এতিয়া ই এক বিৰল ঘটনাত পৰিণত হৈছে।

কিন্তু জাৰ্মান বিজ্ঞানীগৰাকীয়ে নিশাৰ আকাশখন যাতে হেৰাই নাযায় তাৰ বাবে কিছু পৰামৰ্শও দিছে। তেওঁ পোহৰৰ মুখখন সদায় তললৈ কৰি ৰাখিবলৈ কৈছে। পোহৰৰ উজ্জ্বলতা হ্ৰাস কৰিবলৈও কৈছে। পাতল ৰং বিশেষকৈ বগা ৰঙৰ পোহৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে যদি এই পদক্ষেপসমূহ গ্ৰহণ কৰা হয় তেন্তে তৰাবোৰ হেৰাই নাযাব।

আনহাতে, লণ্ডনৰ ইউনিভাৰ্চিটিৰ অধ্যাপক ৰবাৰ্ট ফছবেৰীয়ে দাবী কৰে যে এই ক্ষতি এল ই ডি পোহৰৰ ফলত হয়, LED পোহৰৰ লগত অভ্যস্ত হৈ পৰাটো অতি ক্ষতিকাৰক। তেওঁ কয় যে এল ই ডিৰ নীলা পোহৰে আমাৰ শৰীৰৰ ক্ষতিও কৰে। তেওঁৰ মতে ইয়াৰ নীলা পোহৰে তেজৰ চেনিৰ মাত্ৰাত ব্যাঘাত জন্মায়। মেলোটনিন উৎপাদন বৃদ্ধি কৰে।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

গৱেষকসকলে লগতে লক্ষ্য কৰিছে যে পোহৰ প্ৰদূষণে চন্দ্ৰৰ পোহৰৰ দ্বাৰা পৰিচালিত সাগৰীয় কচ্ছপ আৰু পৰিভ্ৰমী চৰাইক বিভ্ৰান্ত কৰে। তদুপৰি, তেওঁলোকে কয় যে আন্ধাৰ নিশাটোৱে মানুহৰ বাবে অপৰাধ আৰু অন্যান্য বিপদজনক পৰিস্থিতিৰ বাবেও আৱৰণ প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd